সমাগত লোকসভা নিৰ্বাচন


দেশৰ
লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে দেশৰ প্ৰতিটো ৰাজনৈতিক দল টঙালি বান্ধি সাজু হৈছে । এই নিৰ্বাচন ২০১৪ৰ নিৰ্বাচনৰ তুলনাত সম্পূৰ্ণ পৃথক হব, তাত কোনো সন্দেহ নাই। ৰাজনৈতিক-অৰ্থনৈতিক-সামাজিক-শিক্ষা-স্বাস্থ্য আদি সকলো ক্ষেত্ৰতে পৰিৱৰ্তনৰ সপোন দেখুৱাই শাসনৰ বাঘজৰী গ্ৰহণ কৰা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বাবে এই নিৰ্বাচন অতি জটিল হব, সেয়া স্পষ্ট হৈ পৰিছে । বিৰোধী দলসমূহে মহাজোঁটৰ যি আদৰ্শহীন আশ্ৰয় লৈছে- তাতো দেশৰ জনসাধাৰণে কিমান বিশ্বাসত লব সেয়াও সন্দেহৰ আৱৰ্তত। উন্নয়ন পৰিকল্পনা-নীতি-আদৰ্শ আদি সকলো জলাঞ্জলি দি কেৱল বিজেপি আৰু মোডীৰ বিৰুদ্ধে একগোট হোৱাটো বিশ্বাসহীন। ইয়াৰ পৰা এই কথাও কব পৰা নাযায় যে, বিজেপি দলে এই নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হব। মুঠৰ ওপৰত ২০১৯ৰ ৰাজনৈতিক চিত্ৰখন সম্পূৰ্ণ ধূসৰ ।
                                     অসমতো এই নিৰ্বাচন বিজেপিৰ বাবে অত্যন্ত জটিল হব বুলি অনুমান কৰিব পৰা যায়। যিহেতু কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁলোকে শাসনলৈ আহিলে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব। গতিকে ইয়াৰ প্ৰভাৱ এই নিৰ্বাচনত স্বাভাৱিকতে পৰিব। নিৰ্বাচনী বছৰটোৰ প্ৰথমভাগতে বিধেয়কবিৰোধী যি জনজাগৰণ অসমত গঢ়ি উঠিছিল, তাৰপৰা এইটো অনুমান কৰিব পৰা যায় যে, এই নিৰ্বাচনত বিজেপি অতি সংকটজনক পৰিস্থিতিৰ সন্মুখীন হব লাগিব। ৰাজ্যখনৰ একাংশ সমষ্টিত কংগ্ৰেছ, অগপ, এআইইউডিএফ-ৰ উত্থান নুই কৰিব নোৱাৰি। মুঠৰ ওপৰত কব পাৰি যে দেশৰ লগতে অসমতো নিৰ্বাচনী জয়ৰ ছবিখন সম্পূৰ্ণ ধূসৰ।

Comments