অধ্যয়নশীলতা

"Reading is Important. If you know how to read, then the whole World opens up to you"- আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি বৰাক ওবামাৰ এই উক্তিত হৃদয়াংগম কৰিব পাৰি অধ্যয়নৰ গভীৰ তাৎপৰ্য। গ্ৰন্থ অধ্যয়ন মানৱ সভ্যতা উত্তৰণৰ সবাতোকৈ গুৰুত্বপূৰ্ণ আহিলা। অধ্যয়নৰ জৰিয়তে লাভ কৰা জ্ঞানেৰে পৃথিৱীৰ প্ৰাকৃতিক-সামাজিক- অৰ্থনৈতিক-ৰাজনৈতিক-বৈজ্ঞানিক প্ৰতিটো দিশৰ অভূতপূৰ্ব পৰিৱৰ্তন সাধন কৰিব পাৰি। কিন্তু প্ৰশ্ন হয়- বৰ্তমানৰ নতুন প্ৰজন্মই কিমান সময় জ্ঞান আহৰণত দিব পাৰিছে। অৰ্থাৎ পাঠ্যপুথিৰ বাদেও অনান্য গল্প-উপন্যাস, চিন্তাশীল ৰচনা, প্ৰবন্ধ, আত্মজীৱনী আদি কিমান পঢ়ে? যিহেতু অধ্যয়নেই হৈছে সফলতাৰ মূলমন্ত্ৰ, গতিকে অধ্যয়নক এৰাই চলাটো কিমান যুক্তিসংগত? গ্ৰন্থ অধ্যয়নে মানুহক এক বিদ্বান ব্যক্তিত্ব, গভীৰ চিন্তাশক্তি আৰু এক সু-সংহত জীৱন প্ৰদান কৰে। এইবাবেই বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থৰ মনোৰম জগতখনত প্ৰৱেশ কৰি অধ্যয়ন সুধা পান কৰা উচিত। কিন্তু এটা কথা সকলোৱে স্বীকাৰ কৰিব যে, বৰ্তমানৰ পৰিৱৰ্তনশীল পৃথিৱীখনত অধ্যয়নৰ শৈলী তথা বিষয়বস্তুও সলনি হৈছে। বৰ্তমান ই-বুক, অডিঅ বুক আদিৰ দৰে ডিজিটেল গ্ৰন্থৰ প্ৰসাৰ ঘটিছে, যাৰ বাবে ছপা গ্ৰন্থৰ জগতখনলৈ কিছু প্ৰত্যাহ্বান আহিছে। সেইদৰে পাঠকৰ আধুনিক ৰুচিৰ পৰিৱৰ্তন হোৱাৰ লগে লগে গ্ৰন্থৰ বিষয়বস্তুও সলনি হৈছে।  
২০১৬ চনত প্ৰকাশ পোৱা NOP World Culture Score নামৰ এক সমীক্ষা প্ৰকাশ কৰিছিল। এই সমীক্ষাত বিশ্বৰ প্ৰতিখন দেশৰ গ্ৰন্থ অধ্যয়নৰ গড় সময় গণনা কৰা হৈছিল। সমীক্ষা অনুসৰি এজন ব্যক্তিয়ে এটা সপ্তাহত গড়ে ১০.৪২ ঘণ্টা গ্ৰন্থ অধ্যয়ন কৰে। ইয়াৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন ব্যক্তিয়ে ৫.৪২ ঘণ্টা, ৰাছিয়াৰ ৭.০৬ ঘণ্টা, ফ্ৰান্সৰ ৬.৫৪ ঘণ্টা, জাপানৰ ৪.০৬ ঘণ্টা গড় হিচাপত অধ্যয়ন কৰে। সুখৰ খবৰ যে, এই সমীক্ষাত ভাৰতে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰাচীন কালৰে পৰাই ভাৰতে জ্ঞানচৰ্চাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰি আহিছে।
কিন্তু সমগ্ৰ বিশ্বতে বৰ্তমান অধ্যয়নৰ এক উপযুক্ত পৰিৱেশ লোপ পাবলৈ ধৰিছে। ইয়াৰ মূলতে হ'ল প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰ। যাৰ ফলত মানুহৰ মাজত অতি আধুনিক আৰু যান্ত্ৰিক মানসিকতা গঢ় লৈ উঠিছে। বিশেষকৈ ইণ্টাৰনেটৰ দ্ৰুত বিস্তাৰে সুস্থ অধ্যয়নশীল পৰিৱেশ এটা গঢ়ি উঠাত বাধাৰ সৃষ্টি হৈছে। বৰ্তমান মানুহে ইণ্টাৰনেটত অধিক সময় অতিবাহিত কৰিছে, দৃশ্য়-শ্ৰাব্য মাধ্যমৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। ই এখন সভ্য তথা সাংস্কৃতিৱান সমাজ এখনৰ বাবে অত্যন্ত চিন্তনীয় বিষয়। অধ্যয়ন চৰ্চাৰ অবিহনে সমাজ এখনত সুস্থ বৌদ্ধিক পৰিৱেশ গঢ় লৈ উঠিব নোৱৰে। যাৰ ফলত দৈনন্দিন জীৱনত উদ্ভৱ হৈ থকা নিত্য-নতুন সমস্যাসমূহৰ কোনো সমাধান নোলাব। সেয়েহে আবাল-বৃদ্ধ-বণিতা সকলোৱে মিলি গ্ৰন্থ অধ্যয়নৰ এক সুস্থ পৰিৱেশ গঢ়ি তোলাত যত্ন কৰিব লাগে। এই প্ৰচেষ্টাৰ যোগেদি অনাগত প্ৰজন্মই এক সুস্থ বৌদ্ধিক পৃথিৱী লাভ কৰিবলৈ সামৰ্থ্যৱান হ'ব।

Comments