মহাসমুদ্ৰৰ সিপাৰেঃ এক ৰোমাঞ্চকৰ যাত্ৰা

                                


            অসমীয়া সাহিত্য জগতৰ এক প্ৰসিদ্ধ নাম- ৰথীন্দ্ৰনাথ গোস্বামী। বিশিষ্ট ভূতত্ত্ববিদগৰাকীয়ে সৃষ্টিশীল শিশু সাহিত্য, বিজ্ঞান সাহিত্য, কল্পবিজ্ঞান আৰু ভ্ৰমণ সাহিত্য আদিৰ জৰিয়তে অসমৰ পাঠকৰ হৃদয় স্পৰ্শ কৰি ৰাখিবলৈ সক্ষম হৈছে। অসমীয়া সাহিত্যত ৰথীন্দ্ৰনাথ গোস্বামীদেৱৰ ভ্ৰমণ কাহিনীসমূহৰ এক উচ্চ স্থান আছে। তেওঁৰ ভ্ৰমণ কাহিনীসমূহত মনোৰম তথা সাৱলীল বৰ্ণনা আৰু ভাষাৰ ওজস্বিতাৰ প্ৰতিফলন ঘটা দেখা যায়। হয়তো ইয়াৰ বাবেই তেখেতৰ লেখা পাঠকৰ অতি আপোন।  তেওঁৰ এনে এখন বহুলভাৱে সমাদৃত ভ্ৰমণ কাহিনী হৈছে 'মহাসমুদ্ৰৰ সিপাৰে'। লেখকে আমেৰিকা ভ্ৰমণসূচীৰ কথাবোৰ মনোমোহা ভাষাত এই উপন্যাসোপম ভ্ৰমণ কাহিনীখনত বৰ্ণনা কৰা হৈছে। ৰথীন্দ্ৰনাথ গোস্বামীদেৱৰ মহাসমুদ্ৰৰ সিপাৰৰ কাহিনীবোৰ পোন-প্ৰথমে সম্ভ্ৰান্ত সাহিত্য আলোচনী 'প্ৰান্তিক'ত (১৯৯৭-৯৮) ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। পিছলৈ এই কাহিনীবোৰে ১৯৯৭ চনত গ্ৰন্থৰ ৰূপ লাভ কৰে। ইয়াৰ প্ৰায় দুবছৰ পিছত ১৯৯৯ চনত অসম সাহিত্য সভাই 'মহাসমুদ্ৰৰ সিপাৰে' গ্ৰন্থখনক 'হেম বৰুৱা সোঁৱৰণী বঁটা'ৰে বিভূষিত কৰে। 'মহাসমুদ্ৰৰ সিপাৰে' পঢ়া প্ৰতিজন পাঠকে এবাৰলৈও নিশ্চিতভাৱে অনুভৱ কৰিব যে, এনে এখন মৰ্মস্পৰ্শী ভ্ৰমণ কাহিনী সমগ্ৰ অসমীয়া সাহিত্যতে অদ্বিতীয়। 

             ১৯৯৫ চনত লেখক ৰথীন্দ্ৰনাথ গোস্বামী Rotary International Study Exchange Programmeৰ জৰিয়তে মুঠ পাঁচজন সদস্যৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল। এই ভ্ৰমণসূচীৰ মূল বৈশিষ্ট্য আছিল- প্ৰতিজন সদস্যই হোটেল তথা অতিথিশালাৰ পৰিৱৰ্তে একোটা আমেৰিকান পৰিয়ালৰ সৈতে থাকি আমেৰিকাৰ ঐতিহাসিক-ৰাজনৈতিক-সামাজিক-সাংস্কৃতিক-শৈক্ষিক আদি বিভিন্ন দিশ অধ্যয়ন কৰিব লাগিব। বুকুত কেইবাটাও প্ৰশ্ন আৰু তীব্ৰ উৎকণ্ঠা আৰু জিজ্ঞাসা লৈ লেখক ভৰি দিছিল আমেৰিকাৰ ভূমিত। আমেৰিকাৰ জীৱনশৈলীৰে একাত্ম হৈ লেখকে ভ্ৰমণ কৰিছিল দেশখনৰ কেইবাখনো বিশ্ব প্ৰসিদ্ধ ঐতিহাসিক স্থান। আমেৰিকান নাগৰিকৰ জীৱনশৈলীৰ বহু গুৰুত্বপূৰ্ণ দিশ যেনে- তেওঁলোকৰ আচাৰ-আচৰণ, সাজ-পোছাক, খাদ্যাভ্যাস, কাৰ্যপ্ৰণালী আদি সুন্দৰ ৰূপত বৰ্ণনা কৰিছে। ইয়াৰোপৰি '৯০ৰ দশকতেই ৰাষ্ট্ৰখনে বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰখনত লাভ কৰা অগ্ৰগতিৰ বিভিন্ন দিশ গ্ৰন্থখনৰ প্ৰতিটো অধ্যায়তে প্ৰকাশ পাইছে। বেংক ব্যৱস্থাৰ পৰা আৰম্ভ কৰি শিক্ষা ব্যৱস্থালৈ, শেষকৃত্য কৰা পদ্ধতিৰ পৰা সামাজিক ব্যৱস্থালৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামগ্ৰিক চিত্ৰখন 'মহাসমুদ্ৰ সিপাৰে'-ত ফুঁটি উঠিছে। ২৯টা অধ্য়ায়ৰ প্ৰতিটো শাৰীতেই পৰাক্ৰমী ৰাষ্ট্ৰখনৰ প্ৰতিটো দিশৰ সাৱলীল বৰ্ণনা। 

             কিতাপখন পঢ়োঁতে আমাৰ অনুভৱ হৈছিল ৰ'টাৰী অধ্যয়ন বিনিময় কাৰ্যসূচীত আমিহে যেন আমেৰিকা ভ্ৰমণৰ বাবে গৈছিলোঁ। পেট, এন, শশী, মেৰিলিন, খ্ৰিছ, লিণ্ডা, চিভন- এই প্ৰতিগৰাকী আমেৰিকান যেন আমাৰহে আপোন হৈ পৰিছিল। ট্ৰেনটন মহানগৰীৰ সন্মানীয় নাগৰিকত্ব লাভ কৰি লেখকৰ অভূতপূৰ্ব আনন্দত আমিও যেন আগভাগ লৈছিলোঁ। মুঠৰ ওপৰত এজন অনুসন্ধিৎসু পাঠকৰ আমেৰিকা সম্বন্ধে এই গ্ৰন্থখনে সকলো তৃষ্ণা  নিবাৰণ কৰিব পাৰে। এনে এখন ভ্ৰমণ কাহিনীয়ে প্ৰতিজন পাঠকৰ হৃদয় জিনিব পাৰে। তদুপৰি, 'মহাসমুদ্ৰ সিপাৰে' অসমীয়া সাহিত্যলৈ এক মূল্যৱান বৰঙণি।   বিদায়বেলাৰ শেষ বাক্য- ''মহাসমুদ্ৰৰ নীলিম জলৰাশিৰ সিপাৰে এক অচিন দিগন্তৰ মনোৰম যাত্ৰাৰ শেষত আৰম্ভ কৰিছোঁ এক নতুন যাত্ৰা।''

বিশিষ্ট ভূতত্ত্ববিদ তথা লেখক ৰথীন্দ্ৰনাথ গোস্বামী

সংযোজনঃ বিশিষ্ট ভূতত্ত্ববিদ তথা লেখক ৰথীন্দ্ৰনাথ গোস্বামী ছাৰৰ সৈতে আমাৰ চিনাকি ২০১৮চনৰ পৰা । 'মহাসমুদ্ৰৰ সিপাৰে'- গ্ৰন্থখন পঢ়ি তেখেতলৈ এখন সৰু চিঠি প্ৰেৰণ কৰিছিলোঁ । তেখেতৰ মন্তব্য- 'অতিশয় আনন্দিত হ'লো তোমাৰ মন্তব্য জানিবলৈ পাই। তুমি অনুভৱবোৰ সুন্দৰকৈ বৰ্ণনা কৰিছা। তোমাক আন্তৰিক ধন্যবাদ জনালোঁ।'


Comments