ভাৰতীয় জনমানসৰ স্বপ্নভংগ

 

 


২০১৪
চনৰ দেশৰ সাধাৰণ নিৰ্বাচনে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক বাতাৱৰণত আমূল পৰিৱৰ্তনৰ সূচনা কৰিছিল। দহবছৰীয়া কংগ্ৰেছৰ শাসন ওফৰাই কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে সবল সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছিল। ভাৰতীয় জনতা পাৰ্টীৰ এই অভূতপূৰ্ব বিজয়ৰ আঁৰত গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চলা দুৰ্ভেদ্য প্ৰচাৰ অভিযান আৰু বিজেপিয়ে প্ৰদান কৰা অভিলেখসংখ্যক প্ৰতিশ্ৰুতিয়ে দুৰ্নীতি-অনিয়ম-সন্ত্ৰাসবাদকে ধৰি এশ এবুৰি সমস্যাই হতাশ কৰি তোলা ভাৰতীয় জণগনক বিকাশৰ এক নতুন সূৰুযৰ স্বপ্ন দেখুৱাইছিল। দলটোৰ প্ৰচাৰ আৰু ৰণনীতিত ভোটাৰ ৰাইজ বাৰুকৈয়ে প্ৰভাৱিত হল আৰু পৰিৱৰ্তনৰ স্বপ্নৰে বিজেপিক অভিলেখ্য হাৰত বিজয় প্ৰদান কৰিলে। ২০১৪ চনৰ নিৰ্বাচনৰ পিছত ২০১৯ চনত সকলো অভিলেখ ভংগ কৰি একক বলেৰে ৩০০ আসন দখল কৰি দ্বিতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰে।

পোনতে দেশৰ বিকাশৰ বাবে মোডী নেতৃত্বাধীন বিজপি চৰকাৰখনে বিভিন্ন দিশৰ পৰা প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হয়। দেশত আন্তঃগাঁথনি, শিক্ষা, কৃষি, মহিলা সবলীকৰণ, প্ৰতিৰক্ষা ইত্যাদি প্ৰতিটো ক্ষেত্ৰতে বিকাশৰ নতুন ধাৰা বোৱাই অনাৰ কথা প্ৰচাৰ চলোৱা হয় চৰকাৰ পক্ষৰ পৰা। ইয়াৰ লগতে দেশৰ সুৰক্ষাৰ বাবে সন্ত্ৰাসবাদ নিৰ্মূলৰ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰে চৰকাৰখনে কিন্তু তাৰ মাজতে ২০১৪ চনত পাঠানকোঠত, ২০১৬ চনত উৰিত, ২০১৯ত পুলৱামাত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়। ২০২৪ত পুনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হয় আৰু এই নিৰ্বাচনত ২০১৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে বিজেপিক জনগণে আংশিকভাৱে প্ৰত্যাখান কৰা পৰিলক্ষিত হৈ পৰে। বিজপিয়ে ২৪০ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতাৰ পৰা বঞ্চিত হয় আৰু সহযোগী দলৰ সৈতে মিত্ৰতা স্থাপন কৰি চৰকাৰ গঠন কৰে। ইয়াৰ ঠিক এবছৰ পিছত, ২০২৫ চনত জম্মু-কাশ্মীৰৰ পেহেলগামত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণত কেইবাগৰাকীও নিৰীহ ভাৰতীয়ই প্ৰাণ হেৰুৱাবলগীয়া হয়। চৰকাৰখনে এই আটাইকেইটা আক্ৰমণৰ ক্ষেত্ৰত নিজৰ দোষ স্বীকাৰ কৰাৰ সলনি সেনা অভিযানতহে বিশেষ গুৰুত্ব প্ৰদান কৰে। আনকি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সেনাৰ শ্বহীদসকলৰ নামত নিৰ্বাচনী প্ৰচাৰ অভিযানত ভোটভিক্ষাৰ দৰে নিৰ্লজ্জ কামত অৱতীৰ্ণ হৈ পৰে।

২০১৪ চনৰ নিৰ্বাচনৰ পিছৰে পৰা ভাৰতবৰ্ষৰ সমগ্ৰ ৰাজনৈতিক,সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰখনত এক বিশেষ আদৰ্শৰ বিশেষ দমনীয় প্ৰভাৱ পৰিলক্ষিত হৈছে। এই প্ৰভাৱ পোনপটীয়াকৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনৈতিক আদৰ্শৰ সৈতে সংপৃক্ত। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, ভাৰতীয় জনসংঘৰ গোঢ়া হিন্দুত্ববাদী দৰ্শনৰ প্ৰভাৱান্বিত মানসপুত্ৰ হৈছে ভাৰতীয় জনতা পাৰ্টী। সেয়েহে দেশৰ সাংস্কৃতিক, ৰাজনৈতিক, সামাজিক পৰিৱেশত হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ বহল বিস্তাৰ স্বাভাৱিক। কিন্তু প্ৰশ্ন হল এই হিন্দু ৰাষ্ট্ৰীয়তাবাদ পাঁচ হেজাৰ পুৰণি ভাৰতীয় সভ্যতা আৰু ঔপনিৱেশিক শাসনযন্ত্ৰৰ পৰা স্বাধীনতাৰ বাবে গঢ়ি উঠা ভাৰতীয় জাতীয় চেতনাৰ অনুকূল নে প্ৰতিকূল। নোৱেল বঁটা বিজয়ী স্বনামধন্য অৰ্থনীতিবিদ অমৰ্ত্য সেনে হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ ধাৰণাক সমালোচনা কৰি ইয়াৰ প্ৰভুত্বই ভাৰতৰ প্ৰকৃত অস্তিত্ব আৰু পৰিচয়ক বিপদত পেলাব বুলি উল্লেখ কৰিছে। সেনে তেওঁৰ বহু সমাদৃত গ্ৰন্থ ‘The Argumentative Indian’ ত ভাৰতীয় সভ্যতাত প্ৰাচীন কালৰে পৰা চিৰ প্ৰৱাহমান হৈ থকা তৰ্ক, বৌদ্ধিক বাদানুবাদ, হিন্দু, বৌদ্ধ, জৈন, ইছলাম, নাস্তিক, অজ্ঞেয়বাদসকলৰ সমন্বয়ৰ কথা বহলভাৱে দাঙি ধৰিছে। হিন্দুত্ববাদী সংকীৰ্ণ চিন্তা-চেতনাই এই সমন্বয়ক বিনষ্ট কৰি অহাত অৰিহণা যোগাই আহিছে। এইখিনিতে এটা কথা স্পষ্টভাৱে উল্লেখ কৰাটো অতি আৱশ্যক। হিন্দু আৰু হিন্দুত্ব একে নহয়। হিন্দুত্ব সম্পূৰ্ণ ৰাজনৈতিক মতাদৰ্শ। ইয়াৰ বিকাশ ১৯ শতিকাৰ শেষৰফালে হয়। বিনায়ক দামোদৰ ছাৰভৰকাৰ হিন্দুত্ববাদৰ মূল প্ৰচাৰক আছিল। আনহাতে হিন্দু হৈছে ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মূল আধাৰ, যি অতি প্ৰাচীন সময়ৰ পৰা ভাৰত ভূমিত চিৰ প্ৰৱাহিত হৈ আহিছে সকলোৰে মাজত সমন্বয় স্থাপন কৰি।

২০১৪ চনৰ পৰা হিন্দুত্ববাদৰ দমনীয় বিস্তাৰে ভাৰতীয় সংবিধানৰ ন্যায়, স্বাধীনতা, ধৰ্ম নিৰপেক্ষতা, সমতা ইত্যাদি মূল চেতনা সমূহত বাৰম্বাৰ আঘাত সনা পৰিলক্ষিত হৈছে। ৰাজনৈতিক শক্তিসমূহে ধৰ্মীয় বিশ্বাসৰ নামত সমাজখনক বিভেদ কৰি এক বিষময় বাতাৱৰণ নিৰ্মাণৰ চেষ্টা চলাই আছে। শিক্ষা ব্যৱস্থা, ইতিহাস, গণতান্ত্ৰিক অনুষ্ঠান সকলোতে এই আদৰ্শই বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। গণতন্ত্ৰৰ চতুৰ্থস্তম্ভ হিচাপে স্বীকৃতি অৰ্জন কৰা দেশৰ মূলসূঁতিৰ সংবাদ মাধ্যমসমূহ সম্পূৰ্ণৰূপত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছে। স্বাধীন লেখক, বুদ্ধিজীৱী, সাহিত্যিক, সাংবাদিক, কলা-কুলী, বিজ্ঞানীসকলে চৰকাৰৰ নীতিক সমালোচনা কৰিলে দেশদ্ৰোহৰ অভিযোগ স্থাপন কৰাৰ এক অপসংস্কৃতি দেশখনত বিৰাজ কৰিছে। মত প্ৰকাশৰ স্বাধীনতাক হিন্দুত্ববাদী শক্তিসমূহে সবলভাৱে দমন কৰিছে। সেয়েহে প্ৰেছৰ স্বাধীনতা সূচাংকত ভাৰতীয় সংবাদ মাধ্যমৰ সূচাংক ১৮০ খন দেশৰ ভিতৰত ১৫৭ খনলৈ নিম্নগামী হৈছে। স্বাধীন নাগৰিকৰ গণতান্ত্ৰিক চিন্তা-চেতনাক দমন কৰাৰ প্ৰতিফলন এয়াই। ২০১৪ চনত ভাৰতীয়ই দেখা স্বপ্ন বাৰটা বছৰতে ভংগ হৈ পৰিল। স্বাধীনতা সংগ্ৰামত তিলমাত্ৰেও অৰিহণা নথকা সংগঠনসমূহে বৰ্তমান দেশৰ সামাজিক,সাংস্কৃতিক, ৰাজনৈতিক পৰিৱেশত নিজৰ মতাদৰ্শ জাপি দিয়াৰ অহৰহ প্ৰচেষ্টা চলাই আছে। এই প্ৰচেষ্টা ভাৰতীয় গণতান্ত্ৰিক প্ৰমূল্যবোধৰ বাবে সংকটজনক।

Comments