নৈখনৰ সিটো মূৰে খনিকৰপুৰ। বিনয়পুৰ আৰু খনিকৰপুৰৰ সীমা নিৰ্ধাৰণ কৰে এই নৈখনেই। নৈৰ পাৰৰ বালিচৰৰ এই নিৰ্জন পৰিৱেশত বহি প্ৰৱাহমান নৈক হেঁপাহ পলুৱাই অনুভৱ কৰিব পাৰি। কাষৰ শিলচটাতে বহি ময়ো বোঁৱতী সোঁতবোৰলৈয়ে দৃষ্টি নিক্ষেপ কৰি আছিলোঁ। মাঘৰ বেলিয়ে অস্ত আকাশৰ ফালে আগবাঢ়িছে, আলসুৱা মেঘবোৰত এক হেঙুলীয়া ৰহণ সানি। সন্ধ্যা হ’বলৈ এতিয়াও বহু পৰ আছে। প্ৰকৃতিৰ সান্নিধ্যৰ এনে নিৰ্জন পৰিৱেশে মানুহৰ মন-মগজুত বহু বিচিত্ৰ চিন্তাৰ উদ্ৰেক ঘটায়। মনৰ নিভৃত কোণৰ পৰা ভাঁহি আহে কত অপ্ৰকাশ্যে কথাৰ জোৱাৰ। কিন্তু প্ৰকৃতিৰ ৰম্যতাত মগ্ন হৈ পৰা মনটোৰ আনন্দ নিমিষতে যতি পৰিছিল অন্য কিছুমান বাস্তৱমুখী চিন্তাৰ আগমনে। যৌৱনৰ ভৰ দুপৰীয়া-তেইছ বছৰীয়া যুৱক এজনৰ মনত কিনো চিন্তাই ইমান ব্যাকুল কৰিব পাৰে- হয়তো বহুতে অনেকধৰণে বিষয়টো বিশ্লেষণ কৰিব। কিন্তু ব্যক্তিৰ চিন্তাৰ পৰিধিৰ ব্যাপকতাই হয়তো এক সুস্থিৰ সিদ্ধান্তৰে বাস্তৱবাদী মনোধাৰণাৰ সহায়েৰে এক সঠিক সিদ্ধান্তত উপনীত হোৱাটো নিতান্তই সহয়। দৰ্শনৰ কথাবোৰ বুজিব নোৱাৰিলে যিমান সহয়, বুজিব পাৰিলে সিমানেই সহজ আৰু বাস্তৱমুখী জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত।
জীৱনৰ এক অগতানুগতিক ক্ষণত তেওঁ আহিছিল আৰু জীৱনৰ পৃষ্ঠাবোৰ ৰঙীন কৰি তুলিছিল। জীয়াই থকাৰ অৰ্থক দিছিল এক নতুন সংজ্ঞা। দিনবোৰ সজীৱ কৰি তুলিছিল, ঠিক মৰহি পৰা ফুলজোপাক পানী অকণমান দিলে যিদৰে হৈ পৰে জাতিষ্কাৰ। কিন্তু কালক্ৰমত তেওঁ গুচিও গৈছিল অজ্ঞাতে। প্ৰাৰম্ভিক অৱস্থাত অসহনীয় আছিল এই বিচ্ছেদ। জীৱনৰ অৰ্থও যেন লোপ পাইছিল। মানসিক অৱস্থাও হৈ পৰিছিল দিকহাৰা। এক প্ৰচণ্ড আঘাতে মনটোক শিলৰ দৰে কঠোৰ কৰি তুলিছিল। আৱেগ-অনুভূতি সকলো নষ্ট হৈ বিষাদৰ নৈত একাকাৰ হৈ গৈছিলোঁ মই। জীৱনৰ ৰঙীন দিনবোৰ ৰোমন্থন কৰিবলৈ সাহ হেৰুৱাই পেলাইছিলোঁ। এক অচিন, দুৰাৰোগ্য অৱস্থাৰ দিশে ধাৱমান হৈ জীয়াই থকাৰ মানসিক উদ্দেশ্য বিচাৰিবলৈ যাত্ৰা কৰিলোঁ সৰ্বস্ব ত্যাগ কৰি। সময়ৰ পাঠে বহুখিনি শিকালে। সেই পাঠবোৰ গ্ৰহণ কৰিয়েই এতিয়া আগবাঢ়িছোঁ। অতীতৰ শিক্ষাক সৰোগত কৰি এক লক্ষ্যবিহীন যাত্ৰাৰ পথিক হৈ।
প্ৰেম-যৌৱনৰ মধুৰ কবিতাবোৰে প্ৰাণচঞ্চল মনবোৰক যিদৰে উন্মাদ কৰি তোলে, ঠিক সেইদৰে বিচ্ছেদৰ গল্পবোৰেও বাস্তৱ জীৱনৰ সত্যতাক প্ৰতিফলিত কৰে। জীৱনৰ সম্পৰ্কবোৰ সদায় অপ্ৰত্যাশিত। কেতিয়ালৈ সেই সম্পৰ্ক বৰ্তি থাকে সেয়া একমাত্ৰ ব্যক্তি বিশেষৰ মনঃস্তাত্বিক দিশৰ ওপৰত নিৰ্ভৰ কৰে। স্কুল-কলেজ অথবা কৰ্মসংস্থাপন অথবা জীৱনৰ যিকোনো পৰিস্থিতিত গঢ় লৈ উঠা সম্পৰ্কবোৰক বিশ্লেষণ কৰিলেই এই কথা স্পষ্ট হৈ পৰে। যি নহওঁক এনেবোৰ অলেখ বেবেৰিবাং চিন্তাৰ জগতখনত বুৰ গৈ থাকোঁতে বেলিও মাৰ গ’ল, ঠাইখনো এন্ধাৰ হ’বলৈ ধৰিলে। দিনটো চৰিবলৈ ওলাই গৰু-ছাগলী, চৰাই-চিৰিকটি সকলো ঘৰমুৱা হৈছে। সৌৱা সিটো মূৰত হালোৱা ল’ৰাকেইটাই গৰুবোৰ ঘৰলৈ নিছে। সময়বোৰ সঁচাকৈয়ে সোনকালেই আগবাঢ়িছে- মাথোঁ এৰি গৈছে বিবিধ ঘটনা-প্ৰৱাহৰ মচিব নোৱাৰা চাপ।

Comments
Post a Comment