ভাৰতীয় লেখকৰ দুৰৱস্থা
মূল (ইংৰাজী)- আৰ. কে নাৰায়ণ
অসমীয়া অনুবাদ- প্ৰশান্ত বাৰ্মা
ভাৰতত সকলো ধৰণৰ কাল্পনিক সাহিত্যৰ উৎপত্তি মূলতঃ দহ হাজাৰ বছৰ পুৰণি মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ পৰা হৈছে। এজন লেখকে এই মহাকাব্যসমূহৰ পৰা একোটা ঘটনা অথবা এটা চৰিত্ৰ গ্ৰহণ কৰি নতুন সৃষ্টিৰ কৌশল ৰচনা কৰিছিল, একেদৰে যেনে শ্বেক্সপীয়েৰে Holinshedৰ 'Chronicles' বা Plutarchৰ 'Lives'ৰ পৰা কৌশল গ্ৰহণ কৰি নাটক ৰচিছিল। বিশ্বৰ এখন অমৰ সাহিত্যকৃতি হিচাপে স্বীকৃত কালিদাসৰ 'শকুন্তলা' (৫ম শতিকা) মহাভাৰতৰ এটা ঘটনাৰ ওপৰত আধাৰিত। এনে ধৰণৰ ৰচনাৰ উপৰিও প্ৰাচীন সময়ৰ বহুতো লেখকে ৰামায়ণ বা মহাভাৰতক নিজৰ ধাৰণা অনুসৰি পুনৰ লিখিবলৈ জীৱন উৎসৰ্গা কৰিছিল। তুলসীদাসে ৰামায়ণ হিন্দীত লিখিছিল, কম্বনে তামিলত আৰু কুমাৰব্যাসে মহাভাৰতক কন্নড় ভাষাত লিখিছিল। এই সকলো লেখকৰ জীৱনৰ একমাত্ৰ লক্ষ্য আছিল মহাকাব্য ৰচনাৰ এই সৰ্বোৎকৃষ্ট কাৰ্য সুকলমে সমাধা— তেওঁলোকে শুকান তালপাতত ঘণ্টাৰ পাছত ঘণ্টা, দিনৰ পাছত দিন, বছৰৰ পাছত বছৰ ধৰি অতি কষ্টসাধ্য কৰি লিখি যোৱাৰ পাছতহে এখন কিতাপ সম্পূৰ্ণ হৈছিল। কোনো সাহিত্যকৃতি ৰচনাৰ সফল সমাপ্তিক সমূহীয়া উৎসৱ তথা আনন্দ উদযাপনৰ সৈতে স্মৰণ কৰা হৈছিল। প্ৰাচীন সময়ৰ এই লেখকসকলৰ জীৱনত অৰ্থনৈতিক বা বাণিজ্যিক চিন্তাৰ কোনো স্থান নাছিল। যি অলপ প্ৰয়োজন আছিল সেয়া ৰাজকীয় পৃষ্ঠপোষকতা বা জনসাধাৰণৰ দান-উপহাৰৰ জৰিয়তে পূৰণ হৈছিল। এই সাহিত্য ৰচনাসমূহ মন্দিৰৰ সভা-গৃহত বা গছৰ ছাঁত বহি জনসাধাৰণক পঢ়ি শুনোৱা হৈছিল। পুৰুষ, মহিলা আৰু শিশু সকলোৱে উৎসাহ আৰু ভক্তিৰ সৈতে এই পাঠ শুনিছিল। এটা সাহিত্য ৰচনা প্ৰকাশিত কপিৰ সংখ্যাৰ পৰিৱৰ্তে পাঠক আৰু শ্ৰোতাৰ স্মৃতিৰ ভিতৰত জীয়াই থাকিছিল আৰু মুখে মুখে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ প্ৰৱাহিত হৈ গৈছিল।
ইতিহাসৰ পৰিৱৰ্তনৰ লগে লগে এই পৰম্পৰাবোৰো সলনি হ’ল। ইতিহাসৰ এই বহুতো উত্থান-পতনৰ পৃষ্ঠা এৰি এতিয়া আমি ঔপনিৱেশিক শাসনৰ সময়লৈ আহোঁ। ইংৰাজী ভাষাই এটা নতুন সাহিত্যধাৰা সৃষ্টি কৰাই নহয়, বৰঞ্চ অনুবাদৰ যোগেদি বিশ্ব সাহিত্যৰ এটা নতুন ধাৰাৰ জন্ম দিয়ে। সময়ৰ লগে লগে সাহিত্যৰ নতুন শাখা যেনে উপন্যাস আৰু চুটিগল্পৰ উদয় হ’ল, যিয়ে সাহিত্যিকসকলক নতুন সৃষ্টিশীল পথ দেখুওৱাৰ লগতে এক নতুন সামাজিক সচেতনতাৰ সৃষ্টি কৰিলে। আমাৰ প্ৰাৰম্ভিক গল্পসমূহ এহাতে অসম্ভৱ প্রেমৰ কল্পনা, নাটকীয়তা আৰু দুঃসাহসিকতাৰে ভৰা আছিল, আনহাতে সমাজৰ কু-সংস্কাৰসমূহ যেনে বাল্যবিবাহ, যৌতুক, সতী প্ৰথা আৰু জাতিভেদৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। এই সময়ছোৱাৰ বহুতো বাস্তৱধর্মী উপন্যাস মূলতে সেই সময়ৰ সামাজিক গোড়ামিৰ ওপৰত প্ৰচণ্ড আঘাত সানিছিল। যদিও এইবোৰ উপদেশমূলক আছিল, তথাপিও সেইবোৰত এখন সৃজনশীল মৌলিকতা আছিলড়আৰু বহুতো ভিক্টোৰিয়ান যুগৰ প্ৰাৰম্ভিক কিতাপ উপন্যাস বা গল্প হিচাপে বৰ্তমান পঠনযোগ্য যদিও গল্পবোৰত কৰা সামাজিক সমালোচনা বৰ্তমান অপ্রাসংগিক হৈ পৰিছে।
সেই সময়ছোৱা আৰু বৰ্তমান সময়ৰ মাজত যি মধ্যৱৰ্তী সময় আছিল যিটো সময়ত লেখকে লিখিব পৰা সকলো বস্তু অৱশ্যম্ভাবীভাৱে ৰাজনৈতিক হৈ পৰিছিল। এটা সময় আহিল যেতিয়া সমগ্ৰ ৰাষ্ট্ৰৰ শক্তি বিদেশী শাসনৰ পৰা দেশক মুক্ত কৰাৰ দিশে কেন্দ্ৰীভূত হৈছিল। এই গভীৰ দায়িত্ব আৰু ব্যস্ততাৰ সময়ত হাস্যৰ মনোভাৱ, পৰিৱেশৰ প্ৰতি সংবেদনশীলতা, মনঃস্তাত্ত্বিক দিশৰ অনুসন্ধান, ব্যক্তি আত্মাৰ সংকট তথা ইয়াৰ সমাধান আৰু তাতোকৈ জৰুৰী-বিষয়বস্তুৰ এক নিৰপেক্ষ পৰ্যবেক্ষণ, যিবোৰ একোটা সৃষ্টিশীল কাহিনীৰ মুখ্য উপাদান- এই সকলোবোৰ পিছলৈ ঠেহ খাই গ'ল। সেই সময় সাহিত্য যেন কাহিনী কথনৰ বাবে নহয় বৰঞ্চ বাক্-বিতণ্ডা আৰু প্ৰচাৰমূলক লেখনিৰ বাবে বেছি উপযুক্ত সময় আছিল।
১৯৪৭ চনত স্বাধীনতা লাভৰ পিছত এই চাপ হ্ৰাস পাইছে। এতিয়া এজন লেখকে নিজৰ চকুৰ সন্মুখত সংঘটিত হোৱা ডাঙৰ ঘটনাবোৰৰ পৰা বিষয়বস্তু বাছনি কৰি ল’ব পাৰে। প্ৰত্যেক লেখকে এতিয়া আশা কৰে যে তেওঁ নিজৰ উপন্যাস আৰু গল্পসমূহৰ জৰিয়তে সেই জনগণৰ জীৱনধাৰা প্ৰকাশ কৰিব যাৰ মানসিকতা আৰু সামাজিক পটভূমি তেওঁৰ আটাইতকৈ পৰিচিত। তেওঁ আশা কৰে যে, এইবোৰ কাহিনীয়ে কেৱল তেওঁৰ নিজৰ অঞ্চলতেই সীমাবদ্ধ হৈ থকা পৰিৱৰ্তে এটা বৃহৎ পাঠকৰ মাজতো প্ৰভাৱ পেলাব।
উপন্যাসতকৈ চুটিগল্প ভাৰতীয় কাহিনী লেখকসকলৰ আটাইতকৈ প্ৰিয় মাধ্যম হৈ পৰিছে, কাৰণ মোৰ মতে,
(১) চুটি গল্প হৈছে ভাৰতত উপলব্ধ বহুমুখী উপাদানৰ বাবে আটাইতকৈ উপযুক্ত মাধ্যম,
(২) চুটি গল্প লিখিবলৈ সময় কম লাগে।
এজন লেখকৰ বাবে এখন উপন্যাস সম্পূৰ্ণ কৰিবলৈ তেতিয়া তেওঁক অন্ততঃ এটা বছৰ পৰিশ্ৰম কৰিব লাগিব। এই পৰিশ্ৰম শ্ৰম সৰহ সংখ্যক লেখকে কৰিব নোৱাৰে, কাৰণ তেওঁলোকে লিখাৰ অভ্যাসটোক এক আংশিক পেছা হিচাপে গ্ৰহণ কৰে যিহেতু জীৱিকা অৰ্জনৰ বাবে পৃথক কাম এটা কৰিবই লাগে। লেখা-মেলা এতিয়াও পূৰ্ণ-সময়ৰ পেছা হিচাপে স্বীকৃত নহয়। এই ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে প্ৰয়োজন এটা সঠিক আৰু সু-সংগঠিত প্ৰকাশন ব্যৱস্থা। এই আলোচনা আগবঢ়োৱাৰ আগতে, মই আন এটা গুৰুত্বপূর্ণ দিশ উল্লেখ কৰিব লাগিব সেয়া হৈছে ভাষাৰ সমস্যা। ভাৰতৰ বিভিন্ন প্ৰান্তত বৰ্তমান ১৫টাকৈ মূল ভাষাত লেখকসকলে সাহিত্য চৰ্চা কৰি আছে- ইয়াৰ দ্বাৰা এই সমস্যাৰ জটিলতা অনুধাৱন কৰিব পাৰি। প্ৰতিজন লেখকে তেওঁৰ আঞ্চলিক ভাষা, ৰাষ্ট্ৰীয় ভাষা হিন্দী, শাস্ত্রীয় ভাষা সংস্কৃত (যাক সাধাৰণতে ‘মৃত ভাষা’ বুলি কোৱা হয়, কিন্তু সেয়া সেইদৰে মৃত নহয়, যিদৰে পৰ্বত মৰা বুলি ক'লেও সজীৱ থাকে) আৰু তাৰোপৰি ইংৰাজী ভাষা-যি প্ৰায় অপৰিহাৰ্য হৈ পৰিছে, এই সকলো কথা মনত ৰাখি লিখিব লাগে। কিছুমান আঞ্চলিক ভাষা কেৱল সীমিত অঞ্চলতহে বুজা হয় আৰু এখন কিতাপ ক্ষেত্ৰত মাত্ৰ কেই হাজাৰ (বা কেই শ) পাঠকেহে গ্ৰহণ কৰে। সমগ্ৰ দেশজুৰি বিক্ৰী হোৱা গ্ৰন্থৰ আধাৰতহে লেখক এজনে জীৱিকা নিৰ্বাহ কৰিব পাৰে। এই কথা বিবেচনা কৰোঁতে, লিখনৰ মূল ভাষা যিয়েই নহওঁক, বৰ্তমান সময়ৰ তৎকালীন প্ৰয়োজন হৈছে — এটা সবল সাংগঠনিক ব্যৱস্থা, এক প্ৰকাৰৰ সাহিত্যিক "clearing-house" আৰু অনুবাদ সেৱা, যিয়ে এজন লেখকক ৰাষ্ট্ৰীয় পৰ্যায়ত পাঠকৰ আগত উপস্থাপন কৰিব পাৰিব। বৰ্তমান অৱস্থাত ভাৰতত সাধাৰণ অৰ্থত কোনো ৰাষ্ট্ৰীয় প্ৰকাশন ব্যৱস্থা নাই। বহুতো প্ৰকাশন প্ৰতিষ্ঠান আছে, কিন্তু সেইবোৰ মাত্ৰ পাঠ্যপুথি প্ৰস্তুতকৰণতহে ব্যস্ত। কাৰণ কেৱল এই ব্যৱস্থাইহে এখন পুথি প্ৰকাশকৰ (আৰু লগতে লেখকৰো) বাবে পাঁচ সংখ্যাৰ বিক্ৰী নিশ্চিত কৰিব পাৰে। ইয়াৰ বিপৰীত দিশটোও স্বীকাৰ কৰিব লাগিব- পাঠকৰ বাবেও সকলো কুশল নহয়। পুথি ক্ৰয়ৰ ক্ষেত্ৰত এজন পাঠকৰ উদাসীনতা সর্বত্রে দৃষ্টিগোচৰ হয়, যিয়ে লেখকৰ মনোবল হ্ৰাস কৰে।
Rupa Publicationsয়ে প্ৰকাশ কৰা মূল লেখকৰ 'The very best of RK Narayan- Timeless Malgudi'ত সন্নিৱিষ্ট "The Problem of the Indian Writer"ৰ আংশিক অসমীয়া অনুবাদ। (ৰচনাকাল- ১৯৮৯)
Comments
Post a Comment