কাঞ্চনৰ দেশত এক নতুন অধ্যায়...



        "It is said that before entering the sea

a river trembles with fear."

     সন্মুখত বিশাল সমুদ্ৰ। এটা নতুন জীৱনৰ আৰম্ভণি। বুকুত কিছু শংকা, কিছু ভয়। মনত হেজাৰটা প্ৰশ্ন। তেনে এক সংশয় লৈয়েই নৈখন আগবাঢ়িছে। মাজে মাজে উভতি চাইছে- এৰি অহা দীঘল বাটবোৰ। নাই এতিয়া আৰু উভতিব নোৱাৰি। নতুন অধ্যায়ৰ পাতনি মেলিবই লাগিব, সময়ৰ সেয়াই আহ্বান। ২৮ জুলাই, ২০২৪। প্ৰখ্যাত কবি খালিল জিব্ৰানৰ 'Fear' কবিতাটি সেইনিশা বাৰুকৈয়ে মনত পৰিছিল। পিছদিনা পুৱাৰ পৰা জীৱন নামৰ কিতাপখনত এটা নতুন অধ্যায়ৰ পাতনি আৰু এটা নতুন ঠিকনা। 

জীৱনৰ উচ্চ শিক্ষাৰ বাটত এখোজ আগবাঢ়ি স্নাতকোত্তৰ শিক্ষা জীৱনৰ পাতনি মেলাৰ দিশে ২৮ জুলাইৰ মাজনিশা তিনিচুকীয়াৰ পৰা তেজপুৰৰ নপামস্থিত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় অভিমুখে আগবাঢ়িলোঁ। পুৱা ঐতিহাসিক কলিয়াভোমোৰা সেতু অতিক্ৰম কৰিয়েই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনৰ উজ্জ্বল নক্ষত্ৰ তেজপুৰ বিশ্ববিদ্যালয় প্ৰাংগণ পালোঁ। এক বিশাল কেম্পাছ। প্ৰাকৃতিক সৌন্দৰ্যৰ সমান্তৰালকৈ বিশ্ববিদ্যালয়খনৰ অদ্বিতীয় আন্তঃগাথঁনি আৰু শৃংখলাবদ্ধতাই সমগ্ৰ পৰিৱেশ অতি মনোমোহা কৰি ৰাখিছে। সিদিনা বৰষুণ পৰিছিল। বৰষুণৰ স্পৰ্শত সেউজ চৌহদটো বেছি সেউজীয়া হৈ জিলিকিছিল। অৱশ্যে তেতিয়া কাঞ্চন ফুলা নাছিল। বিভাগে-বিভাগে নতুন নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ভিৰ পৰিলক্ষিত হৈছিল। যথা সময়ত আমি গণসংযোগ আৰু সাংবাদিকতা বিভাগলৈ গৈ নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলোঁ। হোষ্টেলৰো নামভৰ্তি সম্পূৰ্ণ হ'ল। সমগ্ৰ বিশ্ববিদ্যালয়ৰ ভিতৰতে গণসংযোগ বিভাগৰ ভৱনটোৰ এক সুকীয়া আকৰ্ষণ আছে। চৌহদটোও সেউজ আৰু মনোমোহা। ভৱনটোৰ সন্মুখতে নটসূৰ্য ফণী শৰ্মাৰ প্ৰতিমূৰ্ত্তি। হোষ্টেলত থকাৰ অভিজ্ঞতা ইয়াৰ পূৰ্বে মোৰ নাছিল, কিন্তু প্ৰস্তুত হৈ আহিছিলোঁ। ঘৰৰ বাহিৰত থাকি শিক্ষা গ্ৰহণৰ অভিজ্ঞতাও এয়াই প্ৰথম। হোষ্টেলত সকলো ঠিক কৰি দেউতা দাদাহঁত গ'লগৈ। সিদিনাৰ পৰাই মোৰ নতুন ঠিকনা- তেজপুৰ বিশ্ববিদ্যালয়ৰ Transit Men's Hostel (Block-C)ৰ কোঠা C-10। 

এইখিনিতে অতীতৰ এটা অংশলৈ উভতি যাব খোজো। ২০১৮ চন। দশম শ্ৰেণীত আছিলোঁ তেতিয়া। আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে বিদ্যালয়ত এক বিশেষ বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। সেই প্ৰতিযোগিতাত মই দ্বিতীয় স্থান লাভ কৰিছিলোঁ। সেই প্ৰতিযোগিতাৰ পুৰস্কাৰ গ্ৰহণ কৰিছিলোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচাৰ্য ডঃ মদন শৰ্মা ছাৰৰ পৰা। ডঃ শৰ্মা ছাৰ আমাৰ বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সভাপতি। গতিকে সৰুৰে পৰা তেখেতৰ সান্নিধ্যই তেজপুৰ বিশ্ববিদ্যালয়ৰ সৈতে আমাৰ এক বিশেষ সম্পৰ্ক গঢ়ি উঠিছিল। একেটা বছৰৰ নৱেম্বৰত আমি দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে তেজপুৰলৈ শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে আহিছিলোঁ। তেজপুৰৰ মুখ্য পৰ্যটনস্থলীসমূহ পৰিভ্ৰমণ কৰি আবেলি আমি আহিছিলোঁ তেজপুৰ বিশ্ববিদ্যালয়লৈ। এই ভ্ৰমণে বিশ্ববিদ্যালয়খনৰ প্ৰতি থকা মোৰ আকৰ্ষণ দুগুণে বৃদ্ধি কৰিছিল। দৃঢ়তাৰে সিদ্ধান্ত লৈছিলোঁ ভৱিষ্যতে এই বিশ্ববিদ্যালয়তে অধ্যয়ন কৰাৰ।


    ১ আগষ্টত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপে প্ৰথমটো শ্ৰেণীত অংশ ল'লো। স্নাতক ডিগ্ৰী লাভ কৰাৰ ঠিক ৩৭ দিন পিছত স্নাতকোত্তৰ শিক্ষা জীৱনৰ এয়া প্ৰথমটো শ্ৰেণী। বিশ্ববিদ্যালয়ৰ সেউজ পৰিৱেশটোৱে মনত বিশেষভাৱে প্ৰশান্তিৰ ভাৱ কঢ়িয়াই আনে। পুৰণি শিক্ষাৰ্থীসকলৰ দৰে আমাৰো এমিনিটি, এছেন্ছিয়েল, SoE শৈক্ষিক, আৰ্থ-সামাজিক, ৰাজনৈতিক কলা-সাহিত্য, আৰু সাংস্কৃতিক আড্ডাৰ ঠিকনা হৈ পৰিল। চেণ্ট্ৰেল লাইব্ৰেৰী, নিৰিবিলি, কমিউনিটি হ'ল বিবিধ কথা আলোচনাৰ বিশেষ স্থান। নিজ বিভাগৰ লগতে প্ৰায় প্ৰতিটো বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বন্ধুত্বও গঢ়িলোঁ। মুঠৰ ওপৰত অসমীয়া সাংস্কৃতিক ঐতিহ্যৰ প্ৰাণকেন্দ্ৰস্বৰূপ তেজপুৰৰ বুকুত অৱস্থিত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশৰ সৈতে সোনকালেই একাত্ম হৈ গ'লো। বিশ্ববিদ্যালয়ো মোক যেন চেনেহৰে আকোঁৱালি ল'লে! স্নাতকোত্তৰ শিক্ষা জীৱনৰ আগন্তুক দুটা বছৰ যেন যোগাত্মক ফলদায়ক হওঁক, তাৰে আশাৰে-

"The river needs to take the risk

of entering the ocean

because only then will fear disappear,

because that's where the river will know

it's not about disappearing into the ocean,

but of becoming the ocean."

Comments