(১)
১৯ ছেপ্টেম্বৰৰ দুপৰীয়া ছিংগাপুৰৰ পৰা অহা অনাকাংক্ষিত খবৰটোৰ পৰা অসমবাসীয়ে হৃদয়ত যি আঘাত লাভ কৰিলে, সেয়া আজিও যেন প্ৰশমিত কৰিব পৰা নাই। চৌদিশে কেৱল এক মহাশূন্যতা। স্তব্ধ মন-প্ৰাণ। দৈনন্দিন জীৱনবোৰ গতানুগতিকভাৱেই আগবাঢ়ি গৈছে যদিও ক’ৰবাত হঠাৎ যেন এক অপ্ৰকাশ্য বেদনাই মনটো নিদাৰুণ কৰি তোলে। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যু অসমীয়া সমাজ-জীৱন-সংস্কৃতিৰ বাবে এক অপূৰণীয় ক্ষতি, যিটো ক্ষতি অনাগত পাঁচটা দশকলৈ হয়তো পূৰণ নহয়। জ্যোতি-বিষ্ণুয়ে খোপনি পোঁতা আধুনিক অসমীয়া সাহিত্য তথা সংগীত জগতৰ ৰূপান্তৰৰ যাত্ৰাৰ শেষৰজন শ্ৰেষ্ঠ প্ৰতিনিধি হিচাপে অসমৰ বুকুত ব্ৰহ্মপুত্ৰ বৈ থকালৈকো জুবিনদা আমাৰ মাজত সদায় জীয়াই থাকিব- নিজৰ অনৱদ্য, অদ্বিতীয় সৃষ্টিৰ মাজেৰে। অসমীয়া সাংস্কৃতিক জগতখনৰ এগৰাকী অবিসম্বাদী সম্ৰাট হিচাপেই নহয় মানৱদৰদী, জনহিতৈষী এজন শিল্পী হিচাপে তেওঁ চিৰদিন জীয়াই থাকিব। যোৱা ২৮ ছেপ্টেম্বৰত ‘নিয়মীয়া বাৰ্তা’ কাকতত শিল্পীগৰাকীৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাই আমাৰ অনুভৱ ব্যক্ত কৰিবলৈ যত্ন কৰিছোঁ। ইতিমধ্যে জুবিন গাৰ্গৰ অপ্ৰত্যাশিত মৃত্যুৰ প্ৰায় ডেৰটা মাহ অতিক্ৰম হৈছে, এই ডেৰটা মাহৰ প্ৰতিটো ক্ষণতেই অসমীয়াই অনুভৱ কৰিছে এক অবুজ ক্ষোভ। এই ক্ষোভ ন্যায় পোৱাৰ আশাত। কি পৰিস্থিতিৰ সন্মুখীন হৈ শিল্পীগৰাকী মৃত্যুমুখত পৰিবল’গীয়া হল, সংগীবৃন্দই কিয় জুবিনৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰিলে আৰু শিল্পীগৰাকীৰ মৃত্যু স্বাভাৱিক মৃত্যু নে পৰিকল্পনাৰ পৰিণতি- ইত্যাদি ইত্যাদি এশ এবুৰি প্ৰশ্নই অসমীয়াক অধীৰ কৰি আছে। অসম আৰক্ষীৰ উচ্চ পৰ্যায়ৰ কমিটিয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে যদিও তাৰ মাজতে জুবিনৰ মৃত্যুক লৈ শাসক-বিৰোধীৰ মাজত এক নিন্দনীয় ৰাজনীতিয়ে সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰকৃততে জুবিনৰ মৃত্যুৰ ন্যায়ক লৈ সকলো ৰাজনৈতিক পক্ষই একপ্ৰকাৰ স্বাৰ্থসিদ্ধিৰ দুৱাৰহে মুকলি কৰিছে। অসমী আইৰ সুযোগ্য প্ৰতিভাৱান সন্তানগৰাকীৰ আকস্মিক মৃত্যুৰ বেদনা মাৰ নাযাওঁতেই ৰাজনৈতিক দলসমূহৰ এই কাণ্ডই জুবিনৰ আদৰ্শ আৰু সত্ত্বাক ক্ষমাহীনভাৱে অপমানিত কৰা যেন বোধ হৈছে। অহেতুক ৰাজনীতি বন্ধ কৰি শাসকপক্ষই স্বচ্ছ আৰু নিকা ন্যায় প্ৰক্ৰিয়াত গুৰুত্ব দিয়াটো প্ৰয়োজন নহ’লে অসমীয়াৰ মনৰ ক্ষোভ আৰু বেদনাই এক নেতিবাচক ৰূপ লোৱাৰ দিশে আগবাঢ়িব।
(২)
২১ ছেপ্টেম্বৰ আবেলি। তেজপুৰ বিশ্ববিদ্যালয়। শিল্পীগৰাকীৰ মৃত্যুৰ দুটা দিন হৈছে। সমগ্ৰ ৰাজ্যত এক অভূতপূৰ্ব শোককুল পৰিৱেশ। বিগত দুটা দিনত বিশ্ববিদ্যালয় কতৃপৰ্ক্ষই নিজাববীয়াকৈ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা প্ৰদানত চৰম অনীহা প্ৰদৰ্শন কৰিলে। কৰ্তৃপক্ষই ঘোষণা কৰিলে ২২ ছেপ্টেম্বৰ (সোমবাৰে) নিয়মীয়াভাৱেই শ্ৰেণী অনুষ্ঠিত হ’ব। ক্ষোভ আৰু বেদনাত ভাগি পৰা শিক্ষাৰ্থীৰ ধৈৰ্যৰ বান্ধোন সিদিনা যেন ভাগি থাকিল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ স্বৈচ্ছাচাৰিতাৰ বিৰুদ্ধে ওলাই আহিল শিক্ষাৰ্থী সমাজ। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ত্ৰিশ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ছাত্ৰ সমাজ একত্ৰিত হৈ প্ৰশাসনৰ বিৰুদ্ধে ওলাই আহিল শিক্ষাৰ্থী সমাজ। প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সাহস তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ইয়াৰ পূৰ্বে চিন্তাও কৰা নাছিল। বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজৰ ৰাজনৈতিক স্থিতি কেনেকুৱা- সেয়া প্ৰতিজন শিক্ষাৰ্থীয়ে ভালদৰে জানে। কিজৰে প্ৰশাসনিক আৰু শৈক্ষিক ভৱিষ্যতৰ শংকা দেখুৱাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ শক্তিক দমন কৰে সেয়া শিক্ষাৰ্থীসকলে জানে। সিদিনা যেন কোনো ভয় নাই, কোনো শংকা নাই। কাৰণ শিক্ষাৰ্থীসকলৰ সাহস হিচাপে থিয় দিছে স্বয়ং জুবিনদাই। অৱশেষত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থীৰ প্ৰতিবাদত সেও মানি জুবিন গাৰ্গক যথাযোগ্য সন্মান প্ৰদৰ্শন কৰে যদিও এই প্ৰতিবাদে বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজৰ ৰাজনৈতিক সচেনতাৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিলে বুলি উল্লেখ কৰিব লাগিব। কিয়নো এই সুযোগতে বছৰ-বছৰ ধৰি প্ৰশাসনিক-শৈক্ষিক দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে একেলগে ওলাই আহিল বিশ্ববিদ্যালয়খনৰ শিক্ষক-শিক্ষাৰ্থী তথা কৰ্মচাৰী সমাজ। উপাচাৰ্য প্ৰমুখ্যে প্ৰশাসনৰ কেইজনমান উচ্চপদস্থ বিষববীয়াৰ নেতৃত্বত বিগত কেইবাবছৰ ধৰি চলা দুৰ্নীতিৰ তথ্য স্পষ্ট হ’ল। সকলোৱে নিৰ্ভয়ে নিজৰ মতামত ৰাখিব পৰা এক সুস্থ পৰিৱেশৰ সৃষ্টি হ’ল। সকলোৱে সিদ্ধান্ত ল’লে যিবোৰ কাৰকে বিশ্ববিদ্যালয়খনৰ গৰিমাত আঘাত সানিছে, সেই সকলোবোৰক চিনাক্ত কৰি উৰ্ধ্ধতম কৰ্তৃপক্ষই উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত এই আন্দোলন অব্যাহত থাকিব। এইখিনিতে বৰ্তমানৰ উপাচাৰ্যৰ ব্যৰ্থতাৰ কথা উল্লেখ কৰিবই লাগিব। ঐতিহাসিক অসম চুক্তিৰ আধাৰত নিৰ্মিত হোৱা কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য এজনে অসমীয়াৰ আৱেগ-অনুভূতিক নূন্যতম সন্মান প্ৰদৰ্শন কৰিব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনক কথা। ইয়াৰোপৰি তেওঁৰ অদক্ষ প্ৰশাসনিক নেতৃত্বৰ কথা উল্লেখ নকৰিলোৱেই। কিয়নো তেওঁ দায়িত্ব গ্ৰহণ কৰাৰে পৰা আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিশ্ববিদ্যায়খনৰ সৰ্বভাৰতীয় স্থান শোচনীয়ভাৱে অৱনমিত হৈছে। দুৰ্নীতি-অনিয়ম কৰাৰ ক্ষেত্ৰত উপাচাৰ্যজনৰ বিশেষ দক্ষতা- পূৰ্বে পাটনা বিশ্ববিদ্যালয়ৰ ইতিহাসে সেই কথা শিকাই থৈছে। সেয়েহে উপাচাৰ্যৰ অপসাৰণ বৰ্তমান চলি থকা প্ৰতিবাদৰ মূল দাবী। বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধান, শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ গৰিমা অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত সকলোৱে থিয় দিয়া উচিত। অপশাসন, দুৰ্নীতিৰ বিৰুদ্ধে তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ জুবিন গাৰ্গৰ আদৰ্শ তথা সত্তাৰ এক প্ৰতিফলন হিচাপে চিহ্ণিত হৈ ৰ’ব।

Comments
Post a Comment