কাক ভোট দিম?

                                          অহা ১১ এপ্ৰিলৰ পৰা ১৯ মে'লৈ প্ৰায় ৭টা পৰ্য়ায়ত দেশৰ লেকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। যিহেতু ২০১৪ৰ নিৰ্বাচনৰ দৰে এই নিৰ্বাচনত কোনো এটা বিশেষ ৰাজনৈতিক দলৰ পক্ষত ঢৌৰ সৃষ্টি হেৱা নাই গতিকে নিৰ্বাচনী ফলাফলৰ প্ৰতিচ্ছবি সম্পূৰ্ণৰূপে স্পষ্ট নহয় যদিও দেশৰ  একাংশ অঞ্চলত নিৰ্বাচনী ছবিখন স্পষ্টৰূপত প্ৰতিফলিত হৈছে। যি কি নহওঁক সৰ্বত্ৰে এতিয়া নিৰ্বাচনক লৈ ব্যাপক চৰ্চা। ইতিমধ্য়ে দেশৰ এক প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছে
বিভিন্ন প্ৰতিশ্ৰুতি তথা পৰিকল্পনাৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে। এটা কথা নিশ্চিতভাৱে উল্লেখ কৰিব লাগিব যে তাতপৰ্যপূৰ্ণভাৱে এইবাৰ নাগৰিত্ব সংশোধনী বিধোয়কৰ বিষয়টো কংগ্ৰেছে নিজৰ ঘোষণা পত্ৰত সন্নিবিষ্ট কৰিছে। কংগ্ৰেছ দলে ঘোষণা কৰিছে যে তেওঁলোকৰ দল শাসনলৈ আহিলে বিধেয়কখন ধ্বংস কৰি পেলোৱা হ'ব। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্নক লৈ কংগ্ৰেছে উত্তৰ-পূববাসীৰ পৰা ভোট আদায় কৰিবলৈ যত্ন কৰিছে।
                       সচেতন ভোটাৰৰ মনত এতিয়া কেৱল এটাই প্ৰশ্ন উদয় হৈছে সেয়া হ'ল ভোট কাক দিম? আমিও এই প্ৰসংগকে আলোকপাত কৰাৰ প্ৰয়াস কৰিছোঁ। ইতিমধ্যো অসমত নিৰ্বাচনী প্ৰচাৰ তীব্ৰ গতিত চলি আছে আৰু প্ৰাৰ্থী তালিকাও ঘোষণা কৰা সম্পন্ন হৈছে। ৰাজনৈতিক দলসমূহৰ সমান্তৰালভাৱে নিৰ্বাচন আয়েগ, বিভিন্ন দল-সংগঠন আৰু সচেতন ব্য়ক্তিসকলে জনসাধাৰণক ভোটদান সম্পৰ্কে বিভিন্ন সজাগতা সৃষ্টি কৰিছে। উল্লেখ্য যে অসমৰ বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই প্ৰমুখ্যে বিভিন্নজন সচোতন ব্যক্তিয়ে মুকলিকৈ বিজোপিক প্ৰত্যাখান কৰি কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনাইছে। যি কি নহওঁক, ৰাইজে এইবাৰ কাক ভোট দিবলৈ বিশ্বাস কৰিব সেয়া অতি প্ৰাসংগিক হৈ পৰিছে। প্ৰায় ৬৫বছৰীয়া কংগ্ৰেছৰ শাসনত ৰাইজ অতিষ্ঠ হৈ পৰাৰ বিপৰীতে বিজেপি দলৰ জাতিদ্ৰোহী সিদ্ধান্ততো ৰাইজ ক্ষোভিত হৈ আছে। ইপিনে এইবাৰ পাৰ্টীতকৈ প্ৰাৰ্থীৰ গুৰুত্ব অধিক হ'ব সেয়া স্পষ্ট হৈ পৰিছে। ইয়াৰেপৰি সবল আৰু দক্ষ প্ৰাৰ্থীক ৰাইজে সাংসদৰূপে নিৰ্বাচন কৰাৰ বাবে সাজু হৈছে। বিভিন্ন সংবাদ প্ৰতিষ্ঠানসমূহে প্ৰকাশ কৰা সমীক্ষাসমূহ সামগ্ৰিকভাৱে পৰ্যবেক্ষণ কৰিলে দেখা যে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপি দল আসনৰ ফালৰ পৰা বৃহত্তম দল হ'ব যদিও কোনো দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে। অৱশেষত দেশত মৰ্চা চৰকাৰ গঠন হ'ব। সমীক্ষাসমূহ কিমান শুদ্ধ সেয়া ২৩মে'ৰ ফলাফলতহে প্ৰকাশ পাব। 

Comments

Post a Comment