জাতীয় সংকটঃ ‘কেব’ৰ পৰা ‘কা’লৈ

                     
অসমে জাতিধ্বংসী আইন নামানে....
                 সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এক অভূতপূৰ্ব সংগ্ৰামৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে । সংসদৰ উভয় সদনত কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন গৃহীত কৰাৰ পিছত ৰাজ্যৰ লগতে উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী জোৱাৰ ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ৰাজ্যবাসীৰ এই ক্ষোভ, প্ৰতিবাদ তথা বিৰোধিতা জাতিটোৰ অস্তিত্বৰ স্বাৰ্থত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । এই লেখাৰ যোগেদি আমি বিধেয়কখনৰ সামগ্ৰিক পৰিক্ৰমা, তাৎপৰ্য তথা বিৰোধিতাৰ গুৰুত্ব সম্পৰ্কে আমাৰ দৃষ্টিৰে কিঞ্চিৎ কথা পুংখানুপুংখভাৱে বিশ্লেষণ কৰিম । এটা কথা আমি সকলোৱে জ্ঞাত যে, ভাৰতীয় জনতা পাৰ্টী অতীতৰ জনসংঘ দলৰ প্ৰতিবিম্ব, যিটো দল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শৰ দ্বাৰা পৰিচালিত । আৰ এছ এছৰ মূল আদৰ্শই হ’ল- হিন্দুত্ববাদৰ প্ৰচাৰ আৰু প্ৰসাৰ । গতিকে দেশৰ ৰাজনীতিত ৰামমন্দিৰ, সংবিধানৰ ধাৰা ৩৭০ৰ বিলুপ্তিকৰণ আৰু বিদেশৰ হিন্দু শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰি ভাৰতবৰ্ষক এখন হিন্দু ৰাষ্ট্ৰৰূপে গঢ়ি তোলা দলটো প্ৰতিষ্ঠা হোৱা দিনাৰে পৰা তেওঁলোকৰ মূল  লক্ষ্যৰূপে বিবেচিত হৈ আহিছে । এতিয়া বিজেপি দলে জনসংঘৰ হিন্দুত্ববাদী আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ যিকোনো প্ৰকাৰে নিজৰ মূল লক্ষ্যত উপনীত হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে । বিশেষকৈ ২০১৪ চনত দেশ শাসনৰ বাঘজৰীডাল বিজেপিয়ে  লাভ কৰাৰ পিছত এই তৎপৰতা বৃদ্ধি পাইছে । ২০১৪ চনত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে প্ৰথম কাৰ্যকাল আৰম্ভ কৰাৰ ঠিক ২ বছৰ পিছত অৰ্থাৎ ২০১৬ চনত নিজ আদৰ্শ তথা লক্ষ্য অনুযায়ী বাংলাদেশ আৰু পাকিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ অহা সেই দেশৰ সংখ্যালঘু সম্প্ৰদায় হিন্দু ধৰ্মাৱলম্বী লোকসকলক শৰণাৰ্থী হিচাপে নাগৰিকত্ব প্ৰদানৰ লক্ষ্য আগত ৰাখি ভাৰতবৰ্ষৰ নাগৰিকত্ব আইনৰ সংশোধন চলোৱাৰ প্ৰচেষ্টা আৰম্ভ কৰিলে । যাৰ ফলস্বৰূপে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ সংসদত গৃহীত কৰাৰ বাবে প্ৰস্তুতি কৰা হ’ল । ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰত আঘাত হনাৰ দুৰ্নামৰ পৰা নিজকে ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অতি কৌশলগতভাৱে হিন্দুৰ লগতে জৈন, খ্ৰীষ্টিয়ান, বৌদ্ধ, পাৰ্চী আৰু শিখ সম্প্ৰদায়ৰ শৰণাৰ্থীসকলকো এই আইনে সাঙুৰি লোৱা হ’ব বুলি ঘোষণা কৰিলে। কিন্তু সদৌ অসম ছাত্ৰ সন্থাই এই বিধেয়কখন অসমৰ বাবে ক্ষতিকাৰক বুলি ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে প্ৰতিবাদ আৰম্ভ কৰে । বিধেয়কখন আইনত পৰিণত হলে ঐতিহাসিক অসম চুক্তি (১৯৮৫)ক নস্যাৎ কৰাৰ উপৰিও অসমবাসীৰ ভাষা-সাহিত্য-সংস্কৃতিক ক্ষতিসাধন কৰাৰ লগতে সামাজিক, অৰ্থনৈতিক তথা ৰাজনৈতিক অধিকাৰত হস্তক্ষেপ কৰিব বুলি অসমবাসী শংকিত হ’ল ।  ১৯৭১ চনত পিছত অসমলৈ প্ৰব্ৰজন ঘটা এজনো বিদেশী নাগৰিকৰ বোজা অসমে নলয় বুলি সজোৰে ঘোষণা কৰা হ’ল । ইয়াৰ মাজতে বিতৰ্কিত বিধয়কখনৰ বাবে অসম তথা উত্তৰ-পূবৰ ৰাজ্যসমূহত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় আৰু সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ ইতিহাসত প্ৰথামবাৰৰ বাবে বিজেপিয়ে অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপল্স ফ্ৰণ্টৰ সহযোগত চৰকাৰ গঠন কৰে । বিতৰ্কৰ মাজতে বিধেয়কখন সংসদৰ যুটীয়া কমিটী (জেপিচি)লৈ প্ৰেৰণ কৰা হয়, যাতে কমিটীয়ে অসমৰ ৰাইজ তথা দল-সংগঠনৰ মতামত গ্ৰহণ কৰি বিধেয়কখনৰ গ্ৰহণযোগ্যতা বিবেচনা কৰিব পৰা যায় । প্ৰায় ১টা বছৰৰ পিছত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ বৈঠকৰ অন্তত যুটীয়া সংসদীয় কমিটীয়ে অসমলৈ শুনানি গ্ৰহণৰ বাবে আহে । সাংসদ ৰাজেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত যুটীয়া সংসদীয় কমিটীয়ে ২০১৮চনৰ মে’ মাহত অসমলৈ আহি বিতৰ্কিত বিধেয়কখনৰ ওপৰত শুনানি গ্ৰহণ কৰে । কিন্তু অতি বৈষম্যমূলকভাৱে কমিটীখনে ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ জিলাসমূহৰ বিপৰীতে মাত্ৰ এদিনৰ বাবে গুৱাহাটীত শুনানি গ্ৰহণ কৰে । আনহাতে বৰাক উপত্যকাৰ তিনিখন জিলাৰ তিনিদিন শুনানি গ্ৰহণৰ ব্যৱস্থা কৰে । এদিনৰ শুনানিত দলে-বলে সকলোৱে একেমুখে বিধেয়কখনৰ বিৰোধিতা কৰাৰ বিপৰীতে বৰাক উপত্যকাত বিধেয়কখনৰ সপক্ষে যুক্তি দিয়া হয় । সংসদীয় কমিটীখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ আৰু বিধেয়কখনৰ সমৰ্থনত প্ৰতিবেদন দাখিল কৰে । ইয়াৰ পিছতেই বিজপি মিত্ৰজোঁটৰ অগপে দলে বিধেয়কখনৰ বিৰোধিতা কৰে আৰু  আছুৰ লগলাগি বিধেয়কখনৰ বিৰুদ্ধে দেশজুৰি সজাগতা অনাৰ উদ্দেশ্য শিৱসেনা, আপ, জেডি (ইউ)ৰ সহযোগিতা বিচাৰে । ইয়াৰ মাজতে তদানীন্তন গৃহমন্ত্ৰী ৰাজনাথ সিঙে বিধেয়ক গৃহীত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি ঘোষণা কৰাত অগপে দলে বিজেপি মিত্ৰজোঁটৰ পৰা ওলাই আহে । ৰাজ্য চৰকাৰৰ মন্ত্ৰী পৰিষদৰ পৰা অগপ সভাপতি অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীয়ে পদত্যাগ কৰে । অসমত তীব্ৰ প্ৰতিক্ৰিয়া তথা প্ৰতিবাদৰ মাজতে ২০১৯ চনৰ জানুৱাৰী মাহত গৃহমন্ত্ৰী ৰাজনাথ সিঙে লোকসভাত ‘নাগৰিকত্ব বিধেয়ক ২০১৬’ উত্থাপন কৰে আৰু অসমৰ অস্তিত্ব ৰক্ষা কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে । সেইদিনাই লোকসভাত বিধেয়কখন গৃহীত হয় । অসমত প্ৰতিবাদ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰে । তেনে সময়ছোৱাতে বিধেয়কখন গৃহীত কৰাৰ বাবে শাসনাধিষ্ঠ দলৰ শক্তি ৰাজ্যসভাত নথকাৰ বাবে বিধেয়কখন ৰাজ্যসভাত বিধেয়ক উত্থাপন নহয় । এনে পৰিস্থিতিৰ মাজতে লোকসভাৰ কাৰ্যকাল অন্ত পৰে অনুষ্ঠিত হয় ২০১৯ৰ সাধাৰণ নিৰ্বাচন । এই নিৰ্বাচনত বিজেপি দলে নিজ ঘোষণাপত্ৰত নতুন চৰকাৰ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ ঘোষণা কৰা হয় । এই ঘোষণা সত্বেও সাধাৰণ নিৰ্বাচনত অসমৰ ১৪খন লোকসভা আসনৰ ভিতৰত ৯খনতেই বিজপি দলে জয় লাভ কৰে । এইখিনিতে এটা কথা উল্লেখ কৰা উচিত হ’ব যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত অসমত নাগৰিত্ব সংশোধনী বিধেয়ক (কেব)ক লৈ কোনো ইচ্ছ্যুয়েই প্ৰস্তুত কৰা নহ’ল । অসমৰ জনসাধাৰণে চৰকাৰৰ কল্যাণমূলক কাৰ্য তথা আঁচনিক লৈ বিজেপি দলৰ সপক্ষে ভোটদান কৰিছিল । তেনে ক্ষেত্ৰত এইটো কোৱা নিশ্চয় ভুল হ’ব যে নিৰ্বাচনত বিজেপিক ভোট দিয়া মানেই কেবক সমৰ্থন কৰা । এই ধাৰণা চূড়ান্ত ভুল । ফলাফলৰ প্ৰায় ৬মাহৰ পিছত বিধেয়কখনক লৈ অসমত পুনৰ প্ৰতিবাদ আৰম্ভ হয় । ইতিমধ্যে সংসদৰ শীতকালীন অধিৱেশনতে বিতৰ্কিত বিধেয়কখন গৃহীত কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে । বিধেয়কখন নতুনকৈ প্ৰস্তুত কৰা হয়, য’ত নাগৰিকত্ব প্ৰদানৰ ভিত্তিবৰ্ষ ৩১.১২.২০১৪ বুলি ধৰা হয় আৰু ‘ইনাৰ লাইন পাৰমিট’ আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত এলেকাসমূহ বিধেয়কখনৰ অন্তৰ্ভূক্ত নহয় বুলি উল্লেখ কৰা হয় ।  এই অনুসৰি অসমৰ ক্ষেত্ৰত কাৰ্বি-আংলং আৰু বিটিচি নাগৰিকত্ব সংশোধনী বিধেয়কৰ অন্তৰ্ভক্ত নহয় । গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে উত্তৰ-পূবৰ বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনা ব্যৰ্থ হোৱা পিছত যোৱা ৯ ডিচেম্বৰত লোকসভাত এই বিধেয়কখন গৃহীত হয় । অসমত প্ৰতিবাদৰ ধাৰা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰে আৰু ঠায়ে-ঠায়ে হিংসাত্মক ঘটনাও সংঘটিত হয় । আইন-শৃংখলা পৰিস্থিতি ক্ৰমান্বয়ে জটিলতাৰ আগবাঢ়িছে আৰু ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ ১০খন জিলাত ইন্টাৰনেট সেৱা ১১ ডিচেম্বৰৰ সন্ধ্যা ৭ বজাৰ পৰা ১৭ ডিচেম্বৰৰ সন্ধ্যা ৭ বজালৈ বন্ধ কৰা হৈছে । ইয়াৰ মাজতে যোৱা ১১ ডিচেম্বৰত অসমীয়াৰ প্ৰতিবাদক চূড়ান্ত ভেঙুচালি কৰি দিল্লীৰ চৰকাৰে ৰাজ্যসভাত বিতৰ্কিত বিধেয়কখন গৃহীত কৰে । এইবাৰ অসম গণ পৰিষদে এই বিধেয়কখনৰ বিৰোধিতা নকৰাটো অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে । ইয়াৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা জ্যেষ্ঠ মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বিধেয়কখনক মুকলি সমৰ্থন কৰাৰ লগতে ৰাইজৰ প্ৰতিবাদক গুৰুত্ব নিদিয়াৰ বাবে ৰাজ্যজুৰি ধিক্কাৰ দিয়া হৈছে । ইন্টাৰনেট বন্ধ কৰি চৰকাৰে অসমীয়াৰ প্ৰতিবাদী কণ্ঠক ৰুদ্ধ কৰি নিজৰ ফচিষ্ট চৰিত্ৰৰ আত্মপ্ৰকাশ কৰিছে । তৎসত্বেও ৰাজ্যৰ চৌদিশে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে । অসমৰ আবাল-বৃদ্ধ-বণিতা সকলোৱে একেমুখে নাগৰিত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে । জনগণৰ স্বতঃস্ফূৰ্তে প্ৰতিবাদে এটা কথা স্পষ্ট কৰিছে যে, দিল্লীৱালা নেতাৰ তৈলমৰ্দনত ব্যস্ত বিজেপি নেতা আৰু তথাকথিত হিন্দুত্ববাদী নেতাৰ বাহিৰে কোনো এজন অসমীয়াই এই বিধেয়কখনক সমৰ্থন কৰাৰ নাই । এই অকুণ্ঠ প্ৰতিবাদ, তীব্ৰ ক্ষোভ কি পৰ্যায়ত উপনীত হয়গৈ, সেয়া সহজে অনুমেয় নহয় । কিন্তু এটা কথা জলজল-পটপটকৈ স্পষ্ট অসম আৰু অসমীয়াৰ জাতীয় সংকটৰ সময়ছোৱাত জাতিৰ পক্ষত থিয় দিবলৈ আপোচ কৰা তথাকথিত জাতীয় নায়কজনে জনসাধাৰণৰ জনমতৰ পৰা কেতিয়াও সাৰি যাব নোৱাৰে । উভয় সদনতে বিধেয়কখন গৃহীত হোৱাৰ পিছেত ৰাজ্যত প্ৰতিবাদৰ ৰূপ অতি ভয়াৱহ হ’ব- সেয়া সহজে অনুমেয় । ইয়াৰ পিছৰ প্ৰক্ৰিয়াৰ বাবেও অসমৰ দল-সংগঠন তথা সচেতন ৰাইজ সাজু থকা উচিত- এইয়া সময়ৰ আহ্বান । উচ্চতম ন্যায়ালয় এই আইনখন বাতিল হোৱাৰ সম্ভাৱনা কিমান- সেয়া সময়ৰ বিচাৰ্য যদিও ভাৰতবৰ্ষৰ সংবিধানৰ ধৰ্মনিৰপেক্ষ ভেঁটিত চৰম আঘাত হনাৰ বাবে আইনখন বাতিল হোৱাৰ এক আশা দেখা গৈছে । লগতে উচ্চতম ন্যায়ালয়ে আইনখন বাহাল ৰাখিলেও অসমক আইনৰ বাহিৰত ৰখাৰ ব্যৱস্হা কৰাটোও লক্ষণীয । মুঠতে এটা আমাৰ স্পষ্ট কথা- ধৰ্মৰ ভিত্তিত অসমত বিদেশী চিনাক্তকৰণ গ্ৰহণযোগ্য নহয় । হিন্দুৱেই হওঁক বা মুছলমানেই হওঁক ১৯৭১ চনৰ পিছৰ এজনো বিদশীৰ বোজা অসমে গ্ৰহণ নকৰে- এইয়া প্ৰতিজন অসমীয়াৰ স্পষ্ট মত । জাতিৰ সংকটৰ সময়ত সকলোৱে ঐক্যবদ্ধ হৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শান্তিপূৰ্ণ তথা অহিংস প্ৰতিবাদ কৰাৰ কোনো বিকল্প নাই ।

Comments