ক'ৰোনাৰ ৰাজনীতি


বিশ্ব বৰ্তমান স্তব্ধ। কেৱল সময়বোৰ আগবাঢ়ি গৈছে। প্ৰতিদিনে নিয়তিৰ ওচৰত হাৰ মানিছে সহস্ৰাধিক লোকে। সমগ্ৰ বিশ্বত এক অবৰ্ণনীয় ভয়ংকৰ পৰিস্থিতি। একবিংশ শতিকাৰ বিজ্ঞান-প্ৰযুক্তিলৈ চূড়ান্ত ভয়াৱহতা কঢ়িয়াই অনা কভিড-১৯ নামৰ ভাইৰাছবিধে হয়তো মানৱ সভ্যতাৰ আংশিক অস্তিত্ব শেষ কৰিব। গতিকে এনে এক ভয়াৱহ পৰিৱেশত বিশ্বৰ ৰাজনৈতিক প্ৰেক্ষাপটটো অতি লক্ষ্যণীয় হৈ পৰিছে। চীনৰ য়ুহান প্ৰদেশত উদ্ভৱ হোৱা এইবিধ ভাইৰাছ দেশখনৰ শাসকে জৈৱিক মাৰণাস্ত্ৰৰূপে ব্যৱহাৰ কৰাৰ স্বাৰ্থত গৱেষণাগাৰত প্ৰস্তুত কৰা বুলি বিশ্বৰ সৰ্বত্ৰে অভিযোগ উঠিছে। আমেৰিকাৰ লগতে ফ্ৰান্সেও এই সন্দৰ্ভত উপযুক্ত তদন্ত হ'ব লাগে বুলি দাবী কৰিছে। কিন্তু গৱেষণাগাৰত ভাইৰাছ প্ৰস্তুত হোৱাৰ কথা সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। যাৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ মুখপাত্ৰৰূপে কাম কৰাৰ গুৰুতৰ অভিযোগ তুলিছে। ইয়াৰোপৰি আমেৰিকাই স্বাস্থ্য সংস্থাৰ পৰা উপযুক্ত সহযোগিতা লাভ নকৰাৰ অভিযোগত স্বাস্থ্য সংস্থালৈ আগবঢ়োৱা পুঁজি কৰ্তন কৰিছে। এনে এক জটিল সময়তে আমেৰিকাৰ প্ৰসিদ্ধ সংবাদ পত্ৰ 'ৱাশ্বিংটন পষ্ট'ত প্ৰকাশ পাইছে যে, চীনৰ য়ুহান প্ৰদেশত উদ্ভৱ হোৱা ভাইৰাছবিধ 'য়ুহান ইনষ্টিটিউট অৱ ভাইৰ'লজী'ত (য'ত সংৰক্ষিত হৈ আছে ডেৰ শতাধিক মাৰাত্মক ভাইৰাছ) মানৱ দেহলৈ সংক্ৰমিত হৈছিল। ক'ৰোনাই আমেৰিকা, ইটালী, ফ্ৰান্স, বিট্ৰেইন আৰু স্পেইনত অতি ভয়াৱহৰূপত ক্ষতি সাধন কৰিছে। এনে এক সংকট ক্ষণত দেশসমূহৰ মাজত সহযোগিতাৰ বিপৰীতে ৰাজনৈতিক সংঘৰ্ষই আন এক চিন্তনীয় বিষয় হৈ পৰিছে।

Comments