কভিড-১৯- বৰ্তমান আৰু ভৱিষ্যৎ

                       

                                        ৰোনা ভাইৰাছৰ সংক্ৰমণত বৰ্তমান স্তব্ধ সমগ্ৰ দেশ এই ভাইৰাছত আক্ৰান্ত হৈ দৈনিক সহস্ৰাধিক লোকৰ মৃত্যু ঘটিছে মাৰাত্মক ভাইৰাছবিধৰ আক্ৰমণত আমেৰিকা, ৰাছিয়া, ব্ৰাজিল, ইটালী, ফ্ৰান্স, স্পেইন আদিৰ দৰে মহাপৰাক্ৰমী দেশসমূহ নতশিৰ হবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ভাৰতবৰ্ষতো পৰিস্থিতি ক্ৰমা জটিল হোৱাৰ দিশে আগবাঢ়িছেভিড-১৯ ভাইৰাছবিধৰ প্ৰতিষেধক নিৰ্মাণৰ বাবে বিশ্বৰ বহুতো নামজ্বলা বিজ্ঞানী তথা গৱেষণা প্ৰতিষ্ঠান ব্যস্ত হৈ আছে যদিও বৰ্তমান পৰ্যন্ত তেওঁলোকে পূৰ্ণাংগ ৰূপত সফলতা লাভ কৰিব পৰা নাই সামাজিক দূৰত্ব আৰু লকডাউন- এই দুটা পদ্ধতিৰেই প্ৰাৰম্ভিক অৱস্থাত বিশ্বৰ দেশসমূহে এই ভাইৰাছৰ বিৰুদ্ধে যুজঁ দিছে  প্ৰায় তিনিটা মাহ ভাৰতৰ লগতে বহুতো দেশৰ লোকে গৃহবন্দীৰ মাজত কটাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে মুঠৰ ওপৰত এক অভূতপূৰ্ব পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে সমগ্ৰ বিশ্ব ৰোনা ভাইৰাছে বিশ্বৰ সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক সকলো দিশতে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে মানৱ ইতিহাসৰ গৌৰৱোজ্জ্বল ইতিহাসত একবিংশ শতিকাৰ উন্নত বিজ্ঞান-প্ৰযুক্তিয়ে সূক্ষ্মাতি সূক্ষ্ম এবিধ ভাইৰাছৰ সংহাৰী ৰূপ প্ৰতিহত কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হ উন্নতিৰ উচ্চ শিখৰত উপনীত হোৱা দেশসমূহত এতিয়া মৃতদেহ শেষকৃত্যৰ বাবে মানুহৰ অভাৱ হৈছে- চৌদিশে এক অবৰ্ণনীয় পৰিৱেশ এনে এক পৰিৱেশ যাৰ অন্ত কেতিয়া- ইয়াৰ নিশ্চিতি কোনেও দিব নোৱাৰে স্বয়ং বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীয়ে সৰ্তকবাণী প্ৰকাশ কৰি কৈছে যে কৰোনাৰ বিৰুদ্ধে যুজঁ দীঘলীয়া হব পাৰে এক ভয়ংকৰ ভৱিষ্যতৰ দিশে আগবাঢ়িছে সমগ্ৰ বিশ্ব কিন্তু এটা কথা নিশ্চিত যে, ভাৰতবৰ্ষৰ দৰে এখন উন্নয়নশীল দেশ এক দীঘলীয়া সময়ৰ বাবে লকডাউনত থাকিব নোৱাৰে এতিয়া ভাৰতৰ জনসাধাৰণে সামাজিক প্ৰণালীত পৰিৱৰ্তন আনি ভাইৰাছৰ উপস্থিতিতে অৰ্থনৈতিক-প্ৰশাসনিক-শৈক্ষিক কাৰ্যকলাপবোৰ আগবঢ়াই নিব লাগিব সেয়েহে চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ নিৰ্দেশনাৱলীৰ পৰা ভাৰত চৰকাৰৰ এই পৰিকল্পনাৰ আভাস লাভ কৰিব পাৰি সামাজিক দূৰত্বৰ নিয়ম অতি কঠোৰভাৱে পালন কৰাৰ লগতে স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনাসমূহ পালন কৰাৰ যোগেদি এই পৰিৱৰ্তনসমূহ আনিব লাগিব ইয়াৰোপৰি মাস্ক, ছেনিটাইজাৰ (বীজাণুনাশক) ইত্যাদিবোৰ মানুহৰ বাবে অতি আৱশ্যকীয় প্ৰয়োজনীয়তাৰ শাৰীত অন্তৰ্ভূক্ত কৰিব লাগিব অৱসৰ-বিনোদন, আনন্দ-উসৱবোৰ কেইটামান দিনৰ বাবে ত্যাগ কৰিব লাগিব আত্মীয়ৰ ঘৰলৈ যোৱাটোও বন্ধ কৰিব লাগিব মুঠৰ ওপৰত অকাৰণত ঘৰৰ বাহিৰলৈ নোযোৱাটোৱেই বৰ্তমান পৰিস্থিতিৰ বাবে উপযুক্ত আমাৰ দৈনন্দিন জীৱনত এই পৰিৱৰ্তনসমূহ আনিলেহে আমি এই ভাইৰাছবিধৰ বিৰুদ্ধে আৰম্ভ কৰা যুজঁত জয়ী হব পাৰিম বৰ্তমান এই ভাইৰাছৰ পৰা আত্মৰক্ষা কৰি নিজৰ দৈনন্দিন দায়িত্বসমূহ পালন কৰাৰ বাদে অন্য কোনো বিকল্প নাই এই মুহূৰ্তত কোনেও  কব নোৱাৰে যে কৰোনাৰ আতংক কেতিয়া অন্ত পৰিব হয়তো এই সময়সীমাই ছমাহ- এটা বছৰতকৈও অধিক সময় লব পাৰে জনসাধাৰণে চৰকাৰী নিৰ্দেশনাবোৰ পালন কৰি অনাগত দিনসমূহত সবল ৰূপত ভাইৰাছৰ বিৰুদ্ধে যুজঁ দিয়া উচিত। আমি ক'ৰোনা ভাইৰাছৰ সৈতে সহাৱস্থান কৰি জীয়াই থাকিব লাগিব- এয়াই বৰ্তমানৰ কঠিন সত্য!

Comments

Post a Comment