এজন ব্যক্তিৰ হৃদয়ত নিজৰ পিতৃ-মাতৃৰ স্থান সৰ্বোচ্চ। অতি প্ৰাচীন কালৰে পৰাই ভাৰতীয় সংস্কৃতিত পিতৃ-মাতৃক ঈশ্বৰৰ সম-মৰ্যাদা দিয়াৰ প্ৰথা প্ৰচলন হৈ আহিছে । কিন্তু মানুহে আধুনিক জীৱন-যাপন আৰম্ভ কৰাৰ লগে লগে এই সংস্কৃতিত পৰিৱৰ্তন হোৱা দেখা গৈছে আৰু মানুহৰ নৈতিক আচাৰ-আচৰণতো যান্ত্ৰিকতাৰ পূৰ্ণ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। যাৰ ফলত মানুহৰ মাজত মূল্যবোধ, সহানুভূতিৰ দৰে মানৱীয় গুণবোৰ নাইকিয়া হবলৈ ধৰিছে। নিজৰ পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্ববোধ পাহৰি পেলোৱাৰ বাবেই বৰ্তমান গাঁৱে-ভূঞে অসংখ্য বৃদ্ধাশ্ৰম গঢ়ি উঠিছে। সামাজিক দায়িত্ববোধ থকা কেইগৰাকীমান যুৱক-যুৱতীয়ে বৃদ্ধাশ্ৰমবোৰ পৰিচালনা কৰি নিজ সন্তানৰ পৰা নিষ্পেষিত তথা অৱহেলিত পিতৃ-মাতৃক আশ্ৰয় দি আহিছে। বৃদ্ধাৱস্থা যেন এইসকল পিতৃ-মাতৃৰ বাবে অভিশাপস্বৰূপ। যিসকলে নিজৰ সন্তানক জন্ম দিয়াৰ পৰা আৰম্ভ কৰি জীৱনৰ প্ৰতিটো প্ৰয়োজনীতা পূৰণ কৰাত সহায় কৰে, সেই পিতৃ-মাতৃক যিটো অৱস্থাত সন্তানৰ এষাৰ চেনেহভৰা মাতৰ প্ৰয়োজনীয়তা হয়, তেনে অৱস্থাতে তেওঁলোকে পিতৃ-মাতৃক বোজা বুলি বিবেচনা কৰি চিৰদিনৰ বাবে বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিয়ে। এয়াই আধুনিক সমাজখনৰ একাংশ তথাকথিত সন্তানৰ বাস্তৱ সত্য।
বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে আমাৰ ভাৰতবৰ্ষতো অতি জাকজমকতাৰে মাতৃ দিৱস (মাদাৰ্ছ ডে) আৰু পিতৃ দিৱস (ফাদাৰ্ছ ডে) পালন কৰা হয়। আমাৰ অতি শ্ৰদ্ধাৰ পিতৃ-মাতৃক সন্মান জনোৱাৰ উদ্দেশ্য এই দিৱস দুটা উদযাপন কৰা হয়। কিন্তু পিতৃ-মাতৃক সন্মান জনোৱাৰ বাবে জানো এটা দিনেই যথেষ্ট? পিতৃ-মাতৃক সন্মান জনোৱাৰ বাবে এটা দিনেই সীমিত নহয়। বছৰৰ প্ৰতিটো দিনেই পিতৃ-মাতৃৰ বাবে উৎসৰ্গিত হব লাগে- বিশেষকৈ আমাৰ দৰে এখন দেশত যত পিতৃ-মাতৃক ঈশ্বৰৰ সম-মৰ্য়াদা দিয়া হয়। সঠিকভাৱে কবলৈ গলে এই মাদাৰ্ছ ডে, ফাদাৰ্ছ ডে ইত্যাদি দিৱসবোৰ পশ্চিমীয়া সংস্কৃতিৰ ধাৰণা। যত অতি ব্যস্ততাপূৰ্ণ সন্তানে পিতৃ-মাতৃৰ সৈতে সময় কটাব নোৱাৰে। তেওঁলোকে এনে এটা বিশেষ দিনত পিতৃ-মাতৃৰ সৈতে সময় অতিবাহিত কৰে। ৱিকিপেডিয়াৰ তথ্য অনুসৰি, বিংশ শতিকাত পোন-প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰত আধুনিক মাদাৰ্ছ ডে আৰু বিংশ শতিকাৰ প্ৰথম দশকত ফাদাৰ্ছ ডে উদযাপন কৰা হৈছিল। গতিকে, এইক্ষেত্ৰত পশ্চিমীয়া সংস্কৃতিৰ অনুসৰণ নকৰি আমাৰ নিজস্ব সংস্কৃতি অক্ষুণ্ণ ৰখা উচিত। পিতৃ-মাতৃৰ বৃদ্ধাৱস্থাত তেওঁলোকক বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ নকৰি তেওঁলোকৰ যথাসম্ভৱ শুশ্ৰূষা কৰাটোৱেই এখন সভ্য সমাজৰ দায়িত্ব। এয়ে হৈছে মাতৃ দিৱস-পিতৃ দিৱস উদযাপন কৰাৰ প্ৰকৃত তাৎপৰ্য। কেৱল এটা নিৰ্দিষ্ট দিনৰ বাবে নহয়, প্ৰতিটো দিনৰ বাবে পিতৃ-মাতৃক সন্মান জনোৱাটোৱেই আমাৰ সংস্কৃতি।
Comments
Post a Comment