ক'ৰ'নাই ত্ৰাস কৰা পৃথিৱীখন...

                   

মাত্ৰ 
চাৰিটা মাহ! চাৰিটা মাহতে সলনি হৈ গ'ল চিনাকি পৃথিৱীখন। ­একবিংশ শতিকাৰ পৃথিৱী এইখন- য'ত বিজ্ঞান-প্ৰযুক্তিয়ে উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছে। কিন্তু সময়ে সকলো পৰিৱৰ্তন কৰিলে। এবিধ সূক্ষ্মাতি সূক্ষ্ম ভাইৰাছৰ ওচৰত নতশিৰ হৈ গ'ল আধুনিক মানৱ সভ্যতা। বছৰটোৰ মাৰ্চ মাহৰ পৰা 'কভিড-১৯' মহামাৰীয়ে বিশ্বত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। মাৰ্চ মাহৰ পৰা বৰ্তমান সময়লৈ প্ৰায় চাৰিটা মাহত বিশ্বৰ সামাজিক-অৰ্থনৈতিক-শৈক্ষিক ইত্যাদি সকলো দিশৰে অপূৰণীয় ক্ষতিসাধন হৈছে। ইয়াৰ পাৰ্শ্বক্ৰিয়া কেইবা বছৰলৈ থাকিব- তাত কোনো সন্দেহ নাই। কিন্তু বৰ্তমান সমাজত দেখা দিয়া মূল প্ৰত্যাহ্বানটো হ'ল- মানুহে কিদৰে ভাইৰাছৰ উপস্থিতিত জীৱনযাত্ৰা চলাই নিব পাৰিব? এইক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই আগবঢ়োৱা পৰামৰ্শ আৰু চৰকাৰী নীতি-নিৰ্দেশনা কঠোৰভাৱে পালন কৰিব লাগে। 'সামাজিক ব্যৱধান'ৰ নীতি পালন কৰাৰ লগতে মাস্ক আৰু ছেনিটাইজাৰক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত অন্তৰ্ভূক্ত কৰি ব্যৱহাৰ কৰাৰ যোগেদিয়েই ভাইৰাছৰ উপস্থিতিত মানুহে স্বাভাৱিক জীৱনযাত্ৰা চলাই নিব পাৰিব।
এইখিনিতে এক চিন্তাৰ উদ্ৰেক ঘটে যে- ভাৰতবৰ্ষৰ দৰে এখন দেশত 'সামাজিক ব্যৱধান'ৰ নীতি কিমানদূৰ প্ৰযোজ্য? বৰ্তমান ভাৰতবৰ্ষৰ পৰিস্থিতি অতি ভয়াৱহ। মহামাৰীৰ ক্ষেত্ৰত দেশৰ লোকৰ মাজত সজাগতাৰ অভাৱ আৰু মহামাৰীৰ বিৰুদ্ধো কেন্দ্ৰীয় চৰকাৰৰ যথোপযুক্ত নীতিৰ অভাৱৰ বাবেই ভাৰতে ভয়াৱহ সামাজিক সংক্ৰমণৰ সন্মুখীন হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, অহা আগষ্ট মাহত অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত কভিডৰ গণ-সংক্ৰমণে শীৰ্ষ স্থানত অৱস্থান কৰিব। বিশ্বৰ সৰ্বাধিক আক্ৰান্ত লোকৰ সংখ্যাৰ তালিকাত তৃতীয় স্থানত আছে ভাৰত। এই তালিকাৰ শীৰ্ষ স্থানত আমেৰিকা থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে ব্ৰাজিল। চিকিৎসাৰ ক্ষেত্ৰত অনুন্নত দেশ এখনত সামাজিক সংক্ৰমণে কেনে ভয়াৱহ ৰূপ লাভ কৰিব পাৰে- সেয়া সহজে অনুমেয়। একমাত্ৰ দেশবাসীৰ সজাগতাইহে দেশখনক ক'ভিড-১৯ ভাইৰাছৰ ভয়াৱহ সামাজিক সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে।
ক'ৰোনা ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে বৰ্তমান ব্যস্ত হৈ আছে বিশ্বৰ চিকিৎসা বিজ্ঞানীমহল। এইক্ষেত্ৰত বহু পৰিমাণে আগবাঢ়ি আছে ব্ৰিটেইনৰ বিশ্ববিখ্যাত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনৰ মেডিচিন বিভাগে মানৱ শৰীৰত ভেকছিন প্ৰয়োগ কৰি দুটা পৰ্যায়ৰ পৰীক্ষাত সফলতা লাভ কৰাৰ লগে লগে আশাৰ ৰেঙণি লাভ কৰিছে বিজ্ঞানীসকলে। আনহাতে, আমেৰিকা, ৰাছিয়াৰ লগতে ভাৰতেও অগ্ৰগতি লাভ কৰিছে। ভাৰতে তিনিটা পৰ্যায়ত 'COVAXIN' নামৰ ক'ভিডৰ প্ৰতিষেধকবিধ মানৱ শৰীৰত পৰীক্ষা আৰম্ভ কৰিছে। সামগ্ৰিকভাৱে ক'ব পাৰি যে, এইবছৰৰ শেষৰ পৰ্যায়ত অথবা আগন্তুক বৰ্ষৰ প্ৰথম পৰ্যায়ত 'কভিড-১৯'ৰ প্ৰতিষেধক বিশ্ববাসীয়ে লাভ কৰিব। উল্লেখযোগ্য যে, ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰি শৰীৰত ভাইৰাছ বিধৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাটোৱেই মুখ্য বিষয় নহয়। প্ৰতিষেধকবিধ শৰীৰত প্ৰয়োগ কৰাৰ ফলত যাতে কোনো পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি নহয়- সেইকথা গুৰুত্বসহকাৰে লোৱা হয়। সেইবাবেই ক'ভিড-১৯ৰ দৰে নব্য সৃষ্ট ভাইৰাছৰ প্ৰতিষেধক সফলতাৰে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিজ্ঞানীসকলৰ পলম হৈছে। কিন্তু বিজ্ঞানীৰ অহৰহ প্ৰচেষ্টাৰ ফলত বিশ্ববাসীয়ে পলমকৈ হ'লেও ক'ভিডৰ প্ৰতিষেধক লাভ কৰিব- সেয়া নিশ্চয় ইতিবাচক বতৰা।
মন কৰিবলগীয়া আন এটা কথা হ'ল, আৰম্ভণিৰে পৰা বৰ্তমানলৈকে এই ৰোগবিধ ক্ৰমান্বয়ে জটিল ৰূপ লৈছে। সমগ্ৰ বিশ্বত ১০০ ঘণ্টাত ১০ লক্ষাধিক লোক মাৰাত্মক ক'ভিড-১৯ ভাইৰাছত আক্ৰান্ত হৈছে। এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত। ইয়াৰ লগতে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (AIIMS)ৰ সঞ্চালকে আন এক ভয়াৱহ তথ্য প্ৰকাশ কৰিছে যোৱা ২০ জুলাইত। 'কভিড-১৯'ৰ পৰা মুক্ত হোৱা ৰোগীসকলে বহুকেইটা জটিল ৰোগত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে। এই ৰোগসমূহ দীৰ্ঘকালীন অথবা স্থায়ী বুলি বিশেষজ্ঞসকলে প্ৰকাশ পাইছে। ইয়াৰ ভিতৰত হাওঁফাওঁৰ ৰোগ, তেজ গোট মৰা, ষ্ট্ৰোক, স্নায়ু ৰোগ আদিয়েই প্ৰধান। ক'ভিডত আক্ৰান্ত ৮৭.৪% ৰোগীয়েই আৰোগ্য হোৱাৰ পিছত পাৰ্শ্বক্ৰিয়াত ভোগাৰ কথা তেওঁ উল্লেখ কৰিছে।  
এয়াই হৈছে চিনাকি পৃথিৱীখনৰ বৰ্তমানৰ ৰূপ। যাৰ অন্ত কেতিয়া হ'ব- কাৰো হাতত উত্তৰ নাই। কিন্তু শেষত, এই কথা উল্লেখ কৰিবই লাগিব যে, আমাৰ দেশত ক'ৰোনা আক্ৰান্ত লোকৰ সংখ্য়াৰ তুলনাত আৰোগ্য লাভ কৰা লোকৰ পৰিসংখ্যাও সন্তোষজনক। নিশ্চয় এইয়া ইতিবাচক বাৰ্তা- আৰু ক'ভিড যোদ্ধাসকলৰ আপ্ৰাণ চেষ্টাৰ বাবে এয়া সফল হৈছে। এই জটিল ক্ষণত ক'ভিড যোদ্ধাসকলক সন্মান জনোৱাৰ লগতে নিজে সজাগ আৰ সচেতন হৈ থকাটোৱেই সমীচিন!

Comments

Post a Comment