ক'ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে চলি থকা যুঁজখনৰ সমান্তৰালভাৱে ৰাজ্যৰ ৰাজনৈতিক যুঁজখনো অতি আকৰ্ষণীয় হৈ পৰিছে। বিশেষকৈ আগন্তুক ২০২১ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই এই যুঁজখন অতি তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে। এই লেখাৰ জৰিয়তে আমি অসমৰ প্ৰতিটো ৰাজনৈতিক দল আৰু অৰাজনৈতিক শক্তিসমূহৰ মাজত চলি থকা নিৰ্বাচনী কুচকাৱাজক লৈ এটি পৰ্যবেক্ষণ দাঙি ধৰিম। যোৱা এটা দশকত দেশজুৰি নিজৰ সাংগঠনিক স্থিতি শক্তিশালী কৰা বিজেপি দলে ৰাজ্যত পুনৰ এবাৰ চৰকাৰ গঠনৰ পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে। দলটোৱে বিগত ৫ বছৰত কৰা উন্নয়নৰ খতিয়ান ৰাইজৰ আগত দাঙি ধৰি ২০২১ৰ ভোট লাভৰ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰোপৰি ভাৰতীয় ৰাজনীতিৰ পৰম্পৰা অনুযায়ী নিৰ্বাচনৰ পূৰ্বে চমক লগা আঁচনি ঘোষণাৰে ভোটাৰক আকৰ্ষণ কৰাৰ প্ৰচেষ্টাও অব্যাহত ৰাখিছে দলটোৱে। ইপিনে দলটোৰ প্ৰভাৱশালী নেতা হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰিছে যে আগন্তুক নিৰ্বাচনত বিজেপি দলে ১০০খন আসন লাব কৰিব বুলি তেওঁ আত্মবিশ্বাসী। কিন্তু অসমৰ ৰাইজৰ নাগৰিকত্ব সংশোধনী আইনবিৰোধী স্থিতি আৰু অতি শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন বিভাগত হোৱা বৃহৎ কেলেংকাৰীত এজন প্ৰভাৱশালী বিজেপি নেতাৰ নাম সাঙুৰ খোৱাত হিমন্তবিশ্ব শৰ্মাৰ এই ভৱিষ্যদ্বাণী কিমানদূৰ সচাঁ হয়- সেয়া সময়েহে ক'ব।
শাসনাধিষ্ঠ বিজেপি মিত্ৰজোটৰ অসম গণ পৰিষদয়েও ২০২১ৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰায় দুটা দশকৰ দুৰ্বল সাংগঠনিক স্থিতিৰ পিছত ২০১৬চনত অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ আশিসত দলটো পুনৰ উজ্জীৱিত হোৱাৰ আশা পাইছিল। বৰ্তমান এককভাৱে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে কিছুদিন আগলৈকে অসমৰ একমাত্ৰ আঞ্চলিক দলৰূপে পৰিচিত থকা অগপ দলে। কিন্তু সভাপতি অতুল বৰা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকে প্ৰমুখ্য কৰি দলৰ নেতৃবৃন্দৰ মাজত হোৱা মতবিৰোধে নিৰ্বাচনী কৌশলত প্ৰভাৱ পেলোৱাটো নিশ্চিত। ইপিনে নিৰ্বাচনত অগপৰ বাবে বিপদ মাতি অনাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট কৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মঞ্চৰ পৰা জন্ম লাভ কৰা অসম জাতীয় পৰিষদে। অসমৰ কেইবাগৰাকীও ছাত্ৰ নেতা আৰু জাতীয়তাবাদী নেতাৰ দ্বাৰা দলটোক অসমৰ ৰাইজৰ মাজত লৈ যোৱাৰ পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অসম প্ৰথম, সদায় আৰু চিৰদিন- এই স্লগানৰ যোগেদি অসমৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহৰ সমাধানৰ প্ৰতিশ্ৰুতিৰে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে নৱগঠিত ৰাজনৈতিক দলটো। নতুন দল গঠন কৰিয়েই বিৰোধীৰ তীব্ৰ সমালোচনাৰো সন্মুখীন হৈছে অসম জাতীয় পৰিযদ। নাগৰিকত্ব সংশোধনী আইন(কা)ৰ বিৰুদ্ধে হোৱা আন্দোলন ক্ষমতা লাভৰ নিকৃষ্ট পন্থা আছিল বুলি বহুতে অভিযোগ আনিছে।
অসম জাতীয় পৰিষদৰ পিছত ৰাজ্যত জন্ম হ'ল আৰু এটা ৰাজনৈতিক দলৰ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠন হোৱা নতুন ৰাজনৈতিক দলটোৰ নাম- ৰাইজৰ দল। এয়া কৃষক মুক্তিৰ নেতৃত্বত গঠন হোৱা দ্বিতীয়টো ৰাজনৈতিক দল। ইয়াৰ পূৰ্বেও ২০১৫চনৰ ২০ মাৰ্চত গান্ধীবাদী নেতা আন্না হাজাৰেৰ উপস্থিতিত কৃষক মুক্তিয়ে তেওঁলোকৰ নতুন ৰাজনৈতিক দল 'গণমুক্তি সংগ্ৰাম অসম'ৰ গঠন কৰিছিল। কিন্তু এই ৰাজনৈতিক দলটো সময় আগবাঢ়ি যোৱাৰ লগে লগে লুপ্ত হৈ পৰিল আৰু কৃষক মুক্তিৰ নেতৃত্বত গঠন হ'ল দ্বিতীয়টো ৰাজনৈতিক দল। নাগৰিকত্ব সংশোধনী আইন(কা) বিৰোধী আন্দোলন যে অধিকাংশ নেতাৰ বাবে ক্ষমতা লাভৰ নিকৃষ্টতম পন্থা আছিল, সেয়া বুজিবলৈ তিলমাত্ৰেও সন্দেহ নাই। পিছে আগন্তুক নিৰ্বাচনত এই নতুন ৰাজনৈতিক দলসমূহক ৰাইজে কিদৰে গ্ৰহণ কৰে- সেয়া হ'ব লক্ষ্যণীয়।
বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ উত্তপ্ত হৈ আছে বড়োলেণ্ডৰ ৰাজনীতি। বিশেষকৈ বিটিচিৰ শাসন বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ পৰা ৰাজ্যপাললৈ হস্তান্তৰিত কৰাক লৈ মিত্ৰদল বিজেপিৰ সৈতে অসন্তুষ্ট হৈ আছে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট। যাৰ প্ৰভাৱ আগন্তুক নিৰ্বাচনত দেখিবলৈ পোৱা যাব বুলি একাংশ ৰাজনীতিবিদে প্ৰকাশ কৰিছে।
২০১৪ৰ লোকসভা নিৰ্বাচনৰ পৰা ৰাজ্যত সাংগঠনিক ভেঁটি হেৰুৱাই পেলোৱা কংগ্ৰেছ দলে পোন্ধৰ বছৰৰ শাসনৰ পিছত ২০১৬ৰ অসম বিধানসভা নিৰ্বাচনত অসম শাসনৰ ক্ষমতা হেৰুৱাইছিল। যাৰ বাবে ২০২১ৰ নিৰ্বাচন জিকিবলৈ এতিয়াৰে পৰা ৰণকৌশল আৰম্ভ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে। ইয়াৰ বাবে কংগ্ৰেছে মিত্ৰতা স্থাপন কৰিছে এসময়ৰ শত্ৰু দল এ.আই.ইউ.ডি.এফৰ সৈতে। কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাক লৈ উত্তপ্ত হৈ আছে ৰাজ্যৰ ৰাজনীতি। সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত ক্ষমতা দখলৰ স্বপ্নৰে কংগ্ৰেছে মূলতঃ এআইইউডিএফৰ সৈতে মিত্ৰতা স্থাপন কৰিছে। এই মিত্ৰতাক লৈ অসন্তুষ্ট হৈ পৰিছে কংগ্ৰেছৰ বহু নবীন-প্ৰবীণ নেতা। দুয়োটা দলৰ মিত্ৰতাই উজনি অসমত কংগ্ৰেছৰ ভাবমূৰ্তি বিনষ্ট কৰিব বুলি বহুতে আশংকা ব্যক্ত কৰিছে। কিন্তু দল দুটাৰ শেহতীয়া কাৰ্যকলাপে আগন্তুক অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এ.আই.ইউ.ডি.এফে একেলগে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত কৰিছে। এনেদৰেই ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে উত্তাল হৈ পৰিছে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট।
Comments
Post a Comment