মানসিক পৰিৱৰ্তন

            মহামাৰী ক'ভিড-১৯ নামৰ ভাইৰাছবিধে মানুহৰ গতানুগতিক জীৱনযাত্ৰাৰ সকলো ক্ষেত্ৰতে এক অভাৱনীয় পৰিৱৰ্তন ঘটালে। যাৰ দ্বাৰা মানুহৰ মনঃস্তাত্বিক দিশতো পৰিৱৰ্তন হ'ল। যিটো সময়ত আধুনিক মানৱ সমাজে কেৱল ধন আহৰণ আৰু ভোগবাদী মানসিকতাক আকোঁৱালি লোৱাৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে, সেই সময়টোতে মহামাৰী কালত মানুহ মানসিকভাৱে কিছু পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে। ক'ভিড-১৯ ভাইৰাছৰ পৰা ৰক্ষা পোৱাৰ ব্যৱস্থা হিচাপে 'সামাজিক দূৰত্ব'ৰ নীতিয়ে মানুহক সমাজৰ পৰা দূৰ কৰি নিলে যদিও আত্মীয়জনৰ কাষ চপাই নিয়াত সহায় কৰিলে 'সামাজিক দূৰত্ব'ই। আত্মীয়জনৰ ওচৰত থাকি মনৰ ভাৱ বিনিময় কৰা, বৃদ্ধ পিতৃ-মাতৃৰ শুশ্ৰূষা কৰা আৰু নিজ সন্তানৰ বাবে কিছু সময় দি তেওঁলোকৰ শাৰীৰিক-মানসিক অৱস্থাৰ বুজ লোৱাৰ বাবে সুযোগ প্ৰদান কৰিলে মহামাৰী ক'ৰ'নাই। যাৰ বাবে মানুহে কিছু সময়ৰ বাবে হ'লেও কম্পিউটাৰ, টিভি, মোবাইল, ইণ্টাৰনেটৰ ব্যস্ত যান্ত্ৰিক জগতখনৰ পৰা ওলাই আহি এক সুস্থ বাতাৱৰণত জীয়াই থাকিবলৈ সুযোগ পালে। যিহেতু আধুনিক পৃথিৱীখনত মানুহ ইমানেই ব্যস্ত হৈ পৰিছে যে উপৰোক্ত কামবোৰৰ বাবে আহৰিয়েই নাপায়। এনে মানসিক পৰিৱৰ্তন চিৰস্থায়ী হ'লে সমাজত নিতৌ উদ্ভৱ হৈ থকা বহুতো সমস্যা হয়তো নিমিষতে অন্ত পৰিব।

Comments