আধুনিক অসমৰ তৰুণ


                   ২৩ নৱেম্বৰ ২০২০, বিয়লি ৫ বাজি ৩৪ মিনিট। অৱসান ঘটিল অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এক স্বৰ্ণিল যুগৰ। অসমী আইৰ বুকুৰ পৰা বিদায় ল'লে ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত আপোচবিহীন স্থিতি গ্ৰহণ কৰা ৰাজনীতিৰ দুৰন্ত তৰুণজনে। প্ৰায় পাঁচ দশকজোৰা বৰ্ণিল ৰাজনৈতিক পৰিক্ৰমাৰ অন্ত পেলাই বিদায় ল'লে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জাতীয়তাবাদী আদৰ্শৰ এজন শক্তিশালী নেতা আছিল গগৈ। ৬০ৰ দশকতে ৰাজনীতিৰ পথাৰত প্ৰৱেশ কৰা গগৈয়ে ৰাজনৈতিক ক্ষেত্ৰত লাভ কৰা সফলতা আৰু কাৰ্যদক্ষতাৰ দ্বাৰা সমগ্ৰ উত্তৰ-পূব ভাৰতৰে এজন প্ৰভাৱশালী নেতাৰূপে পৰিচিত হৈছিল। ছয়বাৰকৈ সাংসদৰূপে নিৰ্বাচিত হোৱা গগৈয়ে প্ৰধানমন্ত্ৰী নৰসিং ৰাওৰ কাৰ্যকালত কেন্দ্ৰীয় মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০১ চনত তেওঁ প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছত ক্ৰমাগত ভাৱে ২০০৬ আৰু ২০১২ চনৰ নিৰ্বাচনত পুনৰ মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত হয়। অসমৰ ইতিহাসত সবাতোকৈ দীৰ্ঘকাল মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা ব্যক্তি আছিল তেওঁ।
                           ২০১৫ চনৰ পৰা ২০১৬ চনলৈ ১৫ বছৰ কাল মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসমৰ উন্নয়নৰ স্বাৰ্থত তেওঁ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। কিন্তু তেওঁৰ শাসনকালত সংঘটিত কিছুমান বৃহৎ দুৰ্নীতিয়ে গগৈ চৰকাৰখনৰ উন্নয়নমূলক কাৰ্যসমূহক সম্পূৰ্ণৰূপে আৱৰি পেলালে। ২০০১ চনত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈয়ে যেতিয়া শপত গ্ৰহণ কৰিছিল, সেই অসমখন আছিল চৌদিশে হত্যা, হিংসা, অপহৰণ আৰু আতংকৰে ছানি ধৰা এখন অশান্তজৰ্জৰ ভূমি। চৰকাৰ গঠন কৰিয়েই অশান্তজৰ্জৰ অসমভূমিক পুনৰোদ্ধাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল তৰুণ গগৈয়ে। অসম গণ পৰিষদৰ শাসনকালত সংঘটিত গুপ্তহত্যা ৰোধৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা লৈছিল গগৈ চৰকাৰে। উগ্ৰপন্থী সংগঠনসমূহক মূলসূঁতিলৈ ঘূৰাই অনাৰ স্বাৰ্থত তৰুণ গগৈৰ অতুলনীয় অৱদান আছে। এই পন্থা অৱলম্বন কৰিয়েই আধুনিক অসমখনক নতুন ৰূপ প্ৰদান কৰিছিল গগৈয়ে। উগ্ৰপন্থীয়ে অৱলম্বন কৰা উগ্ৰ নীতিৰ বাবেই স্তব্ধ হৈ পৰিছিল ৰাজ্যখনৰ উন্নয়ন। শিক্ষা, স্বাস্থ্য, গড়কাপ্তানিকে ধৰি নিৱনুৱা-বানপানী সমস্যাই ভাৰাক্ৰান্ত কৰা অসমখনক উদ্ধাৰৰ বাবে তেওঁ লৈছিল বিভিন্ন আচঁনি। দিছপুৰত তৰুণ গগৈৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছতেই ২০০৩ চনক বিটিচি চুক্তি স্বাক্ষৰৰ জৰিয়তে বি.এল.টিক মূলসূঁতিলৈ ঘূৰাই অনাত সক্ষম হৈছিল চৰকাৰখন। ইযাৰ পিছতেই গঠন হৈছিল বিপিএফ দলৰ। এন.ডি.এফ.বি.ৰো কেইবাটাও গোট মূলসূতিলৈ ঘূৰি আহিছিল গগৈৰ দৃঢ় প্ৰচেষ্টাতে। গ্ৰাম্য অৰ্থনীতি আৰু নাৰী সৱলীকৰণৰ ক্ষেত্ৰতো তৰুণ গগৈৰ পদক্ষেপ আছিল অতুলনীয়। যুৱ-প্ৰজন্মক লৈ সদায় সচেতন আছিল গগৈ। অসমখনক আধুনিক বিশ্বৰ সৈতে খাপ খুৱাকৈ প্ৰস্তুত কৰিবলৈ মনে-প্ৰাণে চেষ্টা কৰিছিল বৰ্ষীয়ান ৰাজনীতিবিদজনে। ৰাজ্যখনৰ অৰ্থনৈতিক স্থিতি সংস্কাৰ কৰাৰ ক্ষেত্ৰতো গগৈ আমোলৰ ১৫বছৰ আছিল অতি গুৰুত্বপূৰ্ণ। সদায় অসমৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনে কিন্তু দুৰ্নীতি নিৰ্মূলত ব্যৰ্থ হৈছিল। ইয়াৰ মূলতে আছিল তেওঁৰ চৰকাৰখনৰ উপযুক্ত পৰিকল্পনাৰ অভাৱ আৰু একাংশ মন্ত্ৰী তথা বিষয়াৰ অদক্ষতা। মূলতঃ দুৰ্নীতিৰ বাবেই চৰকাৰখনে কৰা উন্নয়নমূলক ছবিখন অদৃশ্য হ'বলৈ বাধ্য হ'ল। কিন্তু এটা কথা সকলোৰে স্বীকাৰ্য যে, ১৫ বছৰে তৰুণ গগৈৰ শাসনকাল আছিল অসমে নতুনত্ব গ্ৰহণৰ এক সোণালী যুগ। একবিংশ শতিকাৰ প্ৰথম সময়ছোৱাতে অসমে লাভ কৰিছিল এজন অদ্বিতীয় ৰূপকাৰ। যাৰ হাতৰ পৰশত সকলো দিশতে উন্নয়নে গতি লাভ কৰিছিল আৰু অশান্ত জৰ্জৰ অসমলৈ ঘূৰি আহিছিল শান্তিৰ পৰিৱেশ। এনেবোৰ অবিস্মৰণীয় অৱদানৰ বাবেই অসমৰ ৰাইজৰ হৃদয়ত চিৰস্মৰণীয় হৈ ৰ'ব অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ দূৰন্ত তৰুণ, জননেতা তৰুণ গগৈ। আধুনিক অসমৰ ৰূপকাৰজনলৈ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি।  

Comments