অসমৰ স্মৃতিপটত ২০২০....


                        সময়ৰ বোঁৱতী সুতিত বৈ গ'ল আৰু এটা বছৰ। বহু ঘটনা-পৰিঘটনা আৰু প্ৰাপ্তি-অপ্ৰাপ্তিৰে ইতিহাসৰ পাতত লিপিবদ্ধ হ'বলৈ ওলাইছে বিদায়ী ২০২০ বৰ্ষটোৱে। সমগ্ৰ বিশ্বৰ বাবে ২০২০ বৰ্ষটো আছিল ব্যতিক্ৰম। মহামাৰী ক'ভিড-১৯য়ে সমগ্ৰ বিশ্ব ত্ৰাস কৰিলে। ২০২০ বৰ্ষত সংঘটিত ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক দিশৰ বহু ঘটনাই বিশ্বৰ প্ৰতিটো ক্ষেত্ৰত প্ৰভাৱ পেলাই থৈ গৈছে। আজি এই লেখাৰ জৰিয়তে অসমৰ প্ৰেক্ষাপটত সংঘটিত এনে কিছুমান গুৰুত্বপূৰ্ণ ঘটনাৰ বিষয়ে আলোকপাত কৰা হৈছে, যিসমূহ ঘটনাই অদূৰ ভৱিষ্যতেও ৰাজ্যখনৰ আৰ্থ- সামাজিক ক্ষেত্ৰত প্ৰভাৱ পেলাই থাকিব।

CAA-বিৰোধী আন্দোলন- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত তীব্ৰ প্ৰতিবাদ হোৱাৰ মাজতে ২০১৯ বৰ্ষটো মেলানি মাগে আৰু ২০২০ বৰ্ষটো উদয় হয়। বিধেয়কখন গৃহীত হোৱাৰ পাছত আইনত পৰিণত হোৱাত 'কা' বিৰোধী আন্দোলনে জটিল ৰূপ ধাৰণ কৰে। অসমৰ জনসাধাৰণে নাগৰিকত্ব আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদেৰে শাসকীয় বিজেপিৰ প্ৰতি তীব্ৰ বিষাদগাৰ প্ৰকাশ কৰে। ২০২০চনৰ জানুৱাৰীত 'কা'ৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালত কেইবাখনো ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰা হয় আৰু মুখ্য ন্যায়াধীশ এছ.এ বোবডে নেতৃত্বাধীন বিচাৰপীঠে আইনৰ বৈধতা সম্পৰ্কে শুনানি গ্ৰহণ কৰে।  ক'ভিড মহামাৰীৰ বাবে বিচাৰপীঠে চূড়ান্ত শুনানি দিয়াত পলম কৰে আৰু বৰ্তমানেও ইয়াৰ শুনানি চলি আছে। 

ক'ভিড-১৯- ২০২০ বৰ্ষটো বিশ্বৰ প্ৰতিজন লোকৰ মানসপটত ক'ভিড-১৯ নামৰ ভাইৰাছবিধে অনা ভয়াৱহ ধ্বংসলীলাৰ বাবে চিৰদিন জিলিকি থাকিব। দেশৰ লগতে অসমতো এই ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰে। মাৰ্চ মাহৰ শেষ পৰ্যায়ত অসমত প্ৰথমজন ক'ভিড আক্ৰান্ত চিনাক্ত কৰা হয়। ইয়াৰ লগে লগে সমগ্ৰ ৰাজ্যত লকডাউন ঘোষণা কৰা হয়। লকডাউনৰ পৰিপ্ৰেক্ষিতত অসমৰ অৰ্থনৈতিক-ৰাজনৈতিক-সামাজিক-শৈক্ষিক সকলো ক্ষেত্ৰতে ব্যাপক ক্ষতিসাধন হয়। ৰাজ্যৰ স্বাস্থ্যবিভাৰ ব্যাপক আৰু দূৰদৰ্শী পৰিকল্পনাৰ বাবে ৰাজ্যত ক'ভিড কিছু হাৰত কমকৈ ধ্বংসলীলা চলায়।  ৩১ ডিচেম্বৰ পৰ্যন্ত ৰাজ্যত ক'ভিড আক্ৰান্ত মৃত্যু হৈছে ১,০৪৩জনৰ। 

বাঘজান তৈলখাদৰ জুই- তিনিচুকীয়া জিলাৰ বাঘজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ এটা তৈল খাদত এই বৰ্ষৰ ২৭ মে'ত এক বিজুতি ধৰা পৰে। এই ঘটনাৰ পিছতে যাতে ইয়াৰ দ্বাৰা ভয়াৱহ দুৰ্ঘটনা সংঘটিত হ'ব নোৱাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে সমীপৱৰ্তী গাওঁবাসীক স্থাতান্তৰিত কৰা হয়। দেশ-বিদেশৰ বিশেষজ্ঞৰ দলে উদ্ভৱ হোৱা সমস্যাটো সমাধান কৰাত ব্যৰ্থ হয় আৰু ৯জুনত সংঘটিত হয় অপ্ৰত্যাশিত ঘটনাটো। তেলখাদত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। বাঘজানৰ স্থানীয় বাসিন্দাৰ সকলো সম্পত্তি নষ্ট কৰাৰ লগতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ- বৈচিত্ৰ্যৰ প্ৰতিও ভয়াৱহতা কঢ়িয়াই আনে বাঘজানৰ অগ্নিকাণ্ডই। প্ৰায় পাচঁ মাহৰ অন্তত বিদেশী বিশেষজ্ঞৰ বিশেষ সহায়ত বাঘজানৰ বিধ্বংসী জুই নিৰ্বাপিত হয়।

নতুন ৰাজনৈতিক দল- নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি হোৱা তীব্ৰ জনমতৰ প্ৰতি লক্ষ্য ৰাখি অসমত গঠন হয় কেইবাটাও আঞ্চলিক ৰাজনৈতিক দল। বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা গঠন হয় 'অসম জাতীয় পৰিষদ' নামৰ এটা নতুন আঞ্চলিক ৰাজনৈতিক দল। শেহতীয়াকৈ এই দলে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক প্ৰস্তুতি চলাইছে। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক নেতৃত্বত দলটোৱে ৰণকৌশল যুগুত কৰাত ব্য়স্ত হৈ পৰিছে। একেদৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও পুনৰ এক ৰাজনৈতিক দল গঠন কৰি আগন্তুক নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে। 'ৰাইজৰ দল' নামেৰে নতুন দলটো গঠন কৰা হৈছে। 

SI নিযুক্তি কেলেংকাৰী- ২০২০ বৰ্ষত অসমত চৰ্চা লাভ কৰা আন এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল অসম আৰক্ষীৰ এছ.আই নিযুক্তি পৰীক্ষাত সংঘটিত হোৱা কেলেংকাৰী। এছ.আই নিযুক্তি পৰীক্ষাৰ দিনা প্ৰশ্নকাকত ফাদিল হোৱাত পোহৰলৈ আহিল ৰাজ্যৰ কেইবাগৰাকীও ক্ষমতাশালী ব্যক্তিৰ নেতৃত্বত হোৱা কেলেংকাৰীৰ প্ৰকৃত তথ্য। এই কেলেংকাৰীৰ লগত জড়িত অসম আৰক্ষীৰ প্ৰাক্তন মহা-পৰিদৰ্শক পি.কে. দত্ত, কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণ, বিজেপি নেতা  দিবন ডেকাকে ধৰি মুঠ ৩৬ জনক চিআইডিয়ে আটক কৰিছে। পৰৱৰ্তী সময়ত কঠোৰ নীতি-নিয়মেৰে এছ.আই পৰীক্ষা অনুষ্ঠিত হয়।

তৰুণ গগৈৰ দেহাৱসান- অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ বাতৰিয়ে ২০২০ৰ শেষৰ ভাগত সমগ্ৰ অসমবাসীক শোকস্তব্ধ কৰি তোলে। ২০০১ চনৰ পৰা ২০১৬ চনলৈ অসমৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা তৰুণ গগৈ অসমৰ সৰ্বোতপ্ৰকাৰৰ উন্নতিৰ স্বাৰ্থত অহোপুৰুষাৰ্থ কৰিছিল। বিশেষকৈ সন্ত্ৰাসবাদীৰ পৰা ৰাজ্যখনক শান্তিৰ দিশলৈ আগুৱাই নিয়াত প্ৰয়াত গগৈৰ ভূমিকা আছিল অতুলনীয়। তেওঁৰ মৃত্যুত অসমে এজন বিচক্ষণ নেতা হেৰুৱালে।

বিটিচি নিৰ্বাচন- বছৰটোৰ শেষৰ ভাগত অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন উত্তপ্ত কৰি ৰাখে বিটিচি আৰু তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনে। দুয়োখন নিৰ্বাচনত বিজেপিয়ে অভূতপূৰ্ব সফলতা অৰ্জন কৰে। বিটিচি নিৰ্বাচনত বিজেপিয়ে ইউপিপিএল আৰু জিএছপিৰে মিত্ৰজোট গঠন কৰি চৰকাৰ গঠন কৰে। আনহাতে, তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে অকলেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰে। ২০২০ৰ শেষৰ ভাগত অনুষ্ঠিত এই নিৰ্বাচনসমূহে ২০২১ৰ বিধানসভা নিৰ্বাচনত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে- সেয়া হ'ব লক্ষ্যণীয়।

-এনেদৰে 'কা' আন্দোলনৰ পৰা ক'ভিড-১৯ৰ ধ্বংসলীলালৈ, বাঘজানৰ জুইৰ পৰা এছ আই কেলেংকাৰীলৈ, তৰুণ গগৈৰ মৃত্যুৰ পৰা বিটিচিৰ নিৰ্বাচনলৈ- এইসমূহে বিষয়ে অসমৰ সংবাদ মাধ্যম উত্তাল কৰি ৰাখে। ক'ভিডে ত্ৰাস কৰা ২০২০ বৰ্ষটোক বিদায় দি নতুন আশা আৰু অযুত প্ৰত্যাশাৰে ২০২১ নৱবৰ্ষক আমি সকলোৱে আদৰোঁ আহক।       

Comments