নিৰ্বাচনী প্ৰচাৰ আৰু প্ৰযুক্তিৰ প্ৰভাৱ

                           


      গণতান্ত্ৰিক প্ৰক্ৰিয়াত নিৰ্বাচনী প্ৰচাৰৰ গুৰুত্ব অতি বেছি। শাসক-বিৰোধী  প্ৰতিটো  দলেই ভোটাৰৰ মাজত নিজৰ দলৰ প্ৰচাৰ কৰাৰ  সমান অধিকাৰ লাভ কৰে। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বৰে পৰাই সকলো দলে ভোটাৰক আকৰ্ষিত কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰি আহিছে। সভা, পদযাত্ৰা, বিজ্ঞাপন, পষ্টাৰ ইত্যাদি নিৰ্বাচনী প্ৰচাৰৰ অবিচ্ছেদ্য অংগ। স্বাধীন ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন (১৯৫১-৫২)ৰ পৰা  বৰ্তমানৰ নিৰ্বাচনলৈ দেশৰ ৰাষ্ট্ৰীয়-আঞ্চলিক সকলো ৰাজনৈতিক দলবোৰে নিত্য-নতুন কৌশল অৱলম্বন কৰি জনসাধাৰণক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি আহিছে। গৰু তথা ঘোঁৰাৰ  গাড়ীৰে প্ৰাৰ্থীয়ে গাঁৱে-গাঁৱে ভ্ৰমণ কৰি প্ৰচাৰ কৰাৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী প্ৰচাৰৰ বাবে বিলাসী হেলিকপ্টাৰ ব্যৱহাৰ কৰাও ভাৰতবৰ্ষৰ জনসাধাৰণে প্ৰত্যক্ষ কৰিছে। শাসত থকা দলটোৱে নিজা কাৰ্যকালত কৰা কামখিনি জনসাধাৰণৰ আগত দাঙি ধৰি নিৰ্বাচনত ভোটভিক্ষা কৰে। ইয়াৰ বিপৰীতে বিৰোধী দলসমূহে চৰকাৰৰ বিভিন্ন কাম-কাজৰ সমালোচনা তথা তেওঁলোকে চৰকাৰ গঠন কৰিলে কেনেধৰণৰ কল্যাণমূলক কাম কৰিব- তাৰ সবিশেষ দাঙি ধৰি প্ৰচাৰ কৰে।  নিৰ্বাচনৰ সময়ত  প্ৰচাৰৰ উদ্দেশ্যে ৰাজনৈতিক দলসমূহে কোটি কোটি টকা ব্যয় কৰা পৰিলক্ষিত হয়। মুঠৰ ওপৰত 'হাইভল্টেজ প্ৰচাৰ' (বৰ্তমানৰ সংবাদ মাধ্যমৰ মতে) অবিহনে নিৰ্বাচন এখনৰ পৰিকল্পনাই কৰিব নোৱাৰি। 

              বৰ্তমানৰ প্ৰযুক্তিৰ যুগত নিৰ্বাচনী প্ৰচাৰসমূহো অত্যাধুনিক ৰূপ লাভ কৰা পৰিলক্ষিত হৈছে। ৰাজনৈতিক দলসমূহে প্ৰচাৰৰ বাবে বিভিন্ন প্ৰচাৰ মাধ্যমৰ সহায় লৈছে। এই ক্ষেত্ৰত দলসমূহৰ মাজত এক প্ৰতিযোগিতাৰ সৃষ্টি হৈছে। টেলিভিছন, ইণ্টাৰনেট, ছচিয়েল মিডিয়া, বাতৰি-কাকত ইত্যাদি ক্ষেত্ৰসমূহত প্ৰচাৰৰ মাত্ৰা বৃদ্ধি পাইছে। এই মাধ্যমসমূহত বিজ্ঞাপন তথা নিজা একাউণ্টৰ জৰিয়তে প্ৰচাৰ কৰি জনসাধাৰণক আকৰ্ষণ কৰাৰ প্ৰচেষ্টা চলোৱা হয়। ছচিয়েল মিডিয়া বিশেষকৈ ফেচবুক, ইউটিউব, টুইটাৰ, হোৱাটছএপ ইত্যাদিৰ ব্যৱহাৰকাৰীৰ সংখ্যা ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা হেতুকে ৰাজনৈতিক দলসমূহে এই মাধ্যমবোৰক প্ৰচাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে। উল্লেখযোগ্য যে, ভাৰতত ফেচবুক ব্যৱহাৰকাৰী ৪৪.৮ কোটি ইয়াৰ বিপৰীতে ইউটিউব আৰু হোৱাটছএপৰ ব্যৱহাৰকাৰীৰ সংখ্যা ৫৩ কোটি। সামাজিক মাধ্যমত ৰাজনৈতিক দলসমূহে নিজস্ব মত, দৃষ্টিভংগী, আদৰ্শ আৰু চৰকাৰ গঠন কৰিব পাৰিলে কৰিবলগীয়া কামৰ সবিশেষ দাঙি ধৰে। যাৰ জৰিয়তে নতুন প্ৰজন্মৰ ভোটাৰসকল একোটা বিশেষ দলৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হয়।  ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰচাৰৰ ক্ষেত্ৰত ডিজিটেল মাধ্যমৰ অত্যধিক ব্যৱহাৰ কৰি এক বিশাল সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পৰৱৰ্তী নিৰ্বাচনসমূহত প্ৰায় সকলো ৰাজনৈতিক দলে ডিজিটেল মাধ্যমত প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে। 

                           এইবাৰ অসম বিধানসভা নিৰ্বাচনৰ বাবেও ৰাজ্যৰ ভিন্ন ৰাজনৈতিক দলসমূহৰ তীব্ৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। এই লেখা লিখা থকা পৰ্যন্ত নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও দলসমূহে জনসভা, বিজ্ঞাপন, পদযাত্ৰা আদিৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। ডিজিটেল মাধ্যমৰ যোগেদিও ব্যাপক প্ৰচাৰ কৰা পৰিলক্ষিত কৰা হৈছে। বিশেষকৈ কংগ্ৰেছ, বিজেপি আৰু নৱগঠিত অসম জাতীয় পৰিষদৰ তীব্ৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। 

    

Comments