মহাৰণ ২০২১ : সামগ্ৰিক বিশ্লেষণ


          নিৰ্বাচন আয়োগে তিনিটা পৰ্যায়ত অসমত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰাৰ পিছতে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত তীব্ৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। ২৭ মাৰ্চ, ১ আৰু ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ ভোটগণনা হ'ব ২ মে'ত। ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে বিভিন্ন বিষয়বস্তুৰ জৰিয়তে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। এই লেখাৰ জৰিয়তে অসমৰ ৰাজনৈতিক দলসমূহে আগন্তুক নিৰ্বাচনৰ বাবে যুগুত কৰা কৌশল আৰু বিষয়বস্তুৰ বিষয়ে এটি পৰ্যালোচনা আগবঢ়োৱা হৈছে। অসমত মূলতঃ তিনিটা মূল ৰাজনৈতিক শক্তিৰ মাজত প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা গৈছে। এইকেইটা হ'ল- কংগ্ৰেছ মহাজোঁট, বিজেপি মিত্ৰজোঁট আৰু নৱগঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল।
           কংগ্ৰেছ দলে আগন্তুক নিৰ্বাচনত বিজেপিক প্ৰতিৰোধৰ বাবে এখন বৃহৎ মঞ্চ তৈয়াৰ কৰিছে। য'ত আছে বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন AIUDF, হাগ্ৰমা মহিলাৰী নেতৃত্বাধীন BPF, অজিত ভূঞাৰ আঞ্চলিক মৰ্চা, বিহাৰ মূলৰ RJD, CPI, CPI(M) আৰু CPI(ML)। এই মহাজোঁটৰ নেতৃত্ব বহন কৰিছে কংগ্ৰেছে। বিজেপিক অসমৰ শাসনৰ পৰা উৎখাত কৰাৰ উদ্দেশ্যে কংগ্ৰেছে বিবিধ পন্থা অৱলম্বন কৰিছে। ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ তীব্ৰ প্ৰচাৰ অভিযানে ৰাজ্যৰ ৰাজনীতি উত্তপ্ত কৰি তুলিছে। নাগৰিকত্ব সংশোধনী আইন (কা), ব্যক্তিগতকৰণ, নিবনুৱা সমস্যাকে ধৰি বিজেপি চৰকাৰৰ বিফলতাসমূহৰ প্ৰচাৰৰ লগতে পাঁচটা গ্ৰেৰাণ্টিৰ জৰিয়তে কংগ্ৰেছ মহাজোঁটে ভোটাৰ ৰাইজক আকৰ্ষণৰ চেষ্টা চলাইছে। কংগ্ৰেছে শাসনলৈ আহিলে 'কা' বাতিল কৰাৰ লগতে ৰাজ্যখনৰ ৫লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰোপৰি চাহ শ্ৰমিকৰ মজুৰি ৩৬৫টকা আৰু প্ৰতিমাহে গৃহিনীসকলৈ ২০০০ টকা আৰু ২০০ ইউনিট বিনামূলীয়া বিজুলী যোগানৰ প্ৰতিশ্ৰুতি দিছে মহাজোঁটে। এনেদৰে বিজেপি চৰকাৰৰ পূৰ্বে ১৫ বছৰ ধাৰাবাহিকভাৱে ৰাজ্যৰ শাসনত থকা কংগ্ৰেছে চমকলগা আঁচনিৰ জৰিয়তে ২০২১ৰ নিৰ্বাচনত জয় লাভ কৰাৰ সোপান ৰচিছে। ৰাজ্যত কংগ্ৰেছৰ হৈ ৰিপুণ বৰা, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, গৌৰৱ গগৈয়ে মাৰাথন প্ৰচাৰ চলাইছে।
          প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, ৰাজনাথ সিং, জেপি নাড্ডাকে ধৰি বিজেপিৰ কেইবাগৰাকীও হাইপ্ৰফাইল নেতাই ৰাজ্যত বিজেপিৰ হৈ তীব্ৰ প্ৰচাৰ চলাইছে। বিগত পাচঁটা বছৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে ৰাজ্যখনৰ সকলো দিন বিকাশৰ বাবে কৰা খতিয়ানেৰে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে। ইয়াৰোপৰি ৰাজ্যখনৰ উন্নয়নৰ উদ্দেশ্যে আগন্তুক পাঁচ বছৰৰ বাবে এক পৰিকল্পনা তথা লক্ষ্যও যুগুত কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। এই নিৰ্বাচনত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'লে বানমুক্ত অসম আৰু শুদ্ধ এনআৰচি প্ৰস্তুত কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰোপৰি অসমীয়াৰ ৰাজনৈতিক অধিকাৰ ৰক্ষা কৰাৰ লগতে নামঘৰ আৰু সত্ৰসমূহৰ উন্নতিৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। কৰ্মসংস্থাপন, আত্মনিৰ্ভৰশীল আৰু মহিলা-বৃদ্ধ লোকসকলৰ সবলীকৰণৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰাৰ কৰাৰ কথা ভাৰতীয় জনতা পাৰ্টীৰ ইস্তাহাৰ (Vision Document)ত প্ৰকাশ পাইছে। এনে আঁচনি বা প্ৰতিশ্ৰুতিৰে বিজেপি-অগপ-UPPL মিত্ৰজোঁটে ১০০+ৰ স্বপ্ন দেখিছে। এইবাৰ বিজেপি দলত মুখ্যমন্ত্ৰীক কেন্দ্ৰ কৰি এক কৌতূহলৰ সৃষ্টি কৰি কৰিছে। ২০১৬ৰ নিৰ্বাচনৰ তুলনাত এইবাৰৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব কিছু হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ বিপৰীতে ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱ বাঢ়িছে ডঃ হিমন্তবিশ্ব শৰ্মাৰ। এনে প্ৰেক্ষাপটত কোন মুখ্যমন্ত্ৰী হ'ব- সেয়া হ'ব লক্ষণীয়। বিজেপিৰ বোকোচাত উঠি এইবাৰো নিৰ্বাচনো পাৰ হোৱাৰ প্ৰচেষ্টা চলাইছে অতুল‌ বৰা নেতৃত্বাধীন অসম গণ পৰিষদে। এইবাৰ নিৰ্বাচনত বড়োভূমিৰ যুঁজো অতি আকৰ্ষণীয় হ'ব। বিটিচি নিৰ্বাচনত জয় লাভ কৰি চৰকাৰ গঠন কৰা প্ৰমোদ বড়োৰ UPPLয়ে বিজেপিৰ হৈ বড়োভূমিত মুখামুখি হ'ব BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে।
               নৱগঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও এইবাৰ বিধানসভা নিৰ্বাচনত নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ প্ৰচেষ্টা চলাইছে। ৰাইজৰ দলৰ হৈ অখিল গগৈয়ে শিৱসাগৰত প্ৰাৰ্থীত্ব আগবঢ়াইছে। অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈয়ে দুলীয়াজান আৰু নাহৰকটীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে। মূলতঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰোধিতা আৰু কোনো ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ সৈতে আপোচ নকৰা ক্ষেত্ৰত জাতীয় পৰিষদে গুৰুত্ব দিছে। ইয়াৰোপৰি অসমীয়াৰ সাংবিধানিক সুৰক্ষাৰ স্বাৰ্থত দৃঢ় পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি দিছে পৰিষদে। অসমৰ ভাষিক-সাংস্কৃতিক পৰিচয় ৰক্ষাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক-সামাজিক উন্নয়নৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ পৰিকল্পনা আগবঢ়াই নিৰ্বাচনত নামিছে লুৰীণজ্যোতি নেতৃত্বাধীন অসম জাতীয় পৰিষদ।
          এনেদৰে অসমৰ প্ৰতিটো ৰাজনৈতিক দলে বিধানসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হ'বলৈ ন-ন পদক্ষেপ গ্ৰহণ কৰিছে। এইক্ষেত্ৰত ৰাইজে তেওঁলোকক কিমানদূৰ বিশ্বাস কৰে- সেয়া প্ৰতিফলিত হ'ব অহা ২মে'ত। ইতিমধ্যে ৰাজ্যত ২৭ মাৰ্চত ৪৭টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে। ১ এপ্ৰিলত ৩৯টা সমষ্টিত আৰু ৬ এপ্ৰিলত ৪০টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

Comments