২০২০ চনৰ ৩১ জানুৱাৰীত ভাৰতত প্ৰথমটো ক'ভিড-১৯ আক্ৰান্ত ব্যক্তি ধৰা পৰে। ইয়াৰ পিছতেই সমগ্ৰ দেশতেই তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হয় আৰু ২৫ মাৰ্চৰ পৰা দেশব্যাপী লকডাউনৰ ঘোষণা কৰা হয়। ভাৰতে লকডাউন ঘোষণা কৰাৰ সময়ত মুঠ আক্ৰান্তৰ সংখ্য়া আছিল প্ৰায় ৫০০জন। ইতিমধ্য চীন, ইটালী, ব্ৰাজিলৰ দেশত ক'ভিডে এক জটিল ৰূপ ধাৰণ কৰি ইয়াৰ ভয়াৱহতা সম্পৰ্কে সমগ্ৰ বিশ্বক অৱগত কৰিছিল। এপ্ৰিল মাহৰ পৰা দেশত ক'ভিড-১৯ৰ প্ৰথম জোৱাৰ আৰম্ভ হয় আৰু আক্ৰান্ত লোকৰ সংখ্যাই অভিলেখ ৰচনা কৰি গ'ল। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা বছৰৰ ১১ অক্টোবৰত দেশত সৰ্বাধিক আৰু অভিলেখসংখ্য়ক ১লাখ ৬২হাজাৰ ৯২৭ জন লোক ক'বিড-১৯ত আক্ৰান্ত হয়। এইটো আছিল বছৰটোৰ সৰ্বাধিক আক্ৰান্ত সংখ্যা আৰু প্ৰথম জোৱাৰৰ শৃংগ।
বৰ্তমান সমগ্ৰ দেশ এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছে। এই পৰিস্থিতি অতি ভয়ানক আৰু অবৰ্ণনীয়। আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাই নিতৌ বিশ্ব অভিলেখ ভংগ কৰিছে। দেশত জৰুৰীকালীন অৱস্থাৰ দৰে পৰিৱেশ গঢ়ি উঠিছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি অসহায় হৈ পৰিছে ভাৰত চৰকাৰ। ৰাজ্য চৰকাৰসমূহেও ক'ভিডৰ ভয়াৱহতাক ৰোধ কৰিব নোৱাৰি অন্তিম বিকল্পৰূপে লকডাউনৰ পন্থাকে গ্ৰহণ কৰিছে। যোৱা ৪ এপ্ৰিলত দেশত এটা দিনত আক্ৰান্তৰ সংখ্যাই ১লাখৰ সীমা অতিক্ৰম কৰি নিয়মীয়া ৰূপ লাভ কৰিছিল। তাৰ পিছত প্ৰতিদিনে ২ লাখ আৰু ৩ লাখ লোক আক্ৰান্ত হ'বলৈ ধৰিলে। যোৱা ১০ দিনমানৰ পৰা বৰ্তমানলৈ প্ৰতিদিনে ৩.৫ লাখ লোক দেশত আক্ৰান্ত হ'বলৈ ধৰিছে। যোৱা ১ মে'ত সৰ্বাধিক ৩লাখ ৯২ হাজাৰ ৪৮৮জন লোক ক'ভিডত আক্ৰান্ত হৈছে আৰু ৪ মে'ত মৃত্যু হৈছে ৩৭৮০জন লোক। উল্লেখ্য যে, পূৰ্বৰ তুলনাত দ্বিতীয় জোৱাৰত মৃত্যুৰ সংখ্য়া বহু বেছি। ইয়াৰ কৰাণ হৈছে কভিড-১৯ ভাইৰাছে সলনি কৰা প্ৰকৃতি। বৰ্তমান অসমৰ লগতে সমগ্ৰ দেশতে ক'ভিডৰ ডাবল মিউটেণ্টৰ ভয়াৱহ সংক্ৰমণ আৰম্ভ হৈছে। যাৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি হৈছে। ক'ভিডৰ ডাবল মিউটেণ্ট (B.1.617) হৈছে ভাইৰাছবিধৰ দুই প্ৰজাতি ক্ৰমে L452R আৰু LE484Qৰ সংমিশ্ৰণ। ডাবল মিউটেণ্ট ভাইৰাছবিধ মানুহৰ দেহৰ হাওঁফাওঁলৈ প্ৰত্যক্ষভাৱে সংক্ৰমিত হৈ মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সম্পূৰ্ণৰূপে নোহোৱা কৰি তুলে। এই প্ৰকৃতিৰ ক'ভিড পূৰ্বতকৈ দ্ৰুতৰূপত সংক্ৰমিত হয়। ই ইউনাইটেড কিংডম আৰু দক্ষিণ আফ্ৰিকাৰ ভেৰিয়েণ্টৰ দ্বাৰা উদ্ভৱ হৈছে। সেয়ে ইয়াৰ অতি ভয়াৱহ স্বৰূপ বৰ্তমান সমগ্ৰ দেশত পৰিলক্ষিত হৈছে।
ক'ভিডৰ দ্বিতীয় জোৱাৰত দেশ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণহীন হৈ পৰাৰ পৰিপ্ৰেক্ষিতত নিশ্চিতভাৱে দেশৰ চৰকাৰখনৰ ভূমিকাৰ ওপৰত প্ৰশ্নৰ উদ্ৰেক ঘটে। নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে উপযুক্ত সময়ত প্ৰয়োজনীয় নীতি গ্ৰহণ নকৰা আৰু ক'ভিড যুদ্ধক সবল নিদিয়াৰ বাবেই দেশে আজি এনে ভয়াৱহ ৰূপ প্ৰত্যক্ষ কৰিবলৈ বাধ্য হৈছে। কেৱল চৰকাৰৰ ব্যৰ্থতাই নহয় জনসাধাৰণৰ অসচেতন ব্যৱহাৰৰ বাবেই এই পৰিস্থিতিৰ উদ্ভৱ হৈছে। ২০২০ৰ নৱেম্বৰৰ পৰা দেশত স্বাভাৱিক পৰিৱেশ ঘূৰি আহিবৈল ধৰাৰ সময়তে জনসাধাৰণ ক'ভিড নীতিসমূহক জলাঞ্জলি দিলে। যাৰ বাবে ফ্ৰেব্ৰুৱাৰী মাহৰ শেষ ভাগৰ পৰা ক'ভিডৰ ভয়াৱহ দ্বিতীয় জোৱাৰ আৰম্ভ হ'ল। মহাৰাষ্ট্ৰ, দিল্লী, বিহাৰ, উত্তৰ-প্ৰদেশ. মধ্যপ্ৰদেশত সৰ্বাধিক ভয়ানক ৰূপ লৈছে। যাৰ বাবে ৰাজ্য চৰকাৰসমূহে নৈশ সান্ধ্য আইন, লকডাউনৰ দৰে ব্যৱস্থা হাতত লৈছে। ক'ভিড যুদ্ধত আটাইতকৈ প্ৰয়োজনীয় সামগ্ৰী সমূহৰ উপয়ুক্ত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাটো কেন্দ্ৰীয় চৰকাৰৰ আন এটা চৰম ব্যৰ্থতা। সমগ্ৰ দেশত এতিয়া জীৱনদায়িনী অক্সিজেনৰ নাটনি ঘটিছে। যিহেতু ক'ভিডৰ মূল সংক্ৰমণ হাওঁফাওঁত হয়, সেয়েহে ক'ভিড আক্ৰান্ত ৰোগীক অক্সিজেন দিয়াটো অত্যন্ত প্ৰয়োজনীয়। কিন্তু দেশত পৰ্যাপ্ত অক্সিজেন মজুত নথকাৰ বাবে প্ৰতিদিনে সহস্ৰাধিক লোকৰ মৃত্যু হৈছে। ইয়াৰোপৰি ক'ভিড ভেকছিনো পৰ্যাপ্ত পৰিমাণে উৎপাদন কৰিব পৰা নাই দেশখনে। এইবছৰৰ ১৬ জানুৱাৰীত ভাৰতত টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। প্ৰথম পৰ্যায়ত ক'ভিড যোদ্ধাসকলক, দ্বিতীয় পৰ্যায়ত ৬০ৰ উৰ্ধৰ আৰু জটিল ৰোগ থকা ৪৫ৰ উৰ্ধৰ ব্যক্তিক. তৃতীয় পৰ্যায়ত ৪৫ৰ উৰ্ধৰ সকলো ব্যক্তিক ভেকছিন দিয়া হৈছে। ১ মে'ৰ পৰা টীকাকৰণ অভিযানৰ চতুৰ্থ পৰ্যায়ত ১৮ৰ উৰ্ধৰ সকলো ব্যক্তিক সামৰি লোৱাৰ কথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰিছে যদিও ভেকছিনৰ নাটনিৰ বাবে বহুতো ৰাজ্যই এই কাৰ্যসূচী বাতিল কৰিছে। ভাৰতৰ এনে সংকটৰ সময়ত ভেকছিনৰ কেঁচামাল, অক্সিজেন, মাস্ক তথা অনান্য চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰি সহায়ৰ হাত আগবঢ়াইছে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ৰাছিয়া, জাৰ্মানী, ছিংগাপুৰ আদি দেশে। দেশৰ সংকটৰ সময়ত সবল ৰূপত থিয় দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। কেন্দ্ৰীয় চৰকাৰক অক্সিজেনৰ অভাৱ হোৱা ৰাজ্যসমূহত শীঘ্ৰেই যোগান ধৰিবলৈ নিৰ্দেশ দিছে ন্যায়ালয়ে। ইয়াৰোপৰি দেশব্যাপী লকডাউন দিয়াৰো পোষকতা কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে। কিন্তু লকডাউন দিয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় নীতিৰ জৰিয়তে অৰ্থনৈতিকভাৱে পিছপৰা লোকসকলক সহায়ৰ পৰিকল্পনা কৰাৰ পৰামৰ্শ দিয়ে ছুপ্ৰিম ক'ৰ্টে। ইয়াৰোপৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগৰ বিশেষজ্ঞ তথা হোৱাইট হাউছৰ মুখ্য স্বাস্থ্য পৰামৰ্শদাতা Dr. Anthony Fauciয়ে ভাৰতক সম্পূৰ্ণ লকডাউন দিয়াৰ পৰামৰ্শ আগবঢ়াইছে। ক'ভিড১৯ৰ দ্বিতীয় জোৱাৰৰ ভয়াৱহতাক ৰোধৰ বাবে নিশ্চয় দেশত সম্পূৰ্ণ লকডাউন দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে।
দেশত ক'ভিড-১৯য়ে ভয়াৱহ ৰূপ লোৱাৰ অন্যতম কাৰণ হ'ল সদ্যসমাপ্ত ৫ খন ৰাজ্যৰ নিৰ্বাচত হোৱা জনসমাদেশ। অসম, পশ্চিম-বংগ, তামিলনাডু, কেৰেলা আৰু পুডুচেৰীত ভোটদান প্ৰক্ৰিয়া ক'ভিড প্ৰ'ট'কল মানিয়েই সম্পন্ন হৈছিল যদিও নিৰ্বাচনী সমাৱেশবোৰত হোৱা লাখ লাখ জনসমাগম দেশৰ বাবে শুভ লক্ষণ নাছিল। কিয়নো যেতিয়া ক'ভিড বিধি মানিবলৈ নিৰ্দেশ দিয়া লোকজনেই যদি ক'বিড প্ৰ'ট'কল ভংগ কৰে, তেন্তে জনসাধাৰণ নিশ্চয় বিভ্ৰান্তিত পৰিব। দেশত দ্বিতীয় জোৱাৰ আৰম্ভ হোৱাৰ সময়ত স্বয়ং প্ৰধানমন্ত্ৰীৰ সভাতেই লাখ-লাখ লোকে মাস্ক পৰিধান নকৰি সামাজিক দূৰত্বৰ নীতিক উপহাস কৰি সমাৱেশ হৈছিল। অসমতো নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনৰ পৰা ভোটগ্ৰহণৰ দিনকেইটালৈ দৈনিক ৫০-৭০ জন লোক ক'ভিডত আক্ৰান্ত হৈছিল। কিন্তু সেইসময়ত একমাত্ৰ ৰাজনৈতিক স্বাৰ্থপূৰণৰ বাবে ৰাজ্য চৰকাৰে অসমত ক'ভিড নাই বুলি মন্তব্য দিছিল আৰু শাসক-বিৰোধী প্ৰতিটো দলেই ৰাজনৈতিক সভা পাতিছিল। অসমত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ২৭ মাৰ্চত, সেইদিনা ৰাজ্যত ক'ভিড আক্ৰান্ত হয় ৪৬জন। ২য় পৰ্যায়ত অৰ্থাৎ ১ এপ্ৰিল দিনা ৫৮জন আৰু অন্তিম পৰ্যায় অৰ্থাৎ ৬ এপ্ৰিলৰ দিনা ৯২জন ক'ভিড-১৯ত আক্ৰান্ত হয়। ইয়াৰ পিছতো ৰাজ্য চৰকাৰে সুকলমে বিহু পাতিব পাৰিব বুলি ঘোষণা কৰিছিল যদিও গৰু বিহু আৰু ব'হাগৰ প্ৰথম দিনটোতে ৰাজ্যত আক্ৰান্তৰ সংখ্যা ধৰা পৰে ক্ৰমে ৩৮৫ আৰু ৪৯৯। এনেদৰে জনসাধাৰণৰ স্বাস্থ্যৰ লগত চৰম হেতালি খেলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। বিগত নিৰ্বাচনত হোৱা বৃহৎ বৃহৎ ৰাজনৈতিক সমাৱেশৰ বাবে উচ্চতম ন্যায়ালয়ৰ চৰম ভৰ্ৎসনাৰ সন্মুখীন হয় দেশৰ নিৰ্বাচন আয়োগ। আনকি নিৰ্বাচন আয়োগৰ বিষয়াৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজো কৰাৰো হুংকাৰ দিয়ে ন্যায়ালয়ে। অসমতো বৰ্তমান ক'ভিড পৰিস্থিতি অতি ভয়াৱহ। যাৰ বাবে নৈশ সান্ধ্য আইন জাৰি কৰাৰ লগতে সকলো পৰীক্ষা বাতিল কৰি অনিৰ্দিষ্টকালীনলৈ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰাৰ নিৰ্দেশ দিছে। ইয়াৰোপৰি ৰাজ্যত সকলোধৰণৰ জনসমাগম নিষিদ্ধ কৰা হৈছে। ৰাজ্যত ভোটগণনাৰ দিনা ২,৩৮৫জন ক'ভিডত আক্ৰান্ত হয় আৰু মৃত্যু হয় ৩০ জন লোকৰ। মংগলবাৰে অৰ্থাৎ ৪ মে'ৰ দিনা ৪,৪৭৫জন লোক ক'ভিডত আক্ৰান্ত হয় আৰু এদিনত সৰ্বাধিক ৪১জন লোকৰমৃত্যু হয়। ভয়াৱহ ক'ভিড পৰিস্থিক নিয়ন্ত্ৰণ কৰিবলৈ নৱনিৰ্বাচিত বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে কি কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া হ'ব লক্ষণীয়।
(লেখাটোত উল্লেখ কৰা সকলো তথ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ Johns Hopkins Universityৰ Center for Systems Science and Engineering (CSSE)ৰ পৰা লোৱা হৈছে- ৫ মে' ২০২১ৰ ভিত্তিত)
Oti hundor bondhu 👍🙏
ReplyDeleteধন্যবাদ 🙏
Delete