আত্মনিৰ্ভৰ ভাৰত আৰু যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ

                                               


            
২০২০ চনৰ ১২ মেত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশখনক সৰ্বাংগীণ দিশত স্বাৱলম্বিতা বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি ২০ লাখ কোটি টকাৰ এক বৃহৎ অৰ্থনৈতিক পেকেজ ঘোষণাৰে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ শুভাৰম্ভ কৰে। আত্মনিৰ্ভৰ ভাৰতৰৰ প্ৰধান উদ্দেশ্য হৈছে- ভাৰতবৰ্ষৰ  সকলো শ্ৰেণী, সকলো ক্ষেত্ৰ আৰু চৰকাৰৰ সকলো বিভাগ সামৰি দেশৰ সামগ্ৰিক ব্যৱস্থাটোকে আত্মনিৰ্ভৰ কৰি তোলা। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ যোগেদি কৃষি, উদ্যোগ-বাণিজ্য, সামৰিক, শিক্ষা, বিজ্ঞান-প্ৰযুক্তি, স্বাস্থ্য ইত্যাদি খণ্ডবোৰৰ লগত জড়িত সকলোবিলাক সামগ্ৰী তথা প্ৰযুক্তিৰ কেঁচামাল তৈয়াৰ কৰাৰ পৰা উৎপাদন আৰু বিতৰণলৈকে সকলোবোৰ কাৰ্য দেশীয়ভাৱে কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। ইয়াৰোপৰি আত্মনিৰ্ভৰ ভাৰত অভিযানে বিভিন্ন খণ্ডৰ উৎপাদনসমূহক বিশ্ব দৰবাৰলৈ লৈ যাবলৈও ৰূপৰেখা তৈয়াৰ কৰিছে। আত্মনিৰ্ভৰ ভাৰতৰ গুৰুত্বক জনসাধাৰণৰ আগত দাঙি ধৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে“Local for the Vocal” আৰু “Make in the India to make for World”- এই দুটা স্লগান দিছে।

                    আমাৰ দৃষ্টিভংগীৰে ভাৰতবৰ্ষক সবল ৰূপত আত্মনিৰ্ভৰশীলৰূপে গঢ়ি তুলিবলৈ দেশখনৰ যুৱ-প্ৰজন্মৰ শক্তিশালী ভূমিকা হব লাগিব। যুৱক-যুৱতীসকলৰ মাজত থকা বিভিন্ন দক্ষতাসমূহ উপযুক্ত ব্যৱস্থাৰে বিকাশ সাধন কৰিব লাগিব। ইয়াৰ দ্বাৰা যুৱক-যুৱতীসকলে দক্ষ মানৱ সম্পদৰূপে দেশৰ বিকাশত বৰঙণি আগবঢ়াব পাৰিব। ৰাষ্ট্ৰৰ কৃষি, উদ্য়োগ-বাণিজ্য়, সামৰিক, শিক্ষা, বিজ্ঞান-প্ৰযুক্তি, যাতায়াত-পৰিবহণ, স্বাস্থ্য ইত্যাদি বিভিন্ন খণ্ডবোৰত বৰ্তমানৰ যুৱ-প্ৰজন্মই নিজৰ দক্ষতাৰ জৰিয়তে বিকাশ সাধন তথা স্বাৱলম্বী কৰিব পাৰিব। সেয়েহে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য বাস্তাৱায়িত কৰিবলৈ যুৱ প্ৰজন্মৰ দক্ষতাৰ বিকাশ কৰাটো অত্যন্ত আৱশ্যক। উদাহৰণস্বৰূপে কৃষি উৎপাদন, খাদ্য সংসাধন, বস্ত্ৰ-হস্তশিল্প আদিৰ লগত জড়িত যুৱকসকলৰ দক্ষতাসমূহ উপযুক্ত প্ৰশিক্ষণৰ দ্বাৰা বিকাশ সাধন কৰি নিয়োগৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ যোগেদি দেশৰ বিভিন্ন ক্ষেত্ৰৰ উৎপাদন প্ৰক্ৰিয়া ত্বৰান্বিত হোৱাৰ লগতে বিভিন্ন সা-সামগ্ৰীৰ ক্ষেত্ৰত ভাৰতবৰ্ষই অন্য দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহব। অন্য এটা উদাহৰণ হিচাপে যান-বাহন, নিৰ্মাণ কাৰ্য, আন্তঃগাঁথনি নিৰ্মাণ, IT আৰু ITES, খনিজ আহৰণ, বিজুলী উদ্যোগ ইত্যাদি ক্ষেত্ৰৰ দক্ষতা সাধন কৰিলে ভাৰতবৰ্ষ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ বহল ক্ষেত্ৰখনত উন্নতিৰ উচ্চ শিখৰত উপনীত হবলৈ সক্ষম হব আৰু থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰ দ্ৰুত হাৰত বৃদ্ধি পাব। গতিকে যুৱ প্ৰজন্মৰ দক্ষতা বিকাশৰ আঁৰতে আত্মনিৰ্ভৰ ভাৰতক সফল কৰাৰ মাপকাঠী লুকাই আছে।

                    বৰ্তমান ভাৰতবৰ্ষৰ মুঠ জনসংখ্য়াৰ প্ৰায় ৩০%তকৈ অধিক লোক যুৱক-যুৱতীৰ অন্তৰ্গত। এনেক্ষেত্ৰত যুৱকসকলৰ দক্ষতা বিকাশৰ বিষয়টো চৰকাৰে অধিক গুৰুত্ব দি ভাৰতক আৰ্থিক-সামাৰিক-বৈজ্ঞানিক ইত্যাদি সকলো ক্ষেত্ৰতে আত্মনিৰ্ভৰ কৰি তুলিব পাৰে। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে যোৱা ২০১৫ বৰ্ষৰ ১৫ জুলাইত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ জৰিয়তে দেশৰ বিভিন্ন গাওঁ-চহৰৰ লক্ষাধিক যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ লগতে কৰ্মসংস্থাপনৰ বাটো মুকলি কৰি দিছে। কেন্দ্ৰীয় চৰকাৰৰ এই যোজনাই আত্মনিৰ্ভৰ ভাৰত অভিযানক বহুদূৰ আগুৱাই নিয়াত সহায় কৰিব। শেষত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই চিন্তাৰে আমাৰ এই দৃষ্টিপাত সামৰিছোঁ- “The more we give importance to skill development, the more competent will be our youth.”

 

  

Comments