যোৱা ৫ সহস্ৰাধিক বছৰ ধৰি
সমগ্ৰ বিশ্বৰ বিদগ্ধ পণ্ডিতৰ মাজত আলোড়ন সৃষ্টি কৰি থকা হিন্দু ধৰ্মৰ গ্ৰন্থৰূপে
স্বীকৃত শ্ৰীমদ্ভাগৱত গীতা সম্পৰ্কে মহামানৱ মহাত্মা গান্ধীৰ এই বক্তব্যই
গ্ৰন্থখনৰ বিষয়ে অনুসন্ধিৎসু
পাঠকসকলক অধিক কৌতুহল জগাই তোলে। হিন্দু ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ বেদ হৈছে
সমাজবিদ্যা, ৰাজনীতি, দৰ্শন-সাহিত্য, চিকিৎসা শাস্ত্ৰ, গণিতকে ধৰি
জ্ঞান-বিজ্ঞানৰ অনন্ত ভাণ্ডাৰ আৰু
ভাৰতৰ প্ৰাচীন ঐতিহ্যৰ গৌৰৱ। বেদৰ জ্ঞান হৈছে স্থান-কাল-পৰিস্থিতিৰ
উৰ্ধত অৰ্থাৎ বিশ্বজনীন। বৈদিক সাহিত্যত বেদৰ পিছত
উপনিষদসমূহক স্বীকৃতি দিয়া হৈছে। উপনিষদৰ পিছত বেদান্ত দৰ্শনক স্বীকৃতি দিয়া হৈছে।
বেদান্ত হৈছে সকলো বেদ, উপনিষদ, পুৰাণৰ সাৰমৰ্ম আৰু শ্ৰীমদ্ভাগৱত গীতাই হৈছে বেদান্ত।
শ্ৰীমদ্ভাগৱত গীতা হৈছে মহাভাৰতৰ ভীষ্মপৰ্বৰ এটা অংশ। ‘শ্ৰীমদ’
শব্দৰ অৰ্থ হৈছে শ্ৰীমান অথবা শ্ৰী, ‘ভাগৱত’ৰ অৰ্থ হৈছে ভগৱান আৰু গীতাৰ অৰ্থ হৈছে গীত- সামগ্ৰিকভাৱে শ্ৰীমদ্ভাগৱত
গীতাৰ অৰ্থ হৈছে শ্ৰীভগৱানৰ গীত। কুৰুক্ষেত্ৰৰ যুদ্ধভূমিত ভগৱান শ্ৰীকৃষ্ণই পাণ্ডৱ
অৰ্জুনৰ সাৰথিৰূপে আত্মনিয়োগ কৰিছিল। যুদ্ধৰ পূৰ্বে যেতিয়া অৰ্জুনে নিজ
কৰ্তব্যজ্ঞান হেৰুৱাই আত্মীয়ৰ বিপক্ষে যুদ্ধ কৰিবলৈ অমান্তি হৈছিল, সেই মুহূৰ্তত
ভগৱান শ্ৰীকৃষ্ণই যি বিশ্বজনীন জ্ঞান গীত আকাৰে প্ৰদান কৰিছিল, সেয়াই হ’ল শ্ৰীমদ্ভাগৱত গীতা। প্ৰকৃততে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ যোগেদি সমগ্ৰ
মানৱজাতিক এই জ্ঞান প্ৰদান কৰিছিল।
গীতা উৎপত্তিৰ সময়ৰ পৰা বৰ্তমানলৈকে সমগ্ৰ মানৱ
সভ্যতাক প্ৰভাৱান্বিত কৰি আহিছে। এই গ্ৰন্থখনক হিন্দুধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থসমূহৰ
ভিতৰত ধৰা হয় যদিও এই গ্ৰন্থখন জাতি-ধৰ্ম-বৰ্ণৰ উৰ্ধত সকলো লোকে অধ্যয়ন কৰাৰ লগতে
ইয়াৰ নীতিসমূহ নিজৰ জীৱনত পালন কৰিব পাৰে। গীতাৰ দিব্য জ্ঞানে মানুহক জীৱনত সফলতা
প্ৰদান কৰাৰ লগতে সঠিক পথ নিৰূপণ কৰাত সহায় কৰি আহিছে। সেইবাবেই যুগে যুগে বিশ্বৰ
বিভিন্নজন পণ্ডিতে ভাগৱত গীতাৰ জ্ঞানক কেন্দ্ৰ কৰি বিবিধ দৃষ্টিভংগীৰে ভাষ্য লিখি
আহিছে। কিন্তু গীতাৰ যি মূল তত্ত্ব সেয়া সদায় বিশ্বজনীনৰূপত অক্ষুণ্ণ হৈ আছে।
বৰ্তমান সময়ত বিশ্বৰ প্ৰতিটো ক্ষেত্ৰত প্ৰতিজন ব্যক্তিয়ে গীতাৰ জ্ঞানক নিজৰ জীৱনত অনুসৰণ
কৰিব পাৰে। উদাৰহৰণস্বৰূপে, বিশ্বৰ অসংখ্যজন শিক্ষক, শিক্ষাৰ্থী, ব্যৱসায়ী, চিকিৎসক, ৰাজনীতিবিদ, বিজ্ঞানী,
অভিযন্তাই গীতাক অনুসৰণ কৰি আহিছে।
ভাগৱত গীতাৰ মূল তত্ব মূলতঃ পাঁচটা- ঈশ্বৰ, জীৱ, প্ৰকৃতি, কাল আৰু কৰ্ম। এই
তত্ত্বসমূহৰ দ্বাৰাই ভগৱানে প্ৰতিজন মানুহক কিদৰে সুচাৰুৰূপে জীৱন নিৰ্বাহ কৰিব
পাৰি, সেই সম্পৰ্কে জ্ঞান প্ৰদান কৰিছে। গীতাক মানৱ জীৱনৰ manual bookৰূপেও
আখ্যা দিব পাৰি। manual book অনুসৰণ নকৰিলে যিদৰে কোনো এটা যন্ত্ৰৰ
বিপদ অনিবাৰ্য, ঠিক তেনেদৰে মানুহে গীতাৰ নীতি অনুসৰণ নকৰিলে বিপদ অনিবাৰ্য। গীতাৰ
জৰিয়তে মানৱ জীৱন সুচাৰুভাৱে যাপন কৰাৰ লগতে জীৱনত আহি পৰা সৰুৰ পৰা ডাঙৰলৈ-
যিকোনো সমস্যাৰ সৈতে যুঁজ দিবলৈ গীতাই পথ-প্ৰদৰ্শন কৰে। গীতাৰ কৰ্ম তত্ত্ব সমগ্ৰ
জগততে বিখ্যাত। গীতাই আসক্তিবিহীনভাৱে অৰ্থাৎ কোনো ফল আশা নকৰাকৈ কৰ্ম কৰা
নিৰ্দেশ দিছে। গীতা হৈছে আত্মোলব্ধি (আধ্যাত্মিক উপলব্ধি)ৰ পথত আগবঢ়াই লৈ যোৱা
সঠিক পথ-প্ৰদৰ্শক। গীতাত আধ্যাত্মিক স্তৰৰ বিভিন্ন স্তৰ যেনে- সাংখ্য যোগ,কৰ্মযোগ,
জ্ঞানযোগ, ধ্যানযোগ, ভক্তিযোগ, ৰাজবিদ্যাযোগ ইত্যাদিবোৰৰ সবিশেষ বৰ্ণনা কৰা হৈছে। সমগ্ৰ গীতাত মুঠ ১৮টা অধ্যায়
আৰু ৭০০টা শ্লোক আছে। গীতাক কেৱল এখন ধৰ্ম গ্ৰন্থ আখ্যা দিয়াটো ভ্ৰান্ত্ৰ ধাৰণা
মাত্ৰ, ই হৈছে জীৱন দৰ্শনৰ হাতপুথি। সেইবাবেই ভাৰতৰ এই মহান উপহাৰক বৰ্তমান সমগ্ৰ
বিশ্বই আলফুলে আদৰি লৈছে আৰু ইয়াৰ বিজ্ঞানসন্মত বিশ্লেষণত বিশেষ গুৰুত্ব দিছে।
বিশ্বৰ
বিদগ্ধ পণ্ডিতসকলেও গীতাৰ মহান জ্ঞানক গ্ৰহণ কৰি অভিভূত হৈছে। Father of Atomic Bombৰূপে জনাজাত J. Robert Oppenheimer-এ গীতা সমৰ্কে
এনেদৰে কৈছিল- “We knew the world would not be the same. A few people
laughed, a few people cried. Most people were silent. I remembered the line
from the Hindu scripture, the Bhagavad Gita; Vishnu is trying to persuade the Prince that he should do his
duty and, to impress him, takes on his multi-armed form and says, 'Now I am
become Death, the destroyer of worlds.' I suppose we all thought that, one way
or another.” অষ্ট্ৰেলিয়াৰ বিখ্যাত দাৰ্শনিক তথা সমাজ সংস্কাৰক Rudolf Steinerৰ মতে,"If we want to approach such a
creation as sublime as the Bhagavad-gita with full understanding it is
necessary for us to attune our souls to it." আনহাতে মহিলা মহাকাশচাৰীৰূপে একেৰাহে ১৯৫ দিন ধৰি মহাকাশত
থকাৰ বিশ্ব অভিলেখ গঢ়া নাছাৰ বিশিষ্ট মহাকাশ বিজ্ঞানী Sunita Williamsয়ে গীতা সম্পৰ্কে কৈছে, "Those are spiritual things to
reflect upon yourself,life, world around you and see things other way, I
thought it was quite appropriate." কেৱল
এয়া উদাহৰণহে মাথোঁ। বিশ্বৰ অসংখ্য জ্ঞানী-গুণী পণ্ডিতে গীতা সম্পৰ্কে বিভিন্ন
টোকা তথা মন্তব্য লিখি গৈছে*। গীতাৰ
বিশ্বজনীন জ্ঞানক উপলব্ধি কৰি বিশ্বৰ কেইবাখনো নামজ্বলা বিশ্ববিদ্যালয়ে ভাগৱত গীতাক পাঠ্যক্ৰমৰূপে স্বীকৃতি
দিছে। এইক্ষেত্ৰত Oxford University, Harvard University, Seton Hall
Universityৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি।
জাতি-ধৰ্মৰ উৰ্ধত ভাগৱত গীতাৰ জ্ঞানক সমগ্ৰ বিশ্বজুৰি প্ৰচাৰ প্ৰসাৰত গুৰুত্ব প্ৰদান কৰা এটা প্ৰখ্যাত আধ্যাত্মিক সংস্থা হৈছে আমেৰিকাৰ নিউয়ৰ্কত প্ৰতিষ্ঠা লাভ কৰা International Society For Krishna Consciousness (ISKCON)। ভাৰতৰ বৈষ্ণৱ গুৰু তথা বিশ্ববিখ্যাত আধ্যাত্মিক গুৰু A.C. Bhaktivedanta স্বামী প্ৰভুপাদে এই সংস্থা ১৯৬৬ চনত প্ৰতিষ্ঠা কৰিছিল। ISKCON-ৰ মুখ্য উদ্দেশ্যই হৈছে কৃষ্ণৰ দিব্য বাণীসমূহ বিশ্ববাসীৰ মাজত প্ৰচাৰ কৰা। স্বামী প্ৰভুপাদে ভাগৱত গীতাৰ সাৰমৰ্ম কোনো বিকৃত নকৰাকৈ Bhagawad Gita as-it-is নাম দি ইংৰাজী ভাষালৈ অনুবাদ কৰি বিশ্বজুৰি প্ৰচাৰ কৰাত গুৰুত্ব দিছিল। ISKCON এই ক্ষেত্ৰত বহুদূৰ সফল হৈছে আৰু বিশ্বৰ প্ৰতিখন দেশতে সংস্থাৰ মন্দিৰ স্থাপন কৰি Bhagawad Gita as-it-isৰ প্ৰচাৰ কৰিছে। প্ৰভুপাদৰ Bhagawad Gita as-it-is বিশ্বৰ প্ৰায় ৫৯টাতকৈও অধিক ভাষাত অনূদিত হৈছে আৰু বিশ্বজুৰি সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰো স্বীকৃতি লাভ কৰিছে। ISKCON-ক বিশ্বব্যাপী জনসাধাৰণে আদৰি লোৱা একমাত্ৰ কাৰণ হ’ল সংস্থাটোৱে জাতি-ধৰ্মৰ উৰ্ধত বিজ্ঞানসন্মত বিশ্লেষণৰ জৰিয়তে গীতাজ্ঞানৰ প্ৰচাৰ কৰিছে।
ভাগৱত গীতা মানৱ জাতিৰ বাবে সদায় জ্ঞানৰ চিৰউজ্জ্বল উৎসৰূপে বিবেচিত হৈ আহিছে। ৫০০০ হাজাৰ বছৰ পূৰ্বৰ পৰা বৰ্তমানলৈকে গীতাৰ বিশ্বজনীন তত্ব সকলোৰে বাবে গ্ৰহণযোগ্য হৈ আছে আৰু ভৱিষ্যতেও থাকিব। জীৱনত সফলতা লাভ কৰিবলৈ আৰু জীৱৰ প্ৰতিটো প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিবলৈ ভাগৱত গীতা অধ্যয়ন অতি ফলপ্ৰসূ। সেয়েহে এই আধ্যাত্মিক গ্ৰন্থখনৰ অধ্যয়ন প্ৰতিজন মানুহৰ বাবে অতি প্ৰয়াজন।
(যিসকল আগ্ৰহী পাঠকে ISKCON, Bhagawad Gita as-it-isৰ বিষয়ে অধিক তথ্য জানিবলৈ বিচাৰে তেওঁলোকে তলত উল্লেখ কৰা linkবোৰলৈ গৈ জানিব পাৰে)
*ভাগৱত গীতা সমৰ্কে বিজ্ঞ লোকৰ টোকাসমূহ সংগ্ৰহ কৰা হৈছে- https://en.wikipedia.org/wiki/Influence_of_Bhagavad_Gita
*ভাগৱত
গীতাক পাঠ্যক্ৰমৰূপে গ্ৰহণ কৰা শিক্ষানুষ্ঠানৰ তালিকা- https://www.ncbi.nlm.nih.gov/pmc/articles/PMC7427693/
*ISKCONৰ বিষয়ে-
Wikipedia:- https://en.wikipedia.org/wiki/International_Society_for_Krishna_Consciousness
Official Website:- https://www.iskcon.org
*Bhagawad Gita as-it-isৰ বিষয়ে- https://en.wikipedia.org/wiki/Bhagavad-Gītā_As_It_Is
Very nicely written. It will invoke the spiritual sentiment in those who go through it.
ReplyDeleteThank you very much for your kind words. 🙏
Delete