সাম্প্ৰতিক সময়ছোৱাৰ কেতবোৰ ঘটনাৱলীয়ে সমাজৰ মধ্য তথা নিম্ন উপাৰ্জনকাৰী শ্ৰেণীটোৰ বাবে এক হতাশাগ্ৰস্ত পৰিৱেশৰ সূচনা কৰিছে। এই হতাশাগ্ৰস্ত সমগ্ৰ দেশৰ বিশৃংখল ছবিখনৰ প্ৰতিফলন ঘটাইছে। বিগত বৰ্ষৰ মাৰ্চ মাহত দেশত আৰম্ভ হোৱা মহামাৰী ক'ভিড-১৯ৰ প্ৰথম ঢৌ আৰু এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হোৱা দ্বিতীয় ঢৌৰ পৰিপ্ৰেক্ষিতত দেশজুৰি বলৱৎ কৰা লকডাউন অথবা বিভিন্ন নিষেধাজ্ঞাসমূহৰ ফলত দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনে এক বিধ্বস্ত ৰূপ লাভ কৰাৰ দিশে অগ্ৰসৰ হৈছে। ইয়াৰ পাৰ্শ্বক্ৰিয়া দেশৰ জনসাধাৰণে বৰ্তমান বাৰুকৈয়ে ভূগিবলগীয়া হৈছে। লকডাউনৰ প্ৰত্যক্ষ প্ৰভাৱ হিচাপে বিভিন্ন উদ্যোগ খণ্ডত উৎপাদন হ্ৰাস, কৰ্মসংস্থাপনৰ অভাৱ, অভাৱনীয় মূল্যবৃদ্ধি ইত্যাদি বিশেষ ৰূপত উল্লেখ কৰিব পাৰি। বৰ্তমান মূল্যবৃদ্ধিয়ে এক ভয়াৱহ ৰূপ গ্ৰহণ কৰিছে। পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি শাক-পাচলি, তেল, দাইল ইত্যাদি দৈনন্দিন জীৱনৰ প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য দ্ৰুত গতিত বৃদ্ধি পাইছে। যাৰ ফলত সমাজৰ মধ্য আৰু নিম্ন উপাৰ্জনকাৰী লোকসকলৰ চৰম শোচনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাৰ ফলত পৰিবহণ কৰৰ পৰিমাণ বাঢ়িছে যাৰ ফলত অনান্য সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি পাইছে। লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দেশৰ অৰ্থনীতি পুনৰোদ্ধাৰ কৰাৰ ক্ষেত্ৰতে হওঁক অথবা মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰতে হওঁক- দেশৰ চৰকাৰ এইক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে পুঁজিপতিক সন্তোষ্ট কৰাত ব্যস্ত থকাৰ বিপৰীতে সৰ্বসাধাৰণৰ দুৰৱস্থাক আওকাণ কৰি আছে, সেয়া মূল্যবৃদ্ধিক লৈ চৰকাৰৰ স্থিতিৰ যোগেদিয়েই প্ৰতিফলিত হৈছে। আমাৰ সমাজখনৰ মধ্য তথা নিম্ন উপাৰ্জনকাৰী লোকসকলে দৈনন্দিন প্ৰয়োজনীয়তাসমূহ পূৰণৰ জৰিয়তে সুখী জীৱন যাপন কৰাৰ প্ৰত্যাশাৰেই আগবাঢ়িবলৈ যত্ন কৰে। যদি জনতাৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ এখনে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ অভাৱনীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি সৰ্বসাধাৰণৰ প্ৰয়োজনীয়তাসমূহ পূৰণৰ ক্ষেত্ৰত ব্যৰ্থ হয়, তেন্তে তেনে এখন চৰকাৰক কেতিয়াও 'জনতাৰ চৰকাৰ' অথবা 'সফল চৰকাৰ' অভিহিত কৰিব নোৱাৰি। যিহেতু সৰ্বসাধাৰণ জনতাই চৰকাৰ এখনৰ পৰা এয়াই প্ৰত্যাশা কৰি থাকে।
ক'ভিড-১৯ মহামাৰীৰ দ্বিতীয় জোৱাৰৰ পৰা জনসাধাৰণ কিছু ক্ষেত্ৰত পৰিত্ৰাণ পাবলৈ সক্ষম হ'লেও তৃতীয় জোৱাৰৰ আশংকাই সকলোকে আতংকিত কৰি তুলিছে। সংক্ৰমিত মহামাৰীৰ 'জোৱাৰ'ৰ উত্থান-পতন সাধাৰণ লোকৰ 'ব্যৱহাৰ'ৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে জনসাধাৰণ দ্বিতীয় জোৱাৰৰ উত্থানৰ পৰৱৰ্তী সময়ত ক'ভিড বিধি মানি চলাটো অত্যন্ত প্ৰয়োজনীয় আছিল। কিন্তু এনে নকৰাৰ ফলত গণেশ পূজা, দুৰ্গোৎসৱ ইত্যাদি উৎসৱসমূহ উদযাপন কৰাৰ পিছতেই দেশৰ বিভিন্ন প্ৰান্তত ক'ভিডৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাইছে। অন্ধ্ৰপ্ৰদেশ, কেৰেলা, কৰৰ্ণাটক, তেলেংগানা, মহাৰাষ্ট্ৰ আদি ৰাজ্যত ক'ভিডৰ দ্ৰুত সংক্ৰমণ বৃদ্ধি পোৱাক লৈ ২৯ অক্টোবৰৰ কেইবাখনো দৈনিক কাকতে ইয়াক ক'ভিডৰ তৃতীয় জোৱাৰৰ শংকাৰূপে উল্লেখ কৰিছে। দুৰ্গোৎসৱৰ পিছতে আমাৰ ৰাজ্যখনতো ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে। কিন্তু পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত হয়তো নিজৰ ৰাজনৈতিক ক্ষতিৰ কথা চিন্তা কৰিয়েই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ক'ভিড পৰিস্থিতি স্বাভাৱিক বুলি অভয় প্ৰদান কৰিছে। এনে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদ্দিত মন্তব্যৰ বিপৰীতে সকলোৱে যথাসম্ভৱ ক'ভিড বিধি মানি চলাটোৱেই সকলোৰে বাবে শ্ৰেয়।
Comments
Post a Comment