অনুভৱৰ কলমত শীত


            প্ৰতীক্ষাৰ
অন্ত পেলাই ধৰাৰ বুকুলৈ অৱশেষত নামি আহিল শীত। শীত বুলি ক'লেই মনত পৰে কুঁৱলীৰ শুভ্ৰ আভৰণে আৱৰি ৰখা চৌদিশৰ শীতল পৰিৱেশ। কুঁৱলীৰ শীতল পৰশে পাহাৰ-পৰ্বত, গছ-বিৰিখ, ঘৰ-দুৱাৰ সকলোকে আছন্ন কৰি ৰাখিছে। নিয়ৰৰ মণিৰে ঘাঁহ-বনবোৰ জিলিকি উঠিছে, যেন শীতে প্ৰদান কৰা একোটা হীৰাখচিত সেউজ অলংকাৰ। শীতৰ হাড় কপোৱা জাৰে শ্ৰমজীৱীৰ যন্ত্ৰণা বৃদ্ধি কৰিছে। বিপৰীতে আকাশচুম্বী অট্টালিকাত বিলাসী জীৱন কটোৱা চহকী মানুহৰ এলাহ বৃদ্ধি কৰিছে। শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ ঠায়ে ঠায়ে গ্ৰন্থমেলাও অনুষ্ঠিত হৈছে। এই ঋতুক গ্ৰন্থমেলা তথা গ্ৰন্থ অধ্যয়নৰ বাবে অতি অনুকূল সময় বুলি বিবেচনা কৰা হয়। ৰাজ্যত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাসমূহে অসমীয়া গ্ৰন্থ জগতলৈ এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। নৱপ্ৰজন্মৰ পাঠকে অসমীয়া ভাষাৰ কিতাপ হৃদয়েৰে আকোঁৱালি লোৱাটো বৌদ্ধিক দিশৰপৰা অতি সন্তোষজনক কথা। শীতে অসম গ্ৰন্থ অধ্যয়নৰ আন্দোলনটোক এক নতুন মাত্ৰা প্ৰদান কৰি আহিছে। অধ্যয়নৰ অবিহনে কোনো জাতি বা সভ্যতা উন্নতিৰ দিশে অগ্ৰসৰ হ'ব নোৱাৰে। গ্ৰন্থমেলাই পাঠক সমাজৰ মাজত ন-পুৰণি গ্ৰন্থৰ সৈতে পৰিচয় কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শীতৰ সৈতে যেন গ্ৰন্থৰ সুবাসৰ মাজত এক নিবিড় সম্পৰ্ক।
           শীত বুলি ক'লেই আমাৰ চকুৰ মাজলৈ ভাঁহি আহে গ্ৰামাঞ্চল আৰু চহৰৰ জীৱনশৈলীৰ ভিন্নতা। বিশেষকৈ অসমীয়া গ্ৰাম্য সমাজৰ প্ৰেক্ষাপটত শীতৰ এক সুকীয়া মাদকতা আছে। অসমীয়া কৃষিজীৱি গ্ৰাম্য সমাজৰ বাবে এই সময় অন্তহীন ব্যস্ততাপূৰ্ণ। আঘোণৰ পথাৰৰ পৰা ধান দাই মৰণা মৰা, সকলোৱে লগ-লাগি ন খোৱা, ভোগালী বিহুৰ প্ৰস্তুতি কৰা- ইত্যাদিবোৰ গাঁৱৰ ৰাইজে শীতৰ ভিতৰতে সামৰিব লগা হয়। এই অন্তহীন শ্ৰমৰ মাজতে গাঁৱলীয়া চহা জীৱনৰ লোকসকলে জীৱনটোক উপভোগ কৰিবলৈ কোনোপধ্যে এৰি নিদিয়ে। ধান দাই থকাৰ মাজতে পথাৰত বহি ৰবাব টেঙাৰ জুতি লোৱাৰ আনন্দই অতুলনীয়। দিনজোৰা শাৰীৰিক শ্ৰমৰ পিছত সন্ধ্যা চোতালত জুইকুৰা জ্বলাই সকলোৱে নানা আলাপ-আলোচনা কৰে। এই ৰসাল আলাপতে দিনজোৰা অৱসাদ নিমিষতে লোপ পায়। গ্ৰাম্য জীৱনৰ শীত হৈছে প্ৰকৃতি সুহৃদ। মুঠৰ ওপৰত শীতত গাঁৱৰ পৰিৱেশ এক অনন্য ৰূপ লাভ কৰে। কিন্তু ইয়াৰ বিপৰীতে শীতকালীন নগৰৰ পৰিৱেশ সম্পূৰ্ণ পৃথক ৰূপত দেখিবলৈ পোৱা যায়। নগৰৰ শীত হৈছে প্ৰদূষকযুক্ত কুঁৱলীৰ সমাহাৰ। কাৰখানা-উদ্যোগ আদিকে ধৰি বিভিন্ন স্থানৰ পৰা সৃষ্টি হোৱা বায়ুত প্ৰদূষণে শীতৰ কুঁৱলীক প্ৰদূষকযুক্ত বিষাক্ত কুঁৱলীলৈ পৰিৱৰ্তিত কৰে। শেহতীয়াকৈ দেশৰ ৰাজধানী দিল্লীত বায়ু প্ৰদূষণে এক ভৱায়হ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে অনিৰ্দিষ্টকালৰ বাবে শিক্ষানুষ্ঠানকে ধৰি বিভিন্ন প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশনা দিছে। নগৰীয়া জীৱনৰ শীতত গাঁৱৰ দৰে প্ৰকৃতিৰ গভীৰ স্পৰ্শ দেখিবলৈ পোৱা নাযায়। নগৰৰ শীতে আমাক পদপথত একুৰা জুইৰ বাবে শৰীৰ কঁপি থকা সৰ্বস্বান্তজনৰ ছবি সোঁৱৰাই দিয়ে। মাত্ৰাধিক কুঁৱলীৰ বাবে ৰে'ল তথা বিমান বাতিল হোৱাক লৈ যাত্ৰীসকলৰ মাজত এক জটিল সমস্যাৰ সৃষ্টি কৰে। গতানুগতিক যান্ত্ৰিক জীৱনৰ বাবে ই যেন যতি চিহ্ণ। তথাপিও শীতৰ আমেজ ল'বলৈ চহৰীয়াসকলেও ওলাই আহে ওচৰৰ চাৰি-আলি অথবা তিনি-আলিৰ চাহৰ দোকানখনলৈ। শীতৰ আমেজ মানেই যেন কাষত জুইৰ উত্তাপ আৰু হাতত গৰম চাহ!

Comments