"A journey of a thousand miles begins with a single step." -চীনা সভ্যতাক যুগ যুগ ধৰি প্ৰভাৱ পেলাই অহা এই লোকাক্তিয়ে চীনা লোকসকলৰ পৰিশ্ৰম, অধ্যৱসায় আৰু অদম্য সাহসৰ প্ৰতিচ্ছবি আমাৰ সন্মুখত দাঙি ধৰে। প্ৰত্যেকটো মাইলৰ যাত্ৰা আৰম্ভ হয় প্ৰথমটো খোজৰ পৰা। এই খোজটো হৈছে কোনো এটা জাতি অথবা কোনো এখন দেশৰ সভ্যতা-সংস্কৃতিয়ে সময়ৰ সোঁতত লাভ কৰা উত্থান-পতনৰ স্বাক্ষৰ সম্বলিত ইতিহাস। এই খোজটো হৈছে সভ্যতা একোটাৰ উন্নতিৰ বাবে জনসাধাৰণে কৰা পৰিশ্ৰমৰ সবল খোজ। জীৱনৰ প্ৰথমটো খোজেই ব্যক্তিৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰে। পিতৃ-মাতৃয়ে সন্তানক হাতত ধৰি মাটিত খোজ দিবলৈ শিক্ষা দিয়ে আৰু সেই সন্তানজনেই পৰৱৰ্তী সময়ত নিজ জীৱনক গঢ় দিয়া পথছোৱাৰ খোজ নিৰ্ণয় কৰে। এই প্ৰথম খোজটো অতি গুৰুত্বপূৰ্ণ। যিদৰে মাক-দেউতাকে সন্তানক ভালদৰে খোজ কাঢ়িব নিশিকালে মাটিত পৰি আঘাত পোৱাৰ সম্ভাৱনা থাকে, ঠিক তেনেদৰে সন্তানজনেও পৰৱৰ্তী সময়ত জীৱনৰ প্ৰথম খোজটো ভালদৰে নিদিলে সকলো সময়তে অনুতপ্ত কৰিবলগীয়া হয়। জীৱনৰ এই খোজ ইচ্ছাশক্তিৰ গভীৰ মহত্ত্বৰ কথা প্ৰতিফলিত কৰে। হেজাৰ মাইলৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে প্ৰথমটো খোজ দিবলৈ আগ্ৰহী হোৱাটো প্ৰয়োজনীয়, নহ'লে এই মাইলৰ যাত্ৰাৰ আৰম্ভণিয়েই নহ'ব। সেয়েহে এই প্ৰথম খোজে আমাৰ জীৱনৰ লক্ষ্য আৰু সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত মনৰ প্ৰবল ইচ্ছাশক্তিক চিহ্নিত কৰে। কেৱল জীৱনৰ এটা লক্ষ্য ল'লেইতো নহ'ব বা কেৱল সপোনবোৰ চাই থাকিলেইতো নহ'ব! সপোনবোৰ বুকুত বান্ধি আগুৱাই যাব লাগিব দিঠকৰ দিশে। ইয়াৰ বাবে বাস্তৱ পথছোৱাত প্ৰথমটো খোজ দিবই লাগিব। প্ৰথম খোজটো দিয়েই জীৱন গঢ়াৰ হেজাৰ মাইলৰ পথছোৱাত আগুৱাই যাব লাগিব। তেতিয়াহে আন দহজনকো অনুপ্ৰাণিত কৰিব পৰা যাব আৰু দেশৰ বাবে, সমাজৰ বাবে, নিজ জাতিটোৰ বাবে ভাল কাম কৰিবলৈ সুযোগ পোৱা যাব। কিন্তু সকলোতকৈ আগত যাত্ৰাপথৰ প্ৰথমটো খোজ দিবই লাগিব! কোনো এখন দেশৰ উন্নতি নিৰ্ভৰ কৰে দেশখনৰ জনসাধাৰণৰ পৰিশ্ৰমৰ ওপৰত। আৰু এই পৰিশ্ৰম নিৰ্ভৰ কৰে জনসাধাৰণৰ ইচ্ছাৰ ওপৰত, অন্য অৰ্থত প্ৰথমটো খোজৰ ওপৰত। যিজনে প্ৰথমটো খোজ দি কঠোৰ পৰিশ্ৰমেৰে জীৱন গঢ়াৰ পথত আগবাঢ়ি যাব, তেওঁক লক্ষ্যত উপনীত হোৱাৰ পৰা কোনো শক্তিয়ে বাধা দিব নোৱাৰে!

Comments
Post a Comment