সময়ৰ বোৱঁতী সুঁতিত বৈ গ’ল আৰু এটা বছৰ। ইতিহাসৰ পাতত নানা ঘটনা-পৰিঘটনা লিপিবদ্ধ কৰি গতানুগতিকভাৱেই বিদায় ল'লে ২০২১ বৰ্ষটোৱে। ২০২১ বৰ্ষটোত সংঘটিত বহুতো ঘটনাই এক দীৰ্ঘ সময় ধৰি বিশ্ববাসীক প্ৰভাৱান্বিত কৰি ৰাখিব। ২০২১ বৰ্ষটোৰ ইতিবাচক-নেতিবাচক বিভিন্ন ঘটনাই জনসাধাৰণক গভীৰভাৱে স্পৰ্শ কৰিছে। সময়ৰ প্ৰতিটো ক্ষণেই মানুহক ন-ন শিক্ষা প্ৰদান কৰে। স্বাভাৱিকতেই বিদায়ী বৰ্ষটোৱেও সকলোকে নতুনত্ব প্ৰদান কৰিবলৈ সক্ষম হ’ল। এটা পুৰণি বছৰৰ বিসৰ্জন মানেই এটা নতুন বছৰৰ আৱাহন। নতুন বছৰ মানেই নতুন আশা-প্ৰত্যাশা। নতুন বছৰে মানুহৰ জীৱনলৈ এক নতুন সতেজতা কঢ়িয়াই আনে। এই সতেজতাই মানুহক কৰ্মজীৱনৰ সবল উদ্যম প্ৰদান কৰাত অৰিহণা যোগায়।
২০২১ বৰ্ষটোত সংঘটিত বহু ঘটনাই অনাগত বছৰসমূহত দীৰ্ঘম্যাদী প্ৰভাৱ পেলাই থাকিব। এই বৰ্ষটোত মহামাৰী ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৱে সমগ্ৰ বিশ্বজুৰি তীব্ৰ ধ্বংসলীলা চলায়। ভাৰততো দ্বিতীয় ঢৌৱে লক্ষাধিক লোকৰ জীৱন কাঢ়ি নিয়ে। দ্বিতীয় ঢৌৰ সংক্ৰমণ দ্ৰুত হাৰত বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজ্যই লকডাউন ঘোষণা কৰে। অসম চৰকাৰেও ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন বাধা-নিষেধ্বাজ্ঞা আৰোপ কৰে। ২০২১ বৰ্ষটোৰ আৰম্ভণিৰ পৰা প্ৰায় ছমাহ ধৰি জনজীৱন স্তব্ধ হৈ পৰা পৰিলক্ষিত হয়। এই বৰ্ষটোৰ আৰম্ভণিতে ভাৰতবৰ্ষই বিশ্বৰ সৰ্ববৃহৎ ক’ভিড টীকাকৰণ অভিযান আৰম্ভ কৰিছিল আৰু এই অভিযানৰ যোগেদি বছৰটোৰ শেষ পৰ্যন্ত প্ৰায় ১৩০ কোটি লোকক ক’ভিড টীকা প্ৰদান কৰা হৈছে- এয়া বছৰটোৰ এক উল্লেখযোগ্য পৰিঘটনা। ২০২০ বৰ্ষত আৰম্ভ হোৱা ক’ভিড বিৰোধী যুদ্ধখনত ২০২২ বৰ্ষটোৱে এক বিশেষ ভূমিকা পালন কৰিব বুলি ক’ব পাৰি। কিয়নো শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন বছৰটোৰ তৃতীয় দিনাৰ পৰাই দেশৰ ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শিশুসকলৰ বাবে টীকাকৰণ আৰম্ভ কৰাৰ লগতে ১০ জানুৱাৰীৰ পৰা স্বাস্থ্যকৰ্মীকে ধৰি অনান্য ক’ভিড যোদ্ধাসকল আৰু ৬০ বছৰ উৰ্ধৰ লোকক ক’ভিড ভেকছিন প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। গতিকে আগন্তুক নতুন বছৰটোৰ আৰম্ভণিতে ভাৰতৰ প্ৰেক্ষাপটত ক’ভিডৰ বিৰুদ্ধে যুদ্ধখনত এক নতুন সংযোজন ঘটিব। নিশ্চিতভাৱে এয়া প্ৰত্যাশাৰ বতৰা। কিন্তু এইবোৰৰ উপৰি ২০২২ বৰ্ষটোত বিশ্ববাসীয়ে এক নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। এই প্ৰত্যাহ্বানৰ নামটো হৈছে- অমিক্ৰন। ইতিমধ্যে ব্ৰিটেইন, ফ্ৰান্স, আমেৰিকাকে ধৰি ভাৰততো ক’ভিডৰ এই নতুন প্ৰকৰণৰ দ্ৰুতৰূপত সংক্ৰমণ বৃদ্ধি হৈছে। সেয়েহে সকলোৱে যথাসম্ভৱ ক’ভিডৰ বিধিসমূহ কঠোৰ ৰূপত মানি চলাটোৱেই শ্ৰেয়।
২০২১ বৰ্ষটো অসমৰ ৰাজনৈতিক প্ৰক্ষাপটৰ বাবেও এক উল্লেখযোগ্য বছৰ আছিল। এই বছৰটোত ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে নতুন নেতৃত্বৰে পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। নতুন চৰকাৰখনত মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে ডঃ হিমন্তবিশ্ব শৰ্মাই। বিগত ছমাহত ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ৰ স্বাৰ্থত হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰিছে বিবিধ পদক্ষেপ। ইয়াৰোপৰি ৰাজ্যৰ প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰতো চৰকাৰখনে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে। ড্ৰাগছৰ বিৰুদ্ধে আপোচহীন অভিযান, মিছন বসুন্ধৰা, নতুন শিক্ষানীতি বলৱৎ কৰাৰ বাবে বিশেষ আঁচনি, মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই ইত্যাদি হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ মাইলৰ খুঁটিৰূপে চিহ্ণিত কৰিব পাৰি। “যি মূলা বাঢ়ে তাৰ দুপাততে চিন”-গতিকে বিগত ছমাহত চৰকাৰখনৰ বিভিন্ন কাম-কাজৰ পৰা অনুমান কৰিব পাৰি যে, অনাগত বৰ্ষকেইটাত চৰকাৰখনে ৰাজ্যখনক উন্নয়নৰ বাটত বহুদূৰ আগবঢ়াই নিব।
২০২১ বৰ্ষটোত প্ৰতিজন অসমীয়াৰ মন-প্ৰাণত অপূৰ্ব আনন্দ সঞ্চাৰ কৰিব পৰা খবৰ কঢ়িয়াই আনিলে অসম কন্যা লাভলীনা বৰগোঁহায়ে। ট’কিঅ’ অলিম্পিকৰ বক্সিঙত ব্ৰঞ্জৰ পদক জয় কৰি লাভলীনাই সমগ্ৰ ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ লগতে অলিম্পিক পদকবিজয়ী প্ৰথমগৰাকী অসমীয়াৰূপে সন্মান লাভ কৰে। বছৰটোৰ শেষৰফালে অসমীয়া সাহিত্যলৈ এক সুখবৰ আহে। সুদীৰ্ঘ ২১ বছৰৰ পিছত অসমীয়া সাহিত্যলৈ আগবঢ়োৱা হৈছে ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান- জ্ঞানপীঠ বঁটা। কাব্যঋষি নীলমণি ফুকনদেৱলৈ ২০২১ বৰ্ষৰ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছে। এইসমূহ সুখবৰে অসমবাসীক উৎসাহিত কৰাৰ বিপৰীতে অসমীয়া সাহিত্য জগতৰ দুই পুৰোধা হোমেন বৰগোহাঞি আৰু ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যুৱে অসমীয়া সাহিত্যলৈ অপূৰণীয় ক্ষতি কৰে।
এনেদৰে বহুল ঘটনা প্ৰৱাহৰ মাজেৰে ২০২১ বৰ্ষটোৱে বিদায় ল’বলৈ আগবাঢ়িছে। নতুন আশা, নতুন উদ্যম লৈ আহিছে ২০২২ বৰ্ষটো। ২০২১ বৰ্ষৰ আধৰুৱা সপোনবোৰ বাস্তৱত পৰিণত কৰিবলৈ সকলোৱে নতুন বছৰটোত সংকল্প লোৱা উচিত। পুৰণি সুখ-দুখ, সফলতা-বিফলতাৰবোৰ আওকাণ কৰি নতুন উদ্যমেৰে নিজ-নিজ কৰ্মক্ষেত্ৰত সকলোৱে আগবাঢ়ি যোৱা উচিত। ২০২১ বৰ্ষটো সকলোৰে বাবে প্ৰত্যাশাপূৰ্ণ হওঁক-তাৰে কামনাৰে।
(লেখাটি নৱবৰ্ষৰ প্ৰথম দিনটোতে প্ৰকাশৰ বাবে প্ৰস্তুত কৰা হৈছিল, যদিও বিশেষ অসুবিধাবশতঃ প্ৰকাশ কৰা নহ'ল)
Comments
Post a Comment