২৪ ফেব্ৰুৱাৰী, শুকুৰবাৰ। ৰাছিয়াৰ ৰাজধানী মস্কোৰ ঘড়ীত তেতিয়া পুৱা ৪ বাজিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ এক গুৰুত্বপূৰ্ণ ঘোষণাই মুহূৰ্তৰ বাবে কঁপাই তুলিলে সমগ্ৰ বিশ্ব। বিগত প্ৰায় তিনিমাহতকৈও অধিক সময় ধৰি চলা সংঘাতৰ অন্তত ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে 'বিশেষ সামৰিক অভিযান' বা অন্য অৰ্থত যুদ্ধৰ ঘোষণা কৰে। ৰাষ্ট্ৰপতি পুটিনৰ এই হঠকাৰী ঘোষণাই বিশ্ব সম্প্ৰদায়ৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ২৪ ফেব্ৰুৱাৰীৰ দিনা ৰাছিয়াৰ স্থল, জল, বায়ু- তিনিও দিশেৰে ইউক্ৰেইন আক্ৰমণ কৰি সামৰিক অভিযানৰ আৰম্ভ কৰে। প্ৰথম দিনা ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ বায়ুসেনাৰ ঘাটি সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। ইয়াৰোপৰি দেশখনৰ মাৰিওপুল নামৰ চহৰখনৰ পৰা আৰম্ভ কৰি ১১খন চহৰত ৰাছিয়াই মিছাইল আৰু ৰকেটৰ দ্বাৰা আক্ৰমণ কৰে। সামৰিক শক্তিৰ ফালৰ পৰা বিশ্বৰ দ্বিতীয় স্থানত থকা ৰাছিয়াৰ এই আক্ৰমণৰ দ্বাৰা ইউক্ৰেইন সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ দিশে আগবাঢ়িছে- সেয়া সহজে অনুমেয়।
ৰাছিয়াৰ আক্ৰমণৰ প্ৰায় তিনিমাহ আগৰে পৰাই দেশ দুখনৰ মাজত সংঘাতে ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। এই সংঘাতৰ পৰিণতি স্বৰূপটো পৰৱৰ্তী সময়ত যুদ্ধৰ ৰূপ লাভ কৰিলে। ইউক্ৰেইনৰ উত্তৰ আৰু পূব অংশত ৰাছিয়াৰ সীমা আগুৰি আছে। এই সীমান্তৱৰ্তী এলেকাত বিগত কেইবামাহ ধৰি ৰাছিয়াৰ সৈন্যবাহিনীয়ে বাহৰ পাতি থকাৰ লগতে প্ৰৱেশৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। পৰৱৰ্তী সময়ত ৰাছিয়াই ইউক্ৰেইনৰ পূব অংশৰ দুখন অঞ্চল ক্ৰমে Lugansk আৰু Donetsk-ক দখল কৰিবলৈ সক্ষম হয়। এই অঞ্চল দুটাৰ বাসিন্দাসকল বিছিন্নতাবাদী মনোভাৱাপন্ন বুলি কোৱা হয়। এই অঞ্চলৰ অধিকাংশ লোকে সাধাৰণতে ৰাছিয়াক সমৰ্থন কৰি আহিছে। যোৱা ২২ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে এই অঞ্চল দুটাক স্বাধীন-সাৰ্বভৌম ঘোষণা কৰাৰ লগতে দেশ দুখনৰ মাজৰ সংঘাতে এক নতুন ৰূপ লাভ কৰে। ইয়াৰ ঠিক পিছদিনাই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে দেশখনত ৩০ দিনীয়া জৰুৰী অৱস্থাৰ ঘোষণা কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ এই ঘোষণাৰ পিছতে সমগ্ৰ বিশ্বতে এক ভয়াৱহ ভৱিষ্যতৰ আশংকা ঘনীভূত হয় আৰু ইয়াৰ পিছদিনাই অৰ্থাৎ ২৪ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযানৰ কথা ঘোষণা কৰে। ৰাছিয়াই ইউক্ৰেইনক সম্পূৰ্ণ নিজৰ দখললৈ আনিবলৈ চেষ্টা চলাই থকাৰ সন্দেহ প্ৰকাশ কৰিছে কুটনীতিবিদ সকলে।
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ এই সংঘাতৰ কাৰণ আলোচনা কৰিবলৈ আমি দেশ দুখনৰ ঐতিহাসিক পটভূমিত দৃষ্টি নিক্ষেপ কৰিবই লাগিব। ১৯১৮ চনৰ আগলৈকে ইউক্ৰেইন ৰুছ সাম্ৰাজ্যৰ অধীন আছিল। ১৯১৮ চনৰ ৰুছ বিপ্লৱৰ পিছত ইউক্ৰেইনে স্বাধীন ৰাষ্ট্ৰৰ মৰ্যদা লাভ কৰিছিল। কিন্তু ইউক্ৰেইনৰ স্বাধীনতা মাত্ৰ তিনি বছৰৰ বাবেহে বৰ্তি থাকিল। বিপ্লৱী কমিউনিষ্ট নেতা লেলিনে ৰেড আৰ্মিৰ জৰিয়তে ১৯২১ চনত পুনৰ ইউক্ৰেইনক দখল কৰে আৰু ১৯২২ চনত গঠন হোৱা ছোভিয়েট ইউনিয়ন (USSR)-ত দেশখনক অন্তৰ্ভুক্ত কৰা হয়। সকলোৰে জ্ঞাত যে, দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তীকালত বিশ্ব ৰাজনীতি দুটা মহাশক্তিত বিভক্ত হৈ পৰিছিল- আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন। ছোভিয়েট ইউনিয়নত ৰাছিয়া, ইউক্ৰেইনকে ধৰি ১৫খন ৰাষ্ট্ৰ অন্তৰ্ভুক্ত হৈছিল। ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতনৰ পিছতে ইউক্ৰেইন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ইয়াৰ পিছত ৰাছিয়াই বিভিন্ন সময়ত ইউক্ৰেইনৰ বিৰুদ্ধে দমনমূলক নীতি গ্ৰহণ কৰি আহিছে। ইউক্ৰেইনেও নিজৰ সাৰ্বভৌমত্ব বজাই ৰখাৰ স্বাৰ্থত আমেৰিকা আৰু ইউৰোপীয় দেশসমূহৰ সহযোগিতা বিচাৰি আহিছে।
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ মূল কাৰণ হৈছে- ইউক্ৰেইনে ইউৰোপীয়ান ইউনিয়ন আৰু নাটো-ত যোগদানৰ বাবে চলোৱাৰ প্ৰচেষ্টা। ১৯৪৯ চনত গঠিত উত্তৰ আটলান্টিক চুক্তি সংগঠন হৈছে উত্তৰ আমেৰিকা আৰু ইউৰোপীয় দেশসমূহৰ এক সামৰিক সংগঠন। এই সংগঠনটো ৰাছিয়াৰ আধিপত্যৰ বিৰুদ্ধে থিয় দি আহিছে। এনে প্ৰেক্ষাপটত ইউক্ৰেইন নাটোৰ অন্তৰ্ভুক্ত হ'লে ৰাছিয়া শংকিত হোৱা পৰিলক্ষিত হৈছে। যাৰ বাবে দেশখনে সামৰিক ক্ষমতাৰ জৰিয়তে ইউক্ৰেইনত আধিপত্য বিস্তাৰ কৰিবলৈ প্ৰচেষ্টা চলাইছে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ২০১৪ চনত ৰাছিয়াই সামৰিক শক্তি প্ৰয়োগ কৰি ইউক্ৰেইনৰ উপদ্বীপ ক্ৰিমিয়াক নিজৰ দখললৈ আনিছিল। বিগত বৰ্ষৰ ১৬ ডিচেম্বৰত নাটোৰ মুৰব্বী আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকত ইউক্ৰেইনক নাটোত অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা কৰা হয়। ৰাছিয়াই নাটো বাহিনীত ইউক্ৰেইনক অন্তৰ্ভুক্ত হোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। কিন্তু ইউক্ৰেইনে নিজ স্থিতিত দৃঢ়তাৰে অটল হৈ থাকে। ইয়াৰ পিছতেই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ উত্তেজনা বৃদ্ধি পায়। আৰু এই সংঘাতে যোৱা ২৪ ফেব্ৰুৱাৰীত যুদ্ধৰ ৰূপ লয়।
এতিয়া প্ৰশ্ন উত্থাপন হ'ব পাৰে- ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই বিশ্বত তৃতীয় বিশ্বযুদ্ধৰ আশংকা আনি দিব নেকি? এইক্ষেত্ৰত স্পষ্টকৈ একো কোৱা টান যদিও ৰাছিয়াৰ সামৰিক অভিযান ঘোষণাৰ পিছত বিশ্ব নেতৃত্বৰ বক্তব্য বিশেষভাৱে মন কৰিবলগীয়া। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনিঅ' গুটৰেছে মানৱতাৰ স্বাৰ্থত ৰাছিয়াক সামৰিক অভিযান স্থগিত ৰাখিবলৈ আহ্বান জনাইছে। এখন স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰৰ ওপৰত অনৈতিক আক্ৰমণৰ পৰিণতি ৰাছিয়াই ভূগিব লাগিব বুলি দেশখনক সকীয়নি প্ৰদান কৰিছে নাটোৰ মুৰব্বীয়ে। বিট্ৰেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ইউক্ৰেইন আক্ৰমণক গণতন্ত্ৰৰ হত্যা বুলি অভিহিত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনৰ পক্ষত অৱস্থান কৰিছে যদিও দেশখনৰ সৈন্যবাহিনী ইউক্ৰেইনলৈ প্ৰেৰণ নকৰে বুলি স্পষ্ট কৰি দিছে। আনহাতে চীনে ৰাছিয়াক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে যদিও আন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত হস্তক্ষেপ নকৰে বুলি স্পষ্ট কৰি দিছে। সামগ্ৰিকভাৱে ক'ব পাৰি যে, ৰাছিয়া-ইউক্ৰেইন সংঘাতে বিশ্বৰ দেশসমূহৰ মাজত বিভেদ আনি দিয়াটো প্ৰাৰম্ভিক সময়তে স্পষ্ট হৈ পৰিছে। বিশ্ব সম্প্ৰদায় দুটা ভাগত বিভক্ত হৈ পৰিলেও ইউক্ৰেইন নাটো বাহিনীৰ প্ৰৰোচনাৰ বলি হ'ল বুলিও বহুতে অভিযোগ উত্থাপন কৰিছে। কিয়নো নাটোৰ অন্তৰ্ভুক্ত দেশসমূহে ইউক্ৰেইনৰ পক্ষত অৱস্থান কৰিলেও সামৰিক দিশত কোনোধৰণৰ সহযোগিতা আগবঢ়োৱা নাই। যাৰ ফলত সামৰিক দিশত গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অকলশৰীয়া দেশখন। ৰাছিয়াৰ সামৰিক অভিযানৰ পৰিণতি কিমান ভয়াৱহ হ'ব- সেয়া বৰ্তমান ক'ব নোৱাৰি যদিও যিসময়ত সকলো সচেতন মহলে বিশ্বশান্তি ৰক্ষাৰ বাবে প্ৰচেষ্টা চলাই আছে, তেনে সময়তে ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাতে বিশ্বৰ শান্তিপূৰ্ণ বাতাবৰণত গভীৰ আঘাত দিব- সেয়া নিশ্চিত।
ৰাছিয়াই পুনৰ ছোভিয়েট ইউনিয়ন গঠনৰ বাবে এই যুদ্ধ ঘোষণা কৰিছে আৰু এই যুদ্ধ ইয়াতে অন্ত নহয় বুলি জানিব পাৰি।।
ReplyDeleteতোমাৰ অভিমতৰ বাবে ধন্যবাদ।
Delete