ৰাষ্ট্ৰপতি নিৰ্বাচন, ২০২২

 


          অহা ১৯ জুলাইত দেশত অনুষ্ঠিত হ'ব পঞ্চদশ ৰাষ্ট্ৰপতি নিৰ্বাচন। বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত সামৰণি পৰাৰ পূৰ্বে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে দেশৰ নিৰ্বাচন আয়োগ। ২০২২ বৰ্ষৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা- ৪,৭৯৭ গৰাকী। সামগ্ৰিকভাৱে অহা ২১ জুলাইত দেশে এজন নতুন ৰাষ্ট্ৰপতি লাভ কৰিব।

       আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ইতিমধ্যে শাসক-বিৰোধী সকলোৱে সাজু হৈ উঠিছে। শাসকীয় বিজেপি নেতৃত্বাধীন NDAৰ প্ৰাৰ্থীৰূপে ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰোপদী মুৰ্মু আৰু বিৰোধী দলৰ সন্মিলিত প্ৰাৰ্থী হিচাপে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহাক প্ৰক্ষেপ কৰা হৈছে। ইতিমধ্যে দুয়োগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰি নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে।

         এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা দুয়োগৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক জীৱন তথা অভিজ্ঞতা বিশেষ মন কৰিবলগীয়া। উৰিষ্যা বিজেপিৰ নেত্ৰী আৰু ২০১৫ চনৰ পৰা ২০২১চনলৈ ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্ত দ্ৰোপদী মুৰ্মু সংবাদ মাধ্যমৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকাৰ মূল কাৰণ হৈছে তেওঁ এগৰাকী জনজাতীয় নেত্ৰী। ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হ'লে তেওঁ দেশৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি আৰু প্ৰথমগৰাকী "জনজাতীয় ৰাষ্ট্ৰপতি" হ'ব। ১৯৯৭ চনত বিজেপি যোগদান কৰা দ্ৰোপদী মুৰ্মুৱে ২০০০ চনৰ পৰা ২০০৪ চনলৈ বিজেপি আৰু বিজু জনতা দল (বিজেডি)ৰ সন্মিলিত উৰিষ্যা চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আনহাতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ এগৰাকী বিষয়াৰূপে কৰ্মজীৱনৰ পাতনি মেলা বিৰোধী প্ৰাৰ্থী যশোৱন্ত সিনহাই ১৯৯০-৯১ চনত প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰৰ মন্ত্ৰীসভাত বিত্তমন্ত্ৰী আৰু ১৯৯৮ চনৰ পৰা ২০০২ চনলৈ তেওঁ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত বৈদেশিক পৰিক্ৰমা আৰু বিত্তীয় বিভাগৰ মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। জনতা দলত ৰাজনৈতিক জীৱনৰ পাতনি মেলা সিনহাই  বিজেপিত দীৰ্ঘ সময় ধৰি থকাৰ পিছত ২০১৮ চনত দলটোৰ পৰা পদত্যাগ কৰে। ২০২১চনত যশোৱন্ত সিনহাই তৃণমূল কংগ্ৰেছত যোগদান কৰে যদিও ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কিছু দিন পূৰ্বে দলটোৰ পৰা পদত্যাগ কৰে।

           ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ দেশৰ ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা অব্যাহত আছে। এনডিএ আৰু বিৰোধী গোটত থকা ৰাজনৈতিক শক্তিসমূহে বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে। জনজাতীয় নেত্ৰী হিচাপে থকা জনপ্ৰিয়তাৰ বাবে দ্ৰোপদী মুৰ্মুক সমৰ্থন আগবঢ়োৱাৰ কথা মুকলিকৈ ঘোষণা কৰিছে এনডিএ বিৰোধী একাংশ দলেও। এইক্ষেত্ৰত বিজেডি, বহুজন সমাজবাদী পাৰ্টী, ঝাৰখণ্ড মুক্তি মৰ্চা, YSR কংগ্ৰেছ পাৰ্টী আৰু শিৰোমণি অকালি দল বিশেষভাৱে উল্লেখনীয়। মুঠৰ ওপৰত আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত সংখ্যাৰ তুলনাত দ্ৰোপদী মুৰ্মু বিৰোধীৰ প্ৰাৰ্থীগৰাকীতকৈ বহু আগবাঢ়ি থকা পৰিলক্ষিত হৈছে।

       এইখিনিতে এটা কথা বিশেষভাৱে বিবেচনা কৰিবলগীয়া। দেশৰ ৰাজনৈতিক মহল আৰু সংবাদ মাধ্যমত দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে দ্ৰোপদী মুৰ্মুক অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। ইয়াৰ মূল কাৰণ হ'ল তেওঁ এগৰাকী বিশেষ সম্প্ৰদায়ৰ নেত্ৰী। কিন্তু কোনো এটা সম্প্ৰদায় অথবা জাতিৰ অন্তৰ্গত হোৱাৰ বাবেই যে তেওঁ দেশৰ সাংবিধানিক মুৰব্বীৰ পদৰ বাবে যোগ্য হ'ব সেয়া নিতান্তই ভুল ধাৰণা। যদিও সংখ্যাগৰিষ্ঠতাৰ ফালৰ পৰা NDAৰ প্ৰাৰ্থী মুৰ্মু পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনাই অধিক। তৎসত্ত্বেও কিন্তু বিৰোধী প্ৰাৰ্থী যশোৱন্ত সিনহা হৈছে মুৰ্মুৰ তুলনাত অধিক দক্ষ আৰু যোগ্য ব্যক্তি। আমাৰ বিবেচনাৰে তেওঁ দেশৰ ৰাষ্ট্ৰপতি পদৰ বাবে অধিক উপযুক্ত। কিন্তু গণতান্ত্ৰিক দেশত যোগ্যতা-অযোগ্যতা নিৰ্ভৰ কৰে জনতাৰ ৰায়ৰ ওপৰত। যিহেতু ৰাষ্ট্ৰপতি নিৰ্বাচনত দেশৰ জনসাধাৰণে অপ্ৰত্যক্ষ পদ্ধতিত ভোটদান কৰে। ২১ জুলাইত দেশে পঞ্চদশ গৰাকী ৰাষ্ট্ৰপতি লাভ কৰিব।

Comments