জ্ঞান অৰ্জনেই হৈছে মূল লক্ষ্য



জ্ঞান অৰ্জনেই হৈছে মূল লক্ষ্য

মূল গ্ৰন্থ- Exam Warriors
লেখক- নৰেন্দ্ৰ মোডী
অনুবাদ- প্ৰশান্ত বাৰ্মা

         ছাত্ৰ
-ছাত্ৰীসকলে পঢ়া-শুনা কৰাৰ মূল উদ্দেশ্য হৈছে- জ্ঞান অৰ্জন কৰা। যেতিয়া জ্ঞান অৰ্জনক মূল লক্ষ্যৰূপে ধৰি লোৱা হয়, তেতিয়া পৰীক্ষাত নম্বৰ লাভ কৰাটো অতি সহজ হৈ পৰে। 
      যেতিয়া আমি এজন চিকিৎসকৰ ওচৰলৈ যাওঁ, সেই সময়ত আমি তেওঁৰ মেডিকেল কলেজৰ নম্বৰৰ বিষয়ে সুধোঁ জানো? নিশ্চয় নুসুধোঁ। আমি চিকিৎসকজনৰ অভিজ্ঞতা আৰু দক্ষতাকহে অধিক গুৰুত্ব দিওঁ। এই দক্ষতাই হৈছে তেওঁৰ প্ৰকৃত যোগ্যতা। ঠিক সেইদৰে উকীল এজনৰ ওচৰলৈ গ'লে ও আমি তেওঁ LLB পঢ়ি থাকোঁতে কিমান নম্বৰ লাভ কৰিছিল, সেইটো নাচাওঁ তাৰ সলনি উকীলজনে আমাৰ গোচৰটো কিমান ভালদৰে বুজি পাইছে আৰু সেই সম্পৰ্কে তেওঁ কিমান দক্ষতাৰে যুক্তি প্ৰকাশ কৰিব পাৰিছে- সেয়াই আমাৰ প্ৰাথমিক লক্ষ্য। 
      সেইদৰে এজন শিক্ষাৰ্থী হিচাপে তুমি যি জ্ঞান আৰু দক্ষতা অৰ্জন কৰা। সেয়াই হৈছে তাৰ প্ৰকৃত মূল্য। আকৌ জ্ঞান অৰ্জন কৰা যাত্ৰাটো নিজেই হৈছে এটা ডাঙৰ পুৰস্কাৰ। এই যাত্ৰা চিন্তা আৰু মানসিক চাপৰ পৰা মুক্ত আনন্দৰে পূৰ্ণ আৰু সন্তোষজনক হয়। 
      যেতিয়া ভাল নম্বৰ লাভ কৰাটোৱেই পৰীক্ষাৰ একমাত্ৰ উদ্দেশ্য হৈ পৰে, তেতিয়া অত্যধিক দুঃচিন্তাৰ সৃষ্টি হয় আৰু আমাৰ শিকাৰ মানসিকতাও সীমিত হৈ পৰে। আমাৰ সম্পূৰ্ণ মন কেৱল পৰীক্ষাত আহিবলগীয়া বিষয়বস্তুবোৰক লৈয়েই ব্যস্ত হৈ পৰে। এই ক্ষেত্ৰত যদি প্ৰস্তুতিৰ বাহিৰৰ কিবা প্ৰশ্ন পৰীক্ষাত আহে, তেন্তে আমাৰ নিশ্চয় ভয়ংকৰ বিপদ হ'ব। 
      জীৱনত অল্পবিদ্যা কম নম্বৰ লাভ কৰাতকৈও অধিক ভয়াৱহ। 
      যদি তুমি জ্ঞান লাভ কৰিবলৈ পঢ়া, তেন্তে যিকোনো প্ৰশ্নই তোমাৰ বাবে কঠিন নহ'ব। সেইবাবে জ্ঞান অৰ্জন কৰাটোকে লক্ষ্য হিচাপে বান্ধি লোৱা, যাৰ যোগেদি ভাল নম্বৰ লাভ কৰাটো অধিক সহজ হৈ পৰিব।

Comments