সাম্প্ৰতিক সময়ত পৰ্যটন হৈছে মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংগ। দেশ এখনৰ পৰ্যটন ক্ষেত্ৰই দেশখনৰ অৰ্থনৈতিক ভেঁটি শক্তিশালী কৰাৰ লগতে দেশখনৰ সংস্কৃতি-সমাজ-ঐতিহ্যৰ যথোপযুক্ত প্ৰচাৰ আৰু প্ৰসাৰত এক প্ৰভাৱশালী ভূমিকা পালন কৰে। সেয়েহে বিশ্বব্যাপী পৰ্যটন ব্যৱস্থাৰ উন্নয়ন আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা (UNWTO)ৰ আহ্বানক্ৰমে প্ৰতিবছৰে ২৭ছেপ্টেম্বৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰি অহা হৈছে। বিশ্ব পৰ্যটন সংস্থাই প্ৰতিবছৰে একোটা নিৰ্দিষ্ট বিষয়বস্তু (Theme) আগত ৰাখি এই বিশেষ দিনটো বিশ্ববাসীক উদযাপন কৰিবলৈ আহ্বান জনায়। ২০২২বৰ্ষৰ বিশ্ব পৰ্যটন দিৱসৰ বিষয়বস্তুটো হৈছে- ‘Rethinking Tourism’।
‘Rethinking Tourism’ অৰ্থাৎ পৰ্যটনৰ পুনৰ চিন্তন। পৰ্যটন ক্ষেত্ৰৰ পুনৰ চিন্তনৰ জৰিয়তে ক্ষেত্ৰখনৰ পুনৰুজ্জীৱিতকৰণৰ বিষয়টো অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। ২০২০ আৰু ২০২১ বৰ্ষ দুটা সমগ্ৰ বিশ্বৰ বাবে আশাব্যঞ্জক বছৰ নাছিল। মহামাৰী ক’ভিড-১৯ৰ ফলত যিকেইটা ক্ষেত্ৰই অত্যধিক ক্ষতিৰ সন্মুখীন হৈছে, সেইসমূহৰ ভিতৰত পৰ্যটন ক্ষেত্ৰ আটাইতকৈ শীৰ্ষত আছে। মহামাৰীৰ সময়ছোৱাত পৰ্যটন ক্ষেত্ৰৰ ওপৰত যি কুপ্ৰভাৱ পৰিছিল, তাৰ পাৰ্শ্বক্ৰিয়া বৰ্তমানো অব্যাহত আছে। যিসময়ত পৰ্যটনে দেশ এখনৰ ৰাজকোষলৈ এক বিশাল বৰঙণি আগবঢ়োৱাৰ লগতে কৰ্মসংস্থাপন প্ৰদানৰ ক্ষেত্ৰত সবাতোকৈ শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে, সেই ক্ষেত্ৰখনত মহামাৰীৰ ফলত হোৱা বৃহৎ বিপৰ্যয়ে স্বাভাৱিকতে ভাৰতৰ দৰে যিসমূহ দেশৰ অৰ্থনীতি পৰ্যটনৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰশীল, সেই দেশসমূহৰ অৰ্থনৈতিক খণ্ডত জোকাৰণিৰ সৃষ্টি কৰিছে। সেয়েহে সামগ্ৰিকভাৱে মহামাৰীৰ পিছত বিশ্বৰ সকলো দেশৰ পৰ্যটন ব্যৱস্থাৰ পুনৰুজ্জীৱিতকৰণৰ চিন্তা আগত ৰাখি বিশ্ব পৰ্যটন সংস্থাই ‘Rethinking Tourism’ৰ আঁচনি গ্ৰহণ কৰিছে।
‘Hindustan Times’য়ে ২০১৯চনত প্ৰকাশ কৰা অনুসৰি মহামাৰীৰ পূৰ্বে ভাৰতবৰ্ষৰ প্ৰায় ৪কোটি ২০লাখ লোক পৰ্যটন ক্ষেত্ৰৰ সৈতে বিভিন্ন প্ৰকাৰে সংস্থাপিত হৈ আছিল। কিন্তু মহামাৰীৰ পিছত পৰ্যটন ক্ষেত্ৰখনৰ লগত জড়িত দেশৰ ২কোটি ১৫লাখ লোকে কৰ্মসংস্থাপন হেৰুৱায় -২০২২চনৰ ১৪ মাৰ্চত লোকসভাত কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰীয়ে এই তথ্য দাঙি ধৰিছে। ইয়াৰ ফলত দেশৰ নিবনুৱা সমস্যাই অধিক জটিল ৰূপ ধাৰণ কৰিছে। ২০১৯চনত দেশৰ মুঠ ঘৰুৱা উৎপাদন (GDP)-ত পৰ্যটন ক্ষেত্ৰৰ অৱদান আছিল প্ৰায় ৭%। মহামাৰীৰ বছৰ দুটাত অৰ্থাৎ ২০২০চনত ৪.৩% আৰু ২০২১চনত ৫.৪%লৈ ইয়াৰ পৰিমাণ হ্ৰাস পায়। গতিকে দেখা গৈছে যে, মহামাৰী ফলস্বৰূপে দেশৰ পৰ্যটন ক্ষেত্ৰত বিস্তৰ ক্ষতি হৈছে যাৰ বিৰূপ প্ৰভাৱ দেশৰ অৰ্থনৈতিক খণ্ডত পৰিছে। এই ক্ষতিসমূহ পূৰণ কৰিবলৈ উপযুক্ত পদক্ষেপ হাতত লোৱাটো অতি আৱশ্যক হৈ পৰিছে।
ভাৰতৰ পৰ্যটন ক্ষেত্ৰ পুনৰুজ্জীৱিত কৰিবৰ বাবে কিছুমান বাস্তৱিক পদক্ষেপ গ্ৰহণ কৰিব পাৰি। ক’ভিড মহামাৰী বৰ্তমান সমগ্ৰ বিশ্বতে নিয়ন্ত্ৰণাধীন যদিও দুবছৰীয়া তিক্ত অভিজ্ঞতাৰ বাবে বিশ্ববাসীয়ে পৰ্যটনৰ ক্ষেত্ৰত এতিয়াও অনীহা প্ৰকাশ কৰি থকা দেখা গৈছে। সেয়েহে যেতিয়ালৈকে বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বক ক’ভিডমুক্ত বুলি ঘোষণা নকৰে, তেতিয়ালৈকে চৰকাৰে পৰ্যটনৰ ক্ষেত্ৰসমূহত পৰ্যটকৰ সুৰক্ষাৰ বাবে সীমিত ৰূপত হ’লেও ক’ভিড বিধি বলৱৎ কৰি ৰাখিব লাগে। মহামাৰীৰ ফলত পৰ্যটন উদ্যোগৰ পৰা কৰ্মসংস্থাপন হেৰুওৱাসকলৰ পুনৰ নিযুক্তিৰ বাবে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয় আৰু সংশ্লিষ্ট বিভাগসমূহে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চৰকাৰে দেশৰ পৰ্যটন খণ্ডৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যথোপযুক্ত পদক্ষেপ হাতত ল’ব লাগে। এইক্ষেত্ৰত আন্তৰ্জাতিক পৰ্যায়ত পৰ্যটকক আকৰ্ষিত কৰাৰ লগতে ঘৰুৱা পৰ্যটন (Domestic Tourism)তো গুৰুত্ব দিয়া আৱশ্যক। কেন্দ্ৰীয় চৰকাৰে পৰ্যটনৰ পুনঃবিকাশৰ বাবে ‘UDAN’, ‘অতুল্য ভাৰত’ ইত্যাদি আঁচনিবোৰ নতুন ৰূপত আগবঢ়াব পাৰে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ Eco Tourism, Village Tourism আৰু Medical Tourismক প্ৰসাৰত চৰকাৰে গুৰুত্ব দিয়া উচিত।
শেষত, UNWTOৰ সচিব প্ৰধান Zurab Pololikashvili-য়ে কোৱাৰ দৰে ক’ব পাৰি যে, ‘Rethinking Tourism’ যদিও এক কঠিন পদক্ষেপ কিন্তু সমূহিক প্ৰচেষ্টাৰ যোগেদি এই পদক্ষেপ সফল হ’ব আৰু পৰ্যটন ক্ষেত্ৰখনক পুনৰ বিকাশৰ পথত আগুৱাই নিয়াত সম্ভৱপৰ হ’ব।
(২৭ ছেপ্টেম্বৰ 'বিশ্ব পৰ্যটন দিৱস' উপলক্ষে)
Comments
Post a Comment