প্ৰেক্ষাপট

             


     ১৯ জুলাই। বুধবাৰ। এসপ্তাহ মুষলধাৰ বৰষুণ দিয়াৰ পিছত আজি প্ৰখৰ ৰ'দ।‌ শাওণৰ পথাৰত ৰোৱনীৰ অন্তহীন ব্যস্ততা। এয়াই সময়- ভৱিষ্যতৰ সোণালী শস্যৰ বীজ সিঁচাৰ। কৃষিজীৱী প্ৰতিটো পৰিয়ালৰ বাবে এয়া মূৰৰ ঘাম মাটিত পেলাই জীৱিকা চলাই নিয়াৰ ব্যস্ততাপূৰ্ণ সময়। কৃষকৰ হাড় ভগা শ্ৰমৰ বাবেই দেশখন দুৰ্ভিক্ষৰ কৱলৰ পৰা মুক্ত হৈ আছে। কৃষিজীৱী ৰাইজ পথৰাত ব্যস্ত হৈ থকা সময়তে বাৰিষাৰ প্ৰকোপত দেশৰ ভিন্ন প্ৰান্তত বানপানীৰ সৃষ্টি হৈছে। উত্তৰাখণ্ড, দিল্লী, হিমাচল প্ৰদেশ আৰু অসমৰ ঠাই বিশেষে বানৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। বাৰিষাৰ এয়া স্বাভাৱিক পৰিঘটনা বুলিয়েই অভিহিত কৰিব পাৰি। 

      যোৱা ১৪ তাৰিখে ভাৰতবৰ্ষই ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISROই চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপণ কৰে। সকলো কুশলে থাকিলে আগষ্টৰ শেষত চন্দ্ৰযান-৩য়ে চন্দ্ৰত অৱতৰণ কৰিব। লগে-লগে মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত ভাৰতবৰ্ষই এক নতুন মাইলৰ খুঁটি স্থাপন কৰিব। নিশ্চিতভাৱে প্ৰতিজন ভাৰতীয়ৰ বাবে ই এক গৌৰৱৰ বিষয়। 

      অহা ২০২৪ চনত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনক লৈ দেশৰ ৰাজনীতি বৰ্তমান সময়ৰ পৰাই উত্তপ্ত হৈ থকা দেখা গৈছে। শাসকীয় বিজেপিয়ে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত একক সংখ্যাগৰিষ্ঠতাৰে শাসনলৈ উভতি অহাৰ বাবে সবল ৰণকৌশল যুগুত কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছসহ বিজেপি বিৰোধী গোটবোৰে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনক ক্ষমতাচ্যুত কৰাৰ বাবে আকৌ এবাৰ একেখন মঞ্চত থিয় দিছে। বিজেপিক শলঠেকত পেলাবলৈ কংগ্ৰেছ, আপ, তৃণমূল, সমাজবাদী, এনচিপি, ডেডিইউ, আৰজেডিকে ধৰি ২৬টা বিৰোধী দল একত্ৰিত হৈ 'INDIA' নামেৰে ঐক্যমঞ্চ গঠন কৰিছে। 'INDIA'ই বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে ৰণকৌশল প্ৰস্তুত কৰাত নামি পৰিছে। সামগ্ৰিকভাৱে '২৪ৰ মহাৰণৰ বাবে সকলো পক্ষই কঁকালত টঙালি বান্ধি সাজু হৈছে।

       বিগত ডেৰটা মাহে অসমৰ ৰাজনীতি উত্তৰাৰ কৰি ৰাখিছে নিৰ্বাচন আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা অসমৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ পুনৰ্নিৰ্ধাৰণৰ বাবে প্ৰকাশ কৰা খচৰাখনক লৈ। ৰাজ্য চৰকাৰ খচৰাখনৰ সপক্ষত আছে যদিও বিৰোধী দলসমূহ এই খচৰাক লৈ অসন্তুষ্ট হোৱা পৰিলক্ষিত হৈছে। নিৰ্বাচন আয়োগৰ খচৰাত অসমৰ বিধানসভা সমষ্টিসমূহৰ বিশেষ সাল-সলনি কৰা হোৱা নাই যদিও সীমা আৰু নাম সালসলনিক হৈ ৰাজনৈতিক নেতৃবৰ্গই অসন্তুষ্টি ব্যক্ত কৰিছে। ইয়াৰোপৰি সমষ্টিসমূহৰ জাতিগত সংৰক্ষণৰ পৰিৱৰ্তনৰ বাবেও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই খচৰাখনক অসমীয়া জাতি ৰক্ষাৰ দলিল হিচাপে অভিহিত কৰিছে আৰু খচৰাখনক বিৰোধিতা কৰাসকলক জাতিৰ কলংক বুলি আখ্যায়িত কৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ লোকপিয়ল ভিত্তিবৰ্ষ ২০১১ৰ সলনি ২০০১ক গ্ৰহণ কৰাক লৈয়ো বহুতে আপত্তি দেখুৱাইছে। অৱশ্যে খচৰা সম্পৰ্কীয় সকলো অভিযোগৰ মীমাংসা কৰাৰ পিছতহে অসমৰ সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ কৰা হ'ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। মুঠৰ ওপৰত এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই আগন্তুক লোকসভা নিৰ্বাচনত যে ব্যাপক প্ৰভাৱ পেলাব- সেয়া বৰ্তমান স্পষ্ট হৈ পৰিছে। 

       দিনটোৰ প্ৰখৰ ৰ'দৰ পিছত সন্ধ্যা বতৰ কিছু শীতল হৈছে। ৰোৱনীবোৰেও ঘৰমুৱা হৈছে। গৰম বন্ধত মোমায়েকৰ ঘৰলৈ অহা এজাক কণ-কণ শিশু কাষৰ ফিল্ডখনত ফুটবল খেলাত মগ্ন হৈ পৰিছে। প্ৰচণ্ড গৰমৰ মাজতো মগজুক শীতলতা প্ৰদান কৰিবলৈ মই মেলি লৈছোঁ বাংলা লেখক শংকৰৰ অসমীয়া অনুদিত 'জন অৰণ্য'ৰ পৃষ্ঠা, য'ত স্বাধীনোত্তৰ ভাৰতৰ নিবনুৱা সমস্যাৰ ভয়াৱহতাক জীৱন্ত ৰূপত প্ৰতিফলিত কৰিছে সোমনাথ আৰু সুকুমাৰৰ চৰিত্ৰ দুটিয়ে। ১৯৭৩ চনতে প্ৰথম প্ৰকাশ পোৱা উপন্যাসখনৰ প্ৰতিখন পৃষ্ঠা একবিংশ শতিকাৰ তৃতীয় দশকতো যে সবল ৰূপত প্ৰাসংগিক হৈ আছে, সেয়া লেখকৰ সৃষ্টিৰ দুৰ্লভ সাৰ্থকতা বুলি ক'ব পাৰি!

Comments