শৰতে প্ৰকৃতিৰ বুকুত এক মনোমোহা পৰিৱেশ সৃষ্টি কৰাৰ লগতে কঢ়িয়াই আনে বিভিন্ন উৎসৱৰ উন্মাদনা। প্ৰত্যেক বছৰে দুৰ্গোৎসৱ, দিপান্বিতা, কাতি বিহু -এই শাৰদীয় উৎসৱসমূহে মানুহক দি যায় জীৱনৰ আনন্দ। ব্যস্ততাময় জীৱন যাত্ৰাৰ মাজত খন্তেক জিৰণি লৈ নতুন দিনৰ বাবে সাজু হোৱাৰ সুযোগো প্ৰদান কৰে এই শাৰদীয় উৎসৱসমূহে। গ্ৰীষ্মৰ প্ৰভাৱত সৃষ্টি হোৱা অৱসাদ আঁতৰাই শৰতে যিদৰে প্ৰকৃতিক সতেজ কৰি তোলে, সেইদৰেই শাৰদীয় উৎসৱে কৰ্মব্যস্ততাত নিমগ্ন মানুহক মুক্ত উশাহ ল'বলৈ কিছু সুযোগ প্ৰদান কৰে। সেয়েহে মানুহৰ জীৱনত উৎসৱৰ প্ৰয়োজন অপৰিহাৰ্য, অন্ততঃ নতুন শক্তি পাবলৈ, নতুন সতেজতা পাবলৈ। শাৰদীয় দুৰ্গোৎসৱে সমাজৰ অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ প্ৰতীক দাঙি কৰে। দুৰ্গোৎসৱে যাতে সমাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা অপ্ৰীতিকৰ ঘটনাসমূহ নিৰ্মূলৰ প্ৰতীক হিচাপে থিয় দিব পাৰে, সেই ক্ষেত্ৰত সমাজৰ লোকেই সচেতন হ'ব লাগিব। যদি এফালে দুৰ্গোৎসৱ আয়োজন কৰি আনফালে যদি নাৰীৰ মৰ্যাদা হানি কৰা হয়- তেন্তে সেয়া মাথোঁ হৈ ৰ'ব প্ৰহসন। সেয়েহে পূজাৰ সময়তে পূজাৰ মৰ্মাৰ্থ উপলব্ধি কৰাৰ কামনাৰে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ।
(মহাসপ্তমী, ২০২৩)

Comments
Post a Comment