প্ৰত্যাশাৰ ২০২৪!


(১)
        শেহতীয়াকৈ ব্ৰিটিছ সংবাদপত্ৰ The Financial Timesৰ এক সাক্ষাৎকাৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰিছে যে, ভাৰত হৈছে ধৰ্মীয় সংখ্যালঘুৰ বাবে সুৰক্ষিত স্বৰ্গ। আন্তঃৰাষ্ট্ৰীয় সংবাদ মহলত মোডী নেতৃত্বাধীন ভাৰত চৰকাৰক সংখ্যালঘু বিদ্বেষী হিচাপে অংকিত কৰিবলৈ প্ৰায়ে চেষ্টা কৰি অহা হৈছে। অৱশ্যে ২০১৪ চনত ক্ষমতালৈ অহাৰ পিছত দেশত সংঘটিত কেতবোৰ ঘটনাই চৰকাৰখনৰ এই ভাৱমূৰ্তি নিৰ্মাণত বিশেষ অৰিহণা যোগাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দহ বছৰীয়া কাৰ্যকাল ভাৰতবৰ্ষৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ এক বৃহৎ পৰিৱৰ্তনৰ যুগ হিচাপে পৰিগণিত হৈছে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ ভূমিকাই বিগত দহটা বছৰত এক নতুন ৰূপত গঢ় লৈ উঠিছে। সেয়া ইউক্ৰেন-ৰাছিয়াৰ যুদ্ধতে হওঁক অথবা জি-২০ আৰু ইজৰাইল-পেলেষ্টাইনৰ সংঘাততে হওঁক- ভাৰতে নিৰপেক্ষ, স্বাধীন আৰু শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে। আগন্তুক বছৰকেইটা ভাৰতবৰ্ষৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। বিশেষকৈ যিসময়ত সমগ্ৰ বিশ্বই তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বানপূৰ্ণ নতুন যুগৰ দিশে আগবাঢ়িছে, তেনে সময়তে ভাৰতৰ ভূমিকা কেনেধৰণৰ হ'ব তাক লৈ বিশ্বৰ সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে। তাৰ মাজতে আগন্তুক ২০২৪ত দেশৰ সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচন ভাৰতৰ ভৱিষ্যৎ নিৰ্মাণৰ নিৰ্বাচন হিচাপে চিহ্নিত কৰিব পাৰি। শেহতীয়াকৈ ৰাজনৈতিক বিশ্লেষণক অনুসৰণ কৰিলে দেখা যায় যে আগন্তুক বৰ্ষটোত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰত বিজেপিৰ চৰকাৰ গঠনৰ সম্ভাৱনা অধিক। অৱশ্যে সেয়া দেশৰ ভোটাসকলে সময়ত নিৰ্ণয় ল'ব। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল আহি থকা বছৰকেইটাত কৃত্ৰিম বুদ্ধিমত্তা (AI), 5Gৰ তীব্ৰ প্ৰত্যাহ্বানমূলক যুগটোত ভাৰতৰ ভূমিকা কি হ'ব- সেয়া ২০২৪ৰ নিৰ্বাচনৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিব। সেয়েহে আগন্তুক নতুন বৰ্ষটোত ভোটাৰ ৰাইজৰ গধুৰ দায়িত্বৃ আছে।


(২)
           নৱেম্বৰ মাহৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰন্থমেলা অনুষ্ঠিত হৈ আছে। প্ৰকাশন পৰিষদ, সাহিত্য সভা আৰু অন্যান্য সংস্থা-সংগঠনৰ দ্বাৰা জনসাধাৰণৰ মাজত গ্ৰন্থ অধ্যয়নৰ এক মনোজ্ঞ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি গ্ৰন্থমেলাসমূহ অনুষ্ঠিত হৈছে। গ্ৰন্থ অধ্যয়ন মানুহৰ মানসিক বিকাশৰ বাবে কিমান গুৰুত্বপূৰ্ণ- সেয়া উল্লেখ কৰাৰ প্ৰয়োজন নাই বুলি ভাবোঁ, সভ্যতাৰ বিকাশৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা মাধ্যমটোৱেই হ'ল অধ্যয়ন। গ্ৰন্থ অধ্যয়নে এখন সুস্থ সমাজ গঢ়াত বিশেষভাৱে অৰিহণা যোগায়। ইংৰাজী ভাষাৰ বিশিষ্ট সাহিত্যিক মাৰ্ক টোৱেইনে কোৱাৰ দৰে,"The man who does not read has no advantage over the man who cannot read." অধ্যয়নক সাৰথি কৰি আগবাঢ়ি গ'লে সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰিব পাৰি। মুঠৰ ওপৰত অধ্যয়নৰ বিকল্প নাই। কিন্তু দুৰ্ভাগ্যৰ বিষয় স্মাৰ্ট ফোন আৰু ইণ্টাৰনেট সহজলভ্য হোৱাৰ পিছৰে পৰা শিশুৰ পৰা বয়োজ্যষ্ঠ সকলো অধ্যয়নৰ উপকাৰিতাক আওকাণ কৰা দেখা গৈছে। বিশেষকৈ শিশুসকলৰ বাহিৰা-কিতাপ আলোচনী পঢ়াৰ অভ্যাস একেবাৰে হ্ৰাস পাইছে। ইণ্টাৰনেটে অধ্যয়নৰ মাদকতা হ্ৰাস কৰাত ভয়াৱহ অৰিহণা যোগাইছে- এয়া ধ্ৰুৱ সত্য। কিন্তু এই বেদনাদায়ক সত্যৰ মাজতে সংবাদ মাধ্যমত প্ৰকাশিত গ্ৰন্থমেলাৰ সফলতাৰ বাৰ্তাবোৰ আশাৰ সঞ্চাৰ কৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত গ্ৰন্থমেলাসমূহত পাঠকৰ অভূতপূৰ্ব সঁহাৰিয়ে অধ্যয়নৰ এক ইতিবাচক পৰিৱেশ গঢ় দিয়াত সহায় কৰিব। বিগত ১-১০ নৱেম্বৰলৈ তিনিচুকীয়া জিলাৰ চলিহা নগৰ খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত গ্ৰন্থমেলাত পাঠকৰ সহাঁৰি দেখি অভিভূত হৈছিলোঁ। অধ্যয়নৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ২০২৪ নৱবৰ্ষটোত সকলোৱে মিলি প্ৰচেষ্টা আগবঢ়োৱা উচিত।

Comments