দেশৰ নিৰ্বাচন আয়োগে বৰ্তমানলৈকে অষ্টাদশ লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰা নাই যদিও আগন্তুক মাৰ্চ-এপ্ৰিলত দেশত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ থল আছে। ইতিমধ্যে আগন্তুক নিৰ্বাচনক লৈ দেশৰ শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে যুঁজত অৱতীৰ্ণ হ'বলৈ টঙালি বন্ধা আৰম্ভ কৰিছে। প্ৰতিটো দল নিজৰ সুকীয়া ৰণকৌশল প্ৰস্তুতি কৰাত ব্যস্ত। তাৰ মাজতে দেশৰ ৰাজনীতিৰ ক্ষেত্ৰখনত জনসাধাৰণক ৰস প্ৰদান কৰিব পৰা কিছুমান ৰাজনৈতিক সমীকৰণ হোৱাও পৰিলক্ষিত হৈছে। মূলতঃ এইবাৰৰ লোকসভা নিৰ্বাচনত শাসকীয় বিজেপি আৰু বিৰোধী জোঁটৰ মাজত আকৰ্ষণীয় যুঁজ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।
বিগত ২২ জানুৱাৰীত শতিকাজোৰা অপেক্ষাৰ অন্তত উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধন কৰা হয়। আশী দশকৰ শেষৰ ফালে বিজেপি গঠন হোৱা দিনৰে পৰা দলটোৱে অযোধ্যাৰ বিবদমান ভূমিত ৰামচন্দ্ৰৰ মন্দিৰ স্থাপনৰ বাবে দাবী উত্থাপন কৰি দেশজুৰি উত্তাল পৰিৱেশৰ সূচনা কৰিছিল। এই দাবীৰ জৰিয়তে বিজেপিয়ে জনসাধাৰণক বিশেষভাৱে আকৰ্ষিত কৰিবলৈও সক্ষম হৈছিল। দলটোৰ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ ইস্তাহাৰত স্পষ্টভাৱে এই কথা উল্লেখ আছিল যে, তেওঁলোকৰ চৰকাৰ গঠন হ'লে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ সকলো সম্ভাৱনাপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব। যিহেতু সমগ্ৰ বিষয়টো সেই সময়ত দেশৰ উচ্চতম ন্যায়ালয়ৰ বিবেচনাধীন হৈ আছিল, সেয়েহে বিজেপিয়ে কেৱল সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছিল। কিন্তু একেটা বছৰৰ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে বিবদমান ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ নিৰ্দেশ দিয়ে আৰু এই ৰায়ৰ লগে লগে বিজেপিৰ ভাগ্য যেন ব্ৰহ্মপুৱাতে উদয় হ'ল। কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ৰাম জন্মভূমি ট্ৰাষ্টে ২০২০ চনৰ পৰা ক্ষিপ্ৰতাৰে মন্দিৰ নিৰ্মাণৰ কামত অগ্ৰসৰ হয়। অৱশেষত এই বৰ্ষৰ ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আংশিকভাৱে নিৰ্মাণ সম্পূৰ্ণ হোৱা মন্দিৰত শ্ৰী ৰামচন্দ্ৰৰ প্ৰতিমা প্ৰতিষ্ঠা কৰি মন্দিৰৰ উদ্বোধন কৰে। স্বাভাৱিকতে এই কাৰ্যসূচীক লৈ সমগ্ৰ দেশজুৰি জনসাধাৰণৰ মাজত বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহৰ পৰিৱেশ বিৰাজ কৰা দেখা যায়। সামগ্ৰিকভাৱে ৰাম মন্দিৰ নিৰ্মাণৰ পদক্ষেপে এই নিৰ্বাচনত বিজেপি দলক বিশেষভাৱে লাভান্বিত কৰিব- তাত কোনো সন্দেহ নাই। '২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাম মন্দিৰৰ আংশিক উদ্বোধনৰ কাৰ্যসূচী যে জনসাধাৰণক বিজেপিৰ প্ৰতি আকৰ্ষণ কৰাৰ কৌশল সেয়া সকলোৱে বুজিবলৈ সক্ষম হৈছে।
ৰাম মন্দিৰ উদ্বোধন কাৰ্যসূচীৰ প্ৰায় ১২ দিন পূৰ্বে কংগ্ৰেছৰ মধ্যমণি ৰাহুল গান্ধীয়ে মণিপুৰৰ পৰা 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ৰ আৰম্ভণি কৰে। ২০২২-২৩ বৰ্ষত একে কাৰ্যসূচীৰে কংগ্ৰেছ সাংসদগৰাকীয়ে দেশৰ দক্ষিণ প্ৰান্তৰ পৰা উত্তৰ প্ৰান্তলৈ পদযাত্ৰা কৰি কংগ্ৰেছৰ আদৰ্শক জনসাধাৰণৰ মাজত পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস কৰিছিল। এইবাৰ ৰাহুল গান্ধীয়ে দেশৰ পূব প্ৰান্তৰ পৰা পশ্চিম প্ৰান্তলৈ পদযাত্ৰা কৰি লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে কংগ্ৰেছক জনসাধাৰণক মাজত লৈ যাবলৈ চেষ্টা চলাইছে। ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ এই যাত্ৰাক মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অন্যায়, অবিচাৰ আৰু অৰাজকতাৰ বিৰুদ্ধে জনসংগ্ৰামৰ যাত্ৰা বুলি অভিহিত কৰিছে যদিও আগন্তুক নিৰ্বাচনৰ পূৰ্বে দলটোৰ এয়া প্ৰচাৰৰ কৌশলৰ বাদে আন একো নহয়। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা চলি থাকোঁতেই বিজেপিবিৰোধী মহাজোঁট I.N.D.I.A.ৰ মাজত বৃহৎ ফাঁট দেখিবলৈ পোৱা গৈছে। ইণ্ডিয়া জোঁটৰ অন্যতম প্ৰধান হোতা বিহাৰৰ মুখ্যমন্ত্ৰী তথা ডেডিইউ-ৰ প্ৰধান নীতিশ কুমাৰে বিৰোধী দলৰ মহাজোঁটৰ পৰা ওলাই আহি বিজেপিৰ লগত সন্মিলিত হৈ বিহাৰত চৰকাৰ গঠন কৰিছে। আনহাতে, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আগন্তুক লোকসভা নিৰ্বাচনত আন কোনো দলৰ সৈতে বুজাবুজি নকৰি বংগত এককভাৱে আটাইকেইটা আসনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰিছে। পঞ্জাৱতো আম আদমী পাৰ্টীৰ নেতৃত্বই একেই ঘোষণা কৰিছে। নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউৰ এনডিএলৈ পুনৰাগমন, তৃণমূল কংগ্ৰেছ-আপৰ সিদ্ধান্তই ইণ্ডিয়া জোঁটৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে। বিশেষকৈ কংগ্ৰেছ দলৰ বাবে ই ক্ষতিকাৰক হিচাপে পৰিগণিত হৈছে। নিৰ্বাচনৰ পূৰ্বে বিৰোধী জোঁট থানবান হোৱাটো বিজেপিৰ বাবে লাভদায়ক যদিও দেশৰ ভিন্ন প্ৰান্তৰ আঞ্চলিক শক্তিসমূহ বিজেপিৰ বাবে প্ৰধান হেঙাৰ হৈ থিয় দিব বুলি ৰাজনৈতিক বিশ্লেষসকলে প্ৰকাশ কৰিছে। সামগ্ৰিকভাৱে আগন্তুক নিৰ্বাচনৰ ছবি বৰ্তমান ধূসৰ হিচাপে দেখা গৈছে।
Comments
Post a Comment