ফাগুনৰ উন্মাদনা আৰু অনান্য....


(১)
দিঠকৰ বাতৰি সপোনত মিলিলে
আছিল সখী বাটে চাই,
ফাগুনৰ বতাহে, গাতে ছাটি মাৰে
ফাগুনৰ বতাহে, গাতে ছাটি মাৰে
গাতে ছাটি মাৰি যায়,
অ' গাতে ছাটি মাৰি যায়....
        
        শীতৰ ঘন কুঁৱলীৰ আভৰণ ফালি নীৰৱে ধৰাৰ বুকুলৈ নামি আহিল প্ৰাণচঞ্চলা ফাগুন। ফাগুনৰ আগমনৰ লগে-লগে শীতৰ প্ৰকোপ হ্ৰাস পাই দিনটো ফিৰফিৰায়া বতাহ বলিবলৈ আৰম্ভ কৰিছে। বতাহজাকৰ পৰশত লঠঙা গছবোৰৰ শুকান পাতবোৰ সৰি পৰিছে। ফাগুনৰ এই উন্মাদপ্ৰায় পৰিৱেশ খিৰিকীৰ কাষত বহি 'উপভোগ' কৰাৰ বাহিৰে আন একো থল নাই। ফাগুনক লৈ কবিৰ যে কিমান কল্পনা, কিমান কাহিনী আৰু কিমান কবিতা! চঞ্চল ফাগুনক লৈ সৃষ্টিশীলতাৰ অন্ত নাই। ফাগুনৰ শুকান ধূলিজাকে বসন্তৰ আগমনৰো বতৰা দিয়ে। ফাগুনৰ সময়ছোৱাৰ পৰাই প্ৰকৃতিয়ে বসন্তক আদৰাৰ প্ৰস্তুতি চলায়। বসন্তৰ বকুতে হেঁপাহৰ ব'হাগ!


(২)
    ফাগুনৰ বতাহজাকৰ স্পৰ্শত খিৰিকীৰ কাষত বহি জীৱনৰ গল্প লিখা আৰম্ভ কৰিম বুলি ভাবোঁতেই অন্য কিছু কথাই বুকুৰ মাজত খুন্দা মাৰিলেহি। মাজত মাথোঁ কেইটামান মুহূৰ্ত- জীৱনৰ এটা বৰ্ণিল অধ্যায়ৰ অন্ত পৰিব। অধ্যায়ৰ পৃষ্ঠাসমূহ লিপিবদ্ধ হৈ ৰ'ব মধুৰ স্মৃতিৰে। স্মৃতিৰ বোকোচাত উঠি আগুৱাই যাব লাগিব ভৱিষ্যতৰ দিশে। তিনি বছৰীয়া এই সময়ছোৱা সাহিত্যৰ লেন্সেৰে বিশ্ব-ব্ৰহ্মাণ্ডৰ সত্যক উপলব্ধি কৰাৰ মনোৰম সময় আছিল। সময়ছোৱাই পৰিপক্ক কৰি গ'ল শিক্ষা জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ক। কিন্তু যাত্ৰা আৰু বহুদূৰ, ফ্ৰ'ষ্টে কোৱাৰ দৰে ময়ো ক'ব বিচাৰিম- "Miles to go before I sleep." জীৱন নামৰ কিতাপখনত সদায় সজীৱ হৈ ৰ'ব তিনিবছৰীয়া স্নাতক শিক্ষাৰ মধুৰ সময়ছোৱা। 


(৩) 
    ফাগুনৰ উন্মাদনাৰ সময়ছোৱাত পঢ়ি থকা এখন মৰ্মস্পৰ্শী উপন্যাসে গভীৰ চিন্তাৰ উদ্ৰেক ঘটালে। ভাৰত বিভাজনৰ পটভূমিত ৰচিত উপন্যাসখনে বিভাজনৰ লগতে দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াৱহতাক মৰ্মস্পৰ্শী ৰূপত দাঙি ধৰিছে। বিভাজনৰ পৰৱৰ্তী সময়ত নাগৰিকসকলৰ মাজৰ হতাশাগ্ৰস্ত মানসিক পৰিস্থিতিক এই ৰচনাৰাজিত প্ৰতিফলিত হৈছে। ঔপনিৱেশিক শাসনতন্ত্ৰৰ চৰম সিদ্ধান্তই ভাৰতবৰ্ষৰ ধৰ্মীয় ঐক্য আৰু একতাৰ মাজত কিদৰে বিষবাষ্প বিয়পাই দিছিল, সেয়া উপন্যাসখনত বৰ্ণিত ঘটনাৱলীসমূহৰ পৰা বুজিব পাৰি। লেখকে উপন্যাসখনত উচ্চ শিক্ষাৰ উদ্দেশ্য লণ্ডনলৈ গৈ দ্বিতীয় মহাসমৰে সৃষ্টি কৰা ভয়াৱহতাৰ যি চাক্ষুষ অভিজ্ঞতা লাভ কৰিছিল, সেয়াও ব্যতিক্ৰমী ৰূপত বৰ্ণনা কৰিছে। ঔপনিৱেশিকে উপন্যাসখনৰ অতি স্পৰ্শকাতৰ পটভূমিক অতি সাৱলীলভাৱে উপস্থাপন কৰিছে। মুঠৰ ওপৰত বিভাজনৰ ভয়াৱহতাক সবলৰূপত প্ৰতিফলিত কৰাত উপন্যাসখনৰ ভূমিকা অদ্বিতীয়। উপন্যাসখন হৈছে বিশ্বজুৰি সমাদৰ লাভ কৰা প্ৰসিদ্ধ ঔপন্যাসিক আৰু জ্ঞানপীঠ বঁটা বিজয়ী অমিতাভ ঘোষৰ 'The Shadow Lines'.

Comments