ডিটেক্টিভ গল্প- অদৃশ্য আতংক
✍️- প্ৰশান্ত বাৰ্মা
(১)
হোটেল গ্ৰেণ্ড ভিষ্টা
ৰোম নং-১০৭
দুপৰীয়া ১:১০। নিয়মীয়া সূচী অনুসৰি ৰোম নং- ১০০ৰ পৰা ১১৫ৰ হাউছ কিপিঙৰ দায়িত্বত থকা হোটেল বয় চিৰঞ্জিতে পাঁচ মিনিট ধৰি ১০৭ৰ দুৱাৰত টোকৰ দি থকা সত্বেও কোনোধৰণৰ সঁহাৰি নাপালে। সি বাকী থকা ৰোমকেইটাত কাম শেষ কৰি পুনৰ ১০৭লৈ আহিল। এইবাৰো কোনোধৰণৰ সঁহাৰি নাপাই তাৰ কিছু সন্দেহ উপজিল। সি ৰিচেপনলৈ গৈ ১০৭ৰ ফোন নম্বৰটো ডায়েল কৰিলে। নাই, কোনো সঁহাৰি নাই। অথচ মানুহজন ৰোম এৰি বাহিৰলৈ যোৱাৰ কোনো তথ্যই নাই। চিৰঞ্জিতে এইবাৰ মেনেজাৰ ৰয়ক কথাটো অৱগত কৰিলে। ৰয়ে বিষয়টো প্ৰথমতে সহজভাৱে লৈছিল। কিন্তু যোৱা দুদিন পূৰ্বে তেওঁলোকৰ হোটেলৰ ১০৭ত বাস লোৱা প্ৰফেছাৰ প্ৰণৱৰ অস্বাভাৱিক ব্যৱহাৰৰ বিষয়ে চিৰঞ্জিতে কোৱাৰ পিছতহে ৰয়ৰ কিছু সন্দেহ উপজিল। দুয়ো গৈ তৃতীয় মহলাৰ ৰোম নং- ১০৭ পালেগৈ। টোকাৰ মৰাৰ পিছত কোনো সঁহাৰি নাপাই মেনেজাৰ ৰয়ে তেওঁৰ লগত থকা চাবিপাতেৰে দুৱাৰ খুলিলে। দুয়ো সোমাই গ'ল। ভিতৰলৈ গৈ দুয়োয়ে যি দৃশ্য দেখিলে সেয়া চাই দুয়ো যেন জঠৰ হৈ ৰ'ল।
(২)
দুপৰীয়া ২:১৫। পুলিচৰ দলটোক নেতৃত্ব দিয়া ইন্সপেক্টৰ নয়নে হোটেলৰ আটাইকেইজন কৰ্মচাৰীক সোধা-পোচা অব্যাহত ৰাখিছে। বিগত দুদিন প্ৰফেছাৰ প্ৰণৱৰ ব্যৱহাৰ কেনেকুৱা আছিল, কোনো ব্যক্তি তেওঁক সাক্ষাৎ কৰিবলৈ আহিছিল নেকি, আত্মহত্যা কৰাৰ পূৰ্বে শেষবাৰৰ বাবে তেওঁ ক'ত দেখা গৈছিল ইত্যাদি ইত্যাদি। সোধ-পোচ শেষ হোৱাৰ পিছত প্ৰফেছাৰৰ দুই-এপদ সামগ্ৰী নয়নে কোঠাটোৰ পৰা ল'লে আৰু তদন্ত শেষ নোহোৱা পৰ্যন্ত ৰোম নং- ১০৭টো ছীল কৰি ৰখা হ'ব বুলি ঘোষণা কৰিলে। ইতিমধ্যে প্ৰফেছাৰ প্ৰণৱৰ আত্মহত্যাৰ খবৰটোৱে সমগ্ৰ অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজৰ গৱেষণা আৰু মেধাৰ যোগেদি সমগ্ৰ ৰাজ্যত সুনাম অৰ্জন কৰা প্ৰফেছাৰ প্ৰণৱ অৰিয়েণ্টেল ষ্টেট বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক। বিগত ছমাহ ধৰি তেওঁ এক গুৰুত্বপূৰ্ণ আৰু গোপনীয় গৱেষণাত ব্যস্ত থকাৰ অজুহাত দেখুৱাই নিজকে ঘৰতে আৱদ্ধ কৰি ৰাখিছিল। অৱশ্যে কেতিয়াবা বিশ্ববিদ্যালয় অথবা নিৰ্জন ঠাইত তেওঁক দেখা গৈছিল। নিৰ্জন ঠাইত কোনোবা ব্যক্তিক লগ পালে তেওঁ মানসিকভাৱে সজীৱ হোৱাৰ উদ্দেশ্য তেনে ঠাইলৈ অহা বুলি কৈছিল। চাকৰিৰ বাবে প্ৰণৱ চহৰখনত অকলে থাকে। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ তেওঁৰ পত্নীৰ ইতিমধ্যে মৃত্যু হৈছে। একমাত্ৰ সন্তান ৰশ্মিৰেখা কলম্বিয়া বিশ্ববিদ্যালয়ত গৱেষক হিচাপে কৰ্মৰত হৈ আছে। সেইবাবে প্ৰণৱৰ জীৱন বুলিবলৈ অধ্যয়ন আৰু গৱেষণা। তেনে এজন প্ৰচুৰ মেধাসম্পন্ন ব্যক্তি কিহৰ বাবে এনে চৰম সিদ্ধান্ত হাতত ল'লে সেয়া সকলোৰে মগজুত প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।
(৩)
পিছদিনা সন্ধিয়া ৬:৩০। ইন্সপেক্টৰ নয়নে তদন্ত অব্যাহত ৰাখিছিল। প্ৰফেছাৰ প্ৰণৱৰ হোটেল কোঠাৰ পৰা উদ্ধাৰ হোৱা প্ৰতিটো সামগ্ৰী তেওঁৰ দলটো তন্ন-তন্নকৈ পৰীক্ষা কৰিছিল। প্ৰণৱৰ কোঠাৰ পৰা উদ্ধাৰ হোৱা তেওঁৰ বিশেষ ডায়েৰীখন নয়নে নিজেই পৰীক্ষা কৰি আছিল। ডায়েৰীৰ পৃষ্ঠাবোৰ লুটিয়াই যাওঁতে তেওঁৰ মুখমণ্ডলত জিলিকি উঠিছে আশ্চৰ্যৰ এক অদ্ভূত প্ৰকাশ। তেওঁ যেন ডায়েৰীখনত বিচাৰি পাইছে কেতবোৰ বিস্ফোৰক তথ্য। ডায়েৰীৰ শেষ পৃষ্ঠা মেলি তেওঁ কাষতে থকা টেলিফোনত নম্বৰ এটা ডায়েল কৰি কিছু গহীন হৈ কথা পাতিলে। একেবাৰে শেষত তেওঁ ক'লে, "মই এতিয়া নিশ্চিতভাৱে ক'ব পাৰোঁ, এয়া আত্মহত্যা নহয় গাৰ্গ।"
নিশা ১০:৪০ বজা। ৰুজভেল্ট ৰেষ্টুৰেণ্ট। ইন্সপেক্টৰ নয়ন টেবুল এখনত কাৰোবাৰ বাবে অপেক্ষা কৰি আছে। বাৰে বাৰে তেওঁ হাতৰ ঘড়ীটোলৈ চাই আছে। তেওঁৰ মন অস্থিৰ। হঠাৎ ক'লা জেকেট পৰিহিত এজন মানুহ তেওঁৰ কাষত বহিলেহি।
"অ' গাৰ্গ আহিলে।"- নয়নে ডায়েৰীৰখন তেওঁৰ বেগৰ পৰা উলিয়াই গাৰ্গৰ হাতত তুলি দি ক'লে, "প্ৰফেছাৰ প্ৰণৱে যে আত্মহত্যা কৰা নাই তাৰ প্ৰমাণ এই পৃষ্ঠাটো। এয়া আত্মহত্যা নহয় হত্যাহে আৰু এই হত্যাকাণ্ডৰ আঁৰত আছে এক গভীৰ ৰহস্য। যি ৰহস্য পোহৰলৈ আনিবলৈ আপোনাৰ বাহিৰে এই মুহূৰ্তত কাৰো বাবে সম্ভৱ নহয়।"
"বাৰু, মই আপোনাক যোগাযোগ কৰিম।"- গাৰ্গে নয়নৰ হাতৰ পৰা ডায়েৰীখন ল'লে আৰু গে'টৰ ফালে আগবাঢ়ি গ'ল।
(৪)
পিছদিনা পুৱা। ডিটেক্টিভ গাৰ্গ প্ৰণৱৰ ঘৰত উপস্থিত হ'ল। বাহিৰৰ দুৱাৰত বিগত ছয় দিনৰ বাতৰি-কাকত পৰি আছে। অৰ্থাৎ যোৱা ছদিন ধৰি ঘৰটো বন্ধ হৈ আছে। তেওঁৰ সৈতে থকা বিশেষ সজুঁলিৰ দ্বাৰা দুৱাৰ খুলি গাৰ্গ ঘৰখনত প্ৰৱেশ কৰিলে। ঘৰখনৰ প্ৰায় সকলো কোঠাই পৰিপাটী হৈ আছে। যথেষ্ট পৰিশ্ৰম কৰিও গাৰ্গে একো বিশেষ সংগ্ৰহ কৰিব নোৱাৰিলে। হঠাৎ তেওঁৰ মনত পৰিল- প্ৰফেছাৰৰ অধ্যয়ন কক্ষলৈ তেওঁ যোৱাই নাই হোৱাচোন। অধ্যয়ন কক্ষৰ দুৱাৰটো বিশেষভাৱে নিৰ্মিত এটা তলাৰে বন্ধ কৰা আছে। কেইবাবাৰো বিফল হোৱা পিছত গাৰ্গ কোঠাটোত প্ৰৱেশ কৰিলে। প্ৰৱেশ কৰিয়েই তেওঁৰ চকু যেন কপালত উঠিল- এয়া অধ্যয়ন কক্ষ নহয় বৰঞ্চ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাগাৰহে। তাৰ মানে বিগত ছমাহ ধৰি প্ৰণৱ এই পৰীক্ষাগাৰতে নিজৰ গৱেষণা চলাই আহিছে। পিছে তেওঁৰ পৰীক্ষা কৰিছিল কি? কাষতে থকা ৰেকবোৰৰ মাজত কেইখনমান "Confidential" বুলি লিখা থকা ফাইল। গাৰ্গে ফাইল কেইটা লুটিয়াই চাবলৈ ধৰিলে। তেওঁৰ মুখমণ্ডলত প্ৰখৰ বিস্ময়ৰ চিন। তেওঁ ফাইলকেইটা হাতত ল'লে আৰু ঘৰৰ দিশে অদৃশ্য হ'ল। দুপৰীয়া ২ বজা মানত তেওঁ নয়নক ফোন কৰি সকলো কথা বিস্তাৰে ক'লে।
"এয়া দেশ কঁপাই যাব পৰা চাঞ্চল্যকৰ খবৰ।" -গাৰ্গে ফোনৰ সামৰণিত নয়নক ক'লে।
(৫)
সময় দিনৰ ১১। আৰক্ষীৰ এটা দলে হোটেল বয় চিৰঞ্জিতসহ আন দুজনক সোধা-পোচাৰ বাবে থানা লৈ আটক কৰি আনে। জেৰা কঠোৰ হোৱাৰ লগে লগে চিৰঞ্জিতে ঘামিবলৈ আৰম্ভ কৰিলে আৰু অৱশেষত সি ভাঙি পৰিল- "মই কৰিছোঁ। মই প্ৰফেছাৰ প্ৰণৱক হত্যা কৰিছোঁ," সি কঁপি থকা স্বৰে স্বীকাৰ কৰিলে।
"কিয়? কোনে তোমাক এই কাম কৰিবলৈ বাধ্য কৰিলে?"- নয়নে গুৰুতৰভাৱে সুধিলে।
চিৰঞ্জিতৰ ঘাম আৰু চকুপানী বাগৰি আহিল। "এজন অজ্ঞাত ব্যক্তিয়ে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত এই কাম কৰিবলৈ কৈছিল। তেওঁ মোক প্ৰাণে মৰাৰ ভাবুকিও দিছিল। তেওঁ কৈছিল যদি মই এই কাম নকৰোঁ, তেন্তে তেওঁলোকে মোক আৰু মোৰ পৰিয়ালৰ সকলোকে মাৰি পেলাব।"
নয়নে আগবাঢ়ি গ'ল। তেওঁ গভীৰ স্বৰত ক'লে- "এই ঘটনাৰ আঁৰত কোন আছে, ভালকৈ ক'?"
"মই একো নাজানো ছাৰ"- চিৰঞ্জিতে কান্দি কান্দি ক'লে।
এইবাৰ গাৰ্গে নয়নক ক'লে, "ই এটা নমুনা মাত্ৰ। ইয়াৰ আঁৰত এটা ডাঙৰ দেশবিৰোধী সংগঠন আছে। তেওঁলোকে প্ৰফেছাৰ প্ৰণৱক জোৰ কৰি তেওঁলোকৰ বাবে কাম কৰাইছিল, হয়তো দেশবিৰোধী সংগঠনটোৰ বৃহৎ পৰিকল্পনাৰ মৰণাস্ত্ৰ প্ৰস্তুতৰ কামত! যেতিয়া তেওঁ পলাবলৈ চেষ্টা কৰিছিল, তেওঁলোকে তেওঁক হত্যাৰ কৰাৰ সিদ্ধান্ত ল'লে।"
নয়ন আৰু গাৰ্গে এক গভীৰ চাৱনি বিনিময় কৰিলে। চিৰঞ্জিতৰ স্বীকাৰোক্তিৰ পৰিণাম গভীৰ। " তেন্তে এইটো মাথোঁ এজনৰ হত্যাৰ বিষয় নহয়," নয়নে ক'লে। "এইটো এটা দেশবিৰোধী শক্তিক প্ৰতিহত কৰাৰ প্ৰশ্ন।"
চিৰঞ্জিতৰ স্বীকাৰোক্তি আৰু প্ৰণৱৰ ঘৰৰ পৰা পোৱা নথিসমূহৰ সৈতে, তেওঁলোকৰ হাতত এতিয়া প্ৰয়োজনীয় তথ্য আছে যাতে এই সম্পূৰ্ণ ষড়যন্ত্ৰৰ ৰহস্য সন্ধান কৰিব পাৰি। ডিটেক্টিভ গাৰ্গ আৰু ইন্সপেক্টৰ নয়ন এক ভয়াৱহ যুঁজৰ বাবে সাজু হ'ল!!
Comments
Post a Comment