“শিক্ষা হৈছে সবাতোকৈ
শক্তিশালী অস্ত্ৰ, যাৰ যোগেদি তুমি পৃথিৱীখন সলনি কৰি দিব পাৰা।”
-নেলছন মেণ্ডেলা
প্ৰাগৈতিহাসিক যুগৰ পৰা বৰ্তমানৰ আধুনিক যুগলৈ
মানৱ সভ্যতাৰ উত্তৰণৰ ক্ষেত্ৰত সবাতোকৈ প্রভাৱশালী ভূমিকা লৈ আহিছে শিক্ষাই।
বিশ্বৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক তথা বিজ্ঞান-প্ৰযুক্তি খণ্ডই
বৰ্তমান সফলতাৰ উচ্চ শিখৰত উপনীত হোৱাৰ আঁৰত শিক্ষা ব্যৱস্থাৰ ভূমিকা আটাইতকৈ
গুৰুত্বপূৰ্ণ। প্ৰাচীন সময়ৰ পৰাই শিক্ষা ব্যৱস্থাই মানুহক উপযুক্ত জ্ঞান, দক্ষতা
আৰু কৌশল প্ৰদান কৰি পৰিয়াল, সমাজ তথা দেশৰ উন্নতিৰ স্বাৰ্থত বৰঙণি আগবঢ়াবলৈ
প্ৰেৰণা যোগাই আহিছে। প্ৰাচীন কালৰ পৰা সময় আগবাঢ়ি যোৱাৰ লগে-লগে শিক্ষাৰ স্তৰ,
মানদণ্ড, পদ্ধতি, বিষয়বস্তু ইত্যাদিৰো পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয়। দেশ এখনৰ
শিক্ষানীতিও সময় সাপেক্ষে সলনি হোৱাৰ নিয়ম প্ৰচলিত হৈ আহিছে। এখন দেশৰ
শিক্ষানীতিয়ে দেশখনৰ শিক্ষা প্ৰণালীৰ নীতি, আদৰ্শ তথা সিদ্ধান্তক সামগ্ৰিক ৰপত
প্ৰতিফলিত কৰে। ইয়াৰোপৰি দেশখনৰ শিক্ষানীতিয়ে দেশখনৰ শিক্ষা সম্বন্ধীয় আইনসমূহক
প্ৰচলিত শিক্ষা প্ৰণালীৰ লগত সমন্বয় স্থাপন কৰে। স্বাধীনোত্তৰ ভাৰতবৰ্ষত প্ৰথমবাৰৰ
বাবে ১৯৬৮ চনত ৰাষ্ট্ৰীয় শিক্ষানীতি
বলৱৎ কৰা হৈছিল। পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কাৰ্যকালত ১৯৮৬ চনত দ্বিতীয়
ৰাষ্ট্ৰীয় শিক্ষানীতি বলৱৎ কৰা হয়। এই শিক্ষানীতিৰ কেতবোৰ দিশ ১৯৯২ চনত প্ৰধানমন্ত্ৰী
পিভি নৰসিং ৰাওৰ কাৰ্যকালত সংশোধন কৰা হৈছিল। পৰৱৰ্তী প্ৰায় ৩৪ বছৰৰ পিছত ২০২০ চনত
কেন্দ্ৰীয় চৰকাৰে দেশত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি বলৱৎ কৰাৰ কথা ঘোষণা কৰে।
২০১৫ চনত ভাৰতৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশত নতুন শিক্ষানীতি
প্ৰস্তুত কৰাৰ উদ্দেশ্যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ মুৰব্বী ডঃ কৃষ্ণাস্বামী
কস্তুৰীৰাংগনৰ নেতৃত্বত এখন কমিটি গঠন কৰিছিল। এই কমিটিখনে এক সুদীৰ্ঘ গৱেষণা,
পৰ্যালোচনা আৰু বিশ্লেষণৰ অন্তত ২০১৯ চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰতিবেদন
কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰে। একেটা বছৰতে কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ বিকাশ
মন্ত্ৰণালয়ে (বৰ্তমান শিক্ষা মন্ত্ৰণালয়) নতুন শিক্ষানীতিৰ খচৰা জনসাধাৰণৰ পৰা
ওজৰ-আপত্তি গ্ৰহণ কৰাৰ উদ্দেশ্যে ৰাজহুৱা কৰে। শেষত, ২০২০ চনৰ ১৯ জুলাইত কেন্দ্ৰীয়
কেবিনেটে দেশত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি বলৱৎ কৰাৰ কথা ঘোষণা কৰে। এই নীতিৰ মূল
লক্ষ্য হৈছে- ২০৩০ চনৰ ভিতৰত দেশৰ প্ৰচলিত শিক্ষা প্ৰণালীৰ ব্যাপক পৰিৱৰ্তন সাধন
কৰা।
ৰাষ্ট্ৰীয়
শিক্ষানীতি, ২০২০ৰ জৰিয়তে দেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ স্কুলীয়া শিক্ষা, উচ্চ
শিক্ষা, ভাষা, প্ৰযুক্তি তথা বৃত্তিমূলক শিক্ষা ইত্যাদি ক্ষেত্ৰৰ প্ৰণালীগত দিশত
বিস্তাৰিত পৰিৱৰ্তনৰ অৱতাৰণা কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ৰ জৰিয়তে শিক্ষা
ব্যৱস্থাত থকা সকলো আসোঁৱাহসমূহ আঁতৰাই ভিন্ন বিষয়যুক্ত সামগ্ৰিক শিক্ষা প্ৰদান
কৰাৰ ব্যৱস্থা কৰা হৈছে, যি শিক্ষাই শিক্ষাৰ্থীসকলক ধাৰণা আধাৰিত বোধশক্তি বিকাশত
গুৰুত্ব প্ৰদান কৰিব, সৃষ্টিশীলতা আৰু বিশ্লেষণাত্মক চিন্তাৰ বিকাশ সাধন কৰিব আৰু জীৱনকেন্দ্ৰিক
ব্যৱহাৰিক শিক্ষা প্ৰদান কৰিব। স্কুলীয়া শিক্ষাৰ গাঁথনিটো নতুন শিক্ষানীতিৰ জৰিয়তে
পূৰ্বৰ ১০+২ৰ সলনি ৫+৩+৩+৪ৰ ব্যৱস্থা কৰিছে। ৫+৩+৩+৪ ব্যৱস্থাৰ গাঁথনিত স্কুলীয়া শিক্ষাৰ প্ৰথম ৫ বছৰ প্ৰাক্ প্ৰাথমিক
শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈ (প্ৰাৰম্ভিক), পৰৱৰ্তী ৩ বছৰ তৃতীয় শ্ৰেণীৰ পৰা
পঞ্চম শ্ৰেণীলৈ (প্ৰস্তুতিমূলক), ইয়াৰ পিছৰ ৩ বছৰ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ
(মধ্য) আৰু শেষৰ চাৰি বছৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিভক্ত কৰা হৈছে
(মাধ্যমিক)। শিক্ষানীতি, ২০২০ৰ জৰিয়তে স্কুলীয়া শিক্ষাৰ পাঠ্যক্ৰম, মূল্যায়ন
পদ্ধতি, আৰু শিক্ষণ প্ৰণালীৰ গাঁথনিটো এনেদৰে প্ৰস্তুত কৰা হৈছে যাতে “ক্ষিপ্ৰ গতিত পৰিৱৰ্তন হোৱা সমাজৰ বাবে উত্তম, সফল, উদ্ভাৱনী
শক্তিসম্পন্ন, গ্ৰহণযোগ্য আৰু উৎপাদনশীল ছাত্ৰ-ছাত্ৰী নিৰ্মাণ হ’ব পাৰে।” ইয়াৰোপৰি স্কুলীয়া শিক্ষা ব্যৱস্থাত
কৃত্ৰিম বুদ্ধিমত্তা, জৈৱিক জীৱন-ধাৰণ, পৰিৱেশীয় শিক্ষা, বিশ্ব নাগৰিকত্বৰ শিক্ষা
আদি বিষয়সমূহো অন্তৰ্ভুক্ত কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০-এ মাতৃভাষা
মাধ্যমৰ শিক্ষাক অত্যধিক গুৰুত্ব প্ৰদান কৰিছে। বিশেষকৈ প্ৰাথমিক শিক্ষাৰ মাধ্যম
যাতে মাতৃভাষা হয়, সেই ক্ষেত্ৰত দৃঢ় মত প্ৰকাশ কৰিছে। ইয়াৰ লগতে ভাৰতীয় ভাষাসমূহ
শিক্ষাৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বহুভাষিক জ্ঞানৰ বিকাশ সাধন
কৰা কৰাৰ কথা শিক্ষানীতিত উল্লেখ কৰা হৈছে।
উচ্চ
শিক্ষাৰ ক্ষেত্ৰখনত ২০২০ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে একপ্ৰকাৰৰ বিপ্লৱৰ সূচনা
কৰাৰ কথা বিশ্লেষকসকলে প্ৰকাশ কৰিছে। নতুন শিক্ষানীতিত দেশৰ বিশ্ববিদ্য়ালয়সমূহৰ
পৰিচালনা, নামভৰ্তি, পাঠ্যক্ৰম, মূল্যায়ন, শিক্ষা প্ৰণালী, কলেজসমূহৰ স্বতন্ত্ৰতা
ইত্যাদি বিবিধ দিশসমূহত বিস্তাৰিত পৰিৱৰ্তনৰ অৱতাৰণা কৰা হৈছে। শিক্ষানীতিয়ে দেশৰ
উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহত স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰাৰ বাবে বিশেষ নীতি
প্ৰস্তুত কৰি উলিয়াইছে। ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰম (FYUGP)ৰ আৰম্ভণি ৰাষ্ট্ৰীয়
শিক্ষানীতি, ২০২০ৰ অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ। এই পদক্ষেপে বৰ্তমান চলি থকা ৩
বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ সময়সীমা ৪ বছৰলৈ বৃদ্ধি কৰা হৈছে। FYUGPৰ জৰিয়তে স্নাতক পাঠ্যক্ৰমতেই ছাত্ৰ-ছাত্ৰীসকলে গৱেষণাৰ সুযোগ লাভ কৰিব। ৪
বছৰীয়া স্নাতক পাঠ্যক্ৰমত বিষয় বাছনিৰ স্বতন্ত্ৰতা আৰু পাঠ্যক্ৰমৰ গাঁথনি ছাত্ৰ-ছাত্ৰীৰ
জ্ঞান, দক্ষতা আৰু উদ্ভাৱনী শক্তি বিকাশৰ উদ্দেশ্য আগত ৰাখি প্ৰস্তুত কৰা হৈছে। ৪
বছৰীয়া পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাৰ্থীসকলে ১ বছৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা
শিক্ষাৰ্থীক চাৰ্টিফিকেট, ২ বছৰ সম্পূৰ্ণ কৰাসকলক ডিপ্লমা, ৩ বছৰ সম্পূৰ্ণ কৰাসকলক
ডিগ্ৰী আৰু সম্পূৰ্ণ ৪ বছৰ অধ্যয়ন কৰা শিক্ষাৰ্থীক গৱেষণাসহ ডিগ্ৰী প্ৰদান কৰাৰ
ব্যৱস্থা কৰা হৈছে। গৱেষণাসহ ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলৰ স্নাতকোত্তৰ পাঠ্যক্ৰম
১ বছৰীয়া। ইয়াৰ লগতে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এম.ফিল পাঠ্যক্ৰমৰ বিলোপ ঘটাই
স্নাতকোত্তৰ পাঠ্যক্ৰমৰ পৰা পোনপটীয়াকৈ পি.এইচ ডি পাঠ্যক্ৰমত নামভৰ্তিৰ ব্যৱস্থা
কৰিছে। নতুন শিক্ষানীতিয়ে শিক্ষাখণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব
প্ৰদান কৰিছে। এইক্ষেত্ৰত National Education Technology Forum (NETF)ৰ গঠন, অনলাইন শিক্ষাৰ দ্ৰুত প্ৰসাৰ, অনলাইন পৰীক্ষা ইত্যাদি দিশসমূহত
গুৰুত্ব প্ৰদান কৰা হৈছে।
অসমৰ
প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ বলৱৎ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ
হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে বিগত ২০২১ চনৰ পৰাই ক্ষিপ্ৰগতিত
বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। কেন্দ্ৰই ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ ঘোষণা কৰাৰ
পিছত ৰাজ্যৰ শিক্ষাখণ্ডত ইয়াক কিদৰে বলৱৎ কৰিব- এই ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে ৰাজ্যৰ
বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱী, অধ্যাপক আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ সৈতে
বৈঠকত মিলিত হৈ পুংখানুপুংখভাৱে আলোচনা কৰিছিল। আলোচনাৰ শেষত চৰকাৰখনে এক
নিৰ্দিষ্ট ৰূপৰেখা তৈয়াৰ কৰি ৰাজ্যত শিক্ষানীতি বলৱৎ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ
কৰে। ইয়াৰ লগতে শিক্ষানীতিৰ আধাৰত
পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো চৰকাৰে পৰিকল্পনা প্ৰস্তুত কৰে। অসমৰ
স্কুলীয়া শিক্ষাৰ প্ৰাক্-প্ৰাথমিক পৰ্যায়ত ৩ বছৰৰ পৰাই শিক্ষাৰ্থীসকলক শিক্ষা
প্ৰদান কৰাৰ বাবে চৰকাৰে অংগনবাড়ী কেন্দ্ৰসমূহক প্ৰাথমিক বিদ্যালয়ৰ সৈতে সংযোগ
কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰাৰ লগতে মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ স্তৰ উন্নত কৰাৰ
ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ লগতে মহাবিদ্যালয়সমূহৰ পৰা একাদশ-দ্বাদশ
শ্ৰেণীটো আঁতৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত এই শ্ৰেণী দুটা শিক্ষা বিভাগৰ
ঘোষণামৰ্মে ইতিমধ্যে বাধ্যতামূলক কৰা হৈছে। আনহাতে, নতুন শিক্ষানীতিৰ আধাৰত অসম
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) আৰু মাধ্যমিক শিক্ষা পৰিষদ, অসম (SEBA)ক সংলগ্ন কৰি এখন ব’ৰ্ড শীৰ্ঘ্ৰেই নিৰ্মাণ কৰাৰ কথা
বিগত এপ্ৰিলত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছিল। এই নতুন ব’ৰ্ডে বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সাঙুৰি ল’ব। ইতিমধ্যে শিক্ষাবিভাগে ইয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি সংবাদ
মাধ্যমত প্ৰকাশ পাইছে।
ৰাষ্ট্ৰীয় শিক্ষানীতি,২০২০ৰ
আধাৰত ৰাজ্যৰ চিকিৎসা, অভিযান্ত্ৰিক, কাৰিকৰী, বৃত্তিমূলক শিক্ষাৰ মান উন্নত কৰাৰ
লক্ষ্যৰে ৰাজ্য চৰকাৰে নতুন শিক্ষানীতিৰ আধাৰত কেইবাটাও প্ৰতিষ্ঠানৰ সৈতে চুক্তি
স্বাক্ষৰ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। সেইমৰ্মে ইতিমধ্যে যোৱা ২০২২ চনত অসম চৰকাৰে টাটা টেকন’লজি লিমিটেডৰ সৈতে চুক্তি
স্বাক্ষৰিত কৰে। এই চুক্তি অনুসৰি, প্ৰতিষ্ঠানটোৱে ৰাজ্যৰ ৩৪ খন পলিটেকনিক আৰু
৪৩খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই টি আই)ৰ সামগ্ৰিক উন্নয়ন সাধন কৰাত সহযোগ
কৰিব।
ৰাষ্ট্ৰীয়
শিক্ষানীতি, ২০২০ত প্ৰাথমিক পৰ্যায়ত মাতৃভাষা মাধ্যমৰ শিক্ষাক বিশেষ অগ্ৰাধিকাৰ
প্ৰদান কৰা হৈছে। অসম এনে এখন ৰাজ্য য’ত বিগত কেইবাদশক ধৰি ইংৰাজী মাধ্যমৰ দ্ৰুত
আগ্ৰাসনে মাতৃভাষা মাধ্যমৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিছে। শেহতীয়াকৈ অসম চৰকাৰে
ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত
পাঠদান কৰিবলৈ দিয়া নিৰ্দেশনাক লৈ বিতৰ্কৰ সূচনা হয়। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক
একাংশই ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ৰ আদৰ্শৰ পৰিপন্থী সিদ্ধান্ত বুলি আখ্যা দিছে। সচেতন
মহলে অসমীয়া মাধ্যমৰ বিদ্যালয়ত অংক আৰু বিজ্ঞান ইংৰাজীত পাঠদানৰ সলনি ইংৰাজী
বিষয়টো অধিক দক্ষতাৰে পাঠদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনাইছে।
শিক্ষানীতি,
২০২০ৰ আধাৰত ৰাজ্যত এইবছৰৰ আগষ্টৰ পৰা চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰা
হৈছে। এই পাঠ্যক্ৰম ৰাজ্যৰ উচ্চ শিক্ষা সংস্কাৰৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে
বিবেচিত হৈছে। ৰাজ্যত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ আনুষ্ঠানিকভাৱে আৰম্ভণি কৰি
মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই কয়, “ৰাজ্যৰ উচ্চ শিক্ষাৰ বাবে এই দিনটো এক মাইলৰ
খুঁটি। কিয়নো এই ব্যৱস্থাই শিক্ষাৰ্থীৰ বহুমুখী বিকাশ সাধনত অত্যধিক গুৰুত্ব
প্ৰদান কৰিছে।”
এনেদৰে দেখা
যায় যে, সামগ্ৰিকভাৱে ৰাষ্ট্ৰীয় শিক্ষানীতি,২০২০ দেশৰ শিক্ষা খণ্ডৰ সংস্কাৰৰ এক
যুগান্তকাৰী পদক্ষেপ। অসমতো শিক্ষানীতিৰ দিশসমূহ সঠিক ৰূপত ৰূপায়ণ কৰিলে ৰাজ্যখনৰ
শিক্ষাখণ্ডই দ্ৰুত গতিৰে উন্নয়নৰ দিশে আগবাঢ়িব। এইক্ষেত্ৰত জনসাধাৰণৰ পৰা আৰম্ভ
কৰি শিক্ষক, শিক্ষাৰ্থী, চৰকাৰ- সকলোৱে সু-সংহতভাৱে নিজৰ দায়িত্ব পালন কৰা উচিত,
যাতে শিক্ষানীতিৰ মূল লক্ষ্যসমূহত উপনীত হ’ব পৰা যায়।
(ৰচনাকাল- অক্টোবৰ, ২০২৩)
Comments
Post a Comment