শাৰদীয় উন্মাদনা

       


      আধুনিক সমাজৰ মানুহৰ জীৱন-ধাৰণ পদ্ধতি অধিক যান্ত্ৰিক আৰু ব্যস্ততাময়। এই ব্যস্ততা ইমানেই অধিক প্ৰৱল যে মানুহে মানৱীয় প্ৰমূল্যবোধৰ সকলো সীমা চেৰাই কেৱল নিজৰ লক্ষ্যপ্ৰাপ্তিৰ বাবে যুঁজিবলৈ লৈছে। ধন-সম্পত্তি, নাম-যশস্যা ইত্যাদিৰ দৌৰত ব্যস্ত থাকোঁতে আধুনিক সমাজখনত আত্মীয়তাৰ এনাজৰীডালো ভাঙি গৈছে। কৰ্মব্যস্ততাৰ বাবে ঘৰৰ একমাত্ৰ সন্তানে পিতৃ-মাতৃক সময় দিব নোৱাৰাটো বৰ্তমান এটা সামান্য অজুহাত। এই সকলো যান্ত্ৰিকতাৰ পৰা মানুহৰ মনটোক সজীৱ কৰিবলৈয়ে প্ৰখৰ গ্ৰীষ্মৰ অন্তত ধৰাৰ বুকুলৈ আগমন ঘটে শৰতৰ মনোমোহা পৰিৱেশ। শেৱালি ফুলৰ স্নিগ্ধ সুৱাস, নৈ পাৰত কঁহুৱাজাকৰ লয়লাস নৃত্য, দুৰ্গোৎসৱৰ মংগল ধ্বনি- সকলোৱে যেন একেলগে মানুহক যান্ত্ৰিক জীৱনৰ পৰা কিছুপৰ বিৰতি লৈ প্ৰকৃতিৰ কোলাত সজীৱ হ'বলৈ আহ্বান জনায়। সেইবাবেই শাৰদীয় উৎসৱৰ এক বিশেষ মাদকতা আছে। বছৰজোৰা কৰ্মব্যস্ততাৰ অন্তত কিছু সময় পৰিয়ালৰ বাবে, নিজৰ বাবে অতিবাহিত কৰাৰ এক সুন্দৰ সুযোগ এই শাৰদীয় সময়ছোৱা।

 শাৰদীয় দুৰ্গোৎসৱ বুলি ক'লেই কলকাতাৰ পৰিৱেশ আমাৰ চকুৰ আগলৈ ভাঁহি আহে। City of Joyৰূপে খ্যাত কলকাতাত এইবাৰ কিন্তু দুৰ্গোৎসৱৰ উৎসাহ কিছু ম্লান হৈছে। ইয়াৰ কাৰণ উল্লেখ কৰাৰ প্ৰয়োজন হয়তো নাই। কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ ঘটনাই সমগ্ৰ বিশ্বত এক জোকাৰণিৰ সৃষ্টি কৰিছে। সকলোৱে একেমুখে সুধিছে- আৰু কিমান দিনলৈ এনে বীভৎস ঘটনা সংঘটিত হৈ থাকিব। কৰ্মস্থানত নাৰীৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰি অহা পদক্ষেপ, সজাগতা সকলো যেন ফুটুকাৰ ফেনত পৰিণত হৈছে। অশুভ শক্তিৰ বিনাশ ঘটাই শুভ শক্তিৰ প্ৰতিষ্ঠাৰ উৎসৱ হিচাপেই দুৰ্গা পূজা পালন কৰি অহা হৈছে। কিন্তু সমাজৰ এই অসূয়া-অপ্ৰীতিবোৰ নাশ নোহোৱালৈকে, পুৰুষে নাৰীক কামনাৰ উপাদান হিচাপে চোৱাৰ মানসিকতা সলনি নকৰালৈকে দুৰ্গা পূজা পালন কৰাৰ যথাৰ্থতা নাই। যিবোৰ মানুহে চান্দা সংস্কৃতিৰ প্ৰশয় লৈ সপ্তমীৰ পৰা দশমীলৈ নাৰীক শক্তিৰূপে আৰাধনা কৰে, সেই একেবোৰ মানুহেই বছৰৰ বাকীকেইটা দিনত দানৱীয় ৰূপ গ্ৰহণ কৰি উন্মুক্ত হৈ নাৰীৰ মৰ্যাদা স্খলন কৰে।

যদিও কলকাতাৰ ঘটনাই দেশত দুৰ্গোৎসৱৰ উৎসাহ ম্লান কৰিছে কিন্তু এই কথাও উল্লেখ কৰিবলগীয়া যে শাৰদীয় উন্মাদনাৰ মাজতে আমি সমাজৰ বিভিন্ন সমস্যা তথা অপ্ৰীতিকৰ শক্তিবোৰৰ বিৰুদ্ধে নতুনকৈ যুঁজ দিব পাৰোঁ। দুৰ্গোৎসৱৰ ইতিবাচক শক্তিৰ চেতনাই আমাৰ মনক অশুভ শক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ বিশেষভাৱে উদ্বুদ্ধ কৰক, মানুহক যান্ত্ৰিকতাৰ পৰা আঁতৰাই প্ৰকৃতিৰ পৰশ ল'বলৈ উৎসাহিত কৰক- তাৰে কামনাৰে শাৰদীয় দুৰ্গোৎসৱৰ শুভ ইচ্ছাৰে...।


Comments