চিৰ চেনেহী মোৰ ভাষা জননী।
ধন্যে পুণ্যে হৃত-পাৱনী, আই॥
৩ অক্টোবৰ। সন্ধিয়া অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেট বৈঠকৰ অন্তত দিল্লীৰ পৰা আহে সেই বিশেষ খবৰটো। ভাষা জননীক ভাল পোৱা জাতিটোৰ প্ৰতিজনৰ বাবে এই খবৰটো আছিল এক অবৰ্ণনীয় আনন্দৰ মুহূৰ্ত। খবৰটো আছিল অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত। এই সিদ্ধান্তই অসমীয়া ভাষাৰ ঐতিহাসিক অস্তিত্বত এক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰাৰ লগতে চৰ্যাপদ ৰচনা কৰা কালৰ পৰা শংকৰী যুগৰ হৈ জোনাকী, বাঁহী যুগৰ পৰা বৰ্তমান আধুনিক যুগলৈ অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাললৈ অনৱদ্য অৱদান আগবঢ়োৱা প্ৰতিজন স্বনামধন্য ব্যক্তিলৈ বিশেষ সন্মান প্ৰদান কৰিলে। উল্লেখ্য যে, ভাৰতবৰ্ষত সংবিধানপ্ৰদত্ত ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিবলৈ হ'লে ভাষাটোৰ লিখিত ইতিহাস ১৫০০ৰ পৰা ২০০০ বছৰলৈকে থকা প্ৰয়োজন। অসমীয়া ভাষাৰ সমৃদ্ধিশালী ইতিহাসে ভাষাটোক এই ঐতিহাসিক মৰ্যাদা প্ৰদান কৰাত অনুমোদন জনালে। এই বিশেষ ক্ষণটো পোৱাৰ অন্তৰালত ভাষাটোৱে বহুবাৰ জটিল পৰিস্থিতিৰ সন্মুখীন হৈছিল। ঔপনিৱেশিক শাসন তন্ত্ৰই অসমীয়া ভাষাক বাংলাৰ অপভ্ৰংশ বুলি অপবাদ আনি অসমৰ মাটিতে অসমীয়াৰ অস্তিত্ব মৃত্যুৰ মুখলৈ ঠেলি দিছিল। ৯০ দশকত মাধ্যম আন্দোলন গঢ়ি তুলিব লগা হৈছিল অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত। বৰ্তমান সময়তো ভাষাটোৱে বিভিন্ন ধৰণে বিভিন্ন সংকটৰ সন্মুখীন হ'ব লগা হৈছে, যিবোৰ সমাধানৰ বাবে নতুন প্ৰজন্ম বিশেষভাৱে আগভাগ লোৱা প্ৰয়োজন। যিহেতু ভাষা এটাই জাতি এটাৰ পৰিচয়ৰ অন্যতম শক্তিশালী ভেঁটি।
২০০৪ চনত প্ৰথমবাৰৰ বাবে তামিল ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। তামিলৰ পিছত ক্ৰমে সংস্কৃত, কানাড়া, তেলেগু, মালয়ালম আৰু উৰিয়া ভাষা এই মৰ্যাদা প্ৰদান কৰা হয়। যোৱা ৩ অক্টোবৰ তাৰিখে কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাৰ লগতে পালি, প্ৰাকৃত, বাংলা আৰু মাৰাঠী ভাষাকো ধ্ৰুপদী ভাষাৰ শাৰীত স্থান প্ৰদান কৰে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ লগে লগে ভাৰতত থকা মুঠ ধ্ৰুপদী ভাষাৰ সংখ্যা ১১টালৈ বৃদ্ধি পায়। ২০২৪ বৰ্ষৰ অক্টোবৰ মাহটো অসমীয়া জাতিৰ ইতিহাসত সদায় গুৰুত্বপূৰ্ণ হৈ ৰ'ব। ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ লগে লগে ভাষাটো শুদ্ধ ৰূপত চৰ।চৰ্চা কৰাৰ প্ৰতি আমাৰ দায়িত্ব বৃদ্ধি পালে। এই দায়িত্ব নতুন প্ৰজন্মই সবল ৰূপত আগবঢ়াই নিব লাগিব।
জীৱনে মৰণে ৰণে লহৰী সুধাৰ
বসনা শিতানে বহি সিঁচা শতধাৰ
হে' মোৰ মধুৰাননা মাগিছোঁ মাধুৰী কণা,
দিয়া দিয়া দিয়া আই, মধু-ভাষিণী॥
Comments
Post a Comment