সময়ৰ গতানুগতিক নিয়ম মতেই আকৌ এবাৰ আমি বছৰটোৰ শেষত আহি উপনীত হ’লো। মাজত মাথোঁ কেইটামান দিন, ২০২৪ বৰ্ষটো সময়ৰ বোৱতী সুঁতিত বিলীন হৈ যাব। বছৰৰ এই শেষ ক্ষণত আহি এবাৰ উভতি চাব বিচাৰিছোঁ- বছৰটোৰ প্ৰাপ্তি-অপ্ৰাপ্তিবোৰক এবাৰ উনুকিয়াই চাব বিচাৰিছোঁ। ২০২৪ আমাৰ মানসপটত দুটা গুৰুত্বপূৰ্ণ কাৰণত সদায় বিশেষ হৈ ৰ’ব- প্ৰথম এই বছৰটোত ইংৰাজী সাহিত্যৰ স্নাতক সন্মান লাভ কৰা আৰু দ্বিতীয়টো বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা জীৱনৰ এক নতুন অধ্যায়ৰ পাতনি মেলা। এইবোৰৰ মাজত কিতাপ পঢ়াৰ যাত্ৰা অব্যাহত ৰাখিলোঁ উচ্ছাসিত ধৰণেই। ২০২৪ত কেইবাখনো মনোৰম কিতাপ পঢ়াৰ সুযোগ লাভ কৰিলোঁ, এইবোৰৰ ভিতৰত উল্লেখ্যযোগ্য কেইখনমান গ্ৰন্থৰ কথা এই লেখাত অতি চমুকৈ অৱলোকন কৰিবলৈ লোৱা হৈছে।
বছৰটোত
পঢ়া উল্লেখযোগ্য ইংৰাজী কিতাপসমূহৰ ভিতৰত ৰাস্কিন বণ্ডৰ A flight of Pigeons, অমিতাভ ঘোষৰ The
Shadow Lines, আৰ কে নাৰায়ণৰ Malgudi Days, সদগুৰুৰ
Flowers on the Path-ৰ লগতে জাপানী লেখক Satoshi Yagisawaৰ Days
At the Morisaki Bookshop আৰু
ফাৰ্চী লেখক Antoine de
Saint-Exuperyৰ বিখ্যাত কাহিনী
The Little Princeৰ কথা বিশেষভাৱে উল্লেখ কৰিম। আনহাতে
অসমীয়া কিতাপসমূহৰ ভিতৰত অনুৰাধা শৰ্মা পূজাৰীৰ সোণ হৰিণৰ চেঁকুৰ, মহিম
বৰাদেৱৰ কাঠনিবাৰী ঘাট, ডঃহীৰেন গোঁহাই ছাৰৰ লস্ত লাগিজ, হোমেন
বৰগোহাঞি ছাৰৰ উচ্চাকাংক্ষা, মৃণাল কলিতা ছাৰৰ ‘ৰিবৰিবহঁতৰ
কাহিনী’ উল্লেখনীয়। দুখন অনুদিত গ্ৰন্থ- Taniya আৰু
সময় যন্ত্ৰ-ই ২০২৪ বৰ্ষটো সমৃদ্ধ কৰিলে।
ইতিহাসৰ
পৃষ্ঠাত তথ্যৰে আবদ্ধ পৰিঘটনাসমূহৰ অমানৱীয় নৃশংসতাক ভয়াৱহৰূপে উন্মোচিত কৰি পাঠকক
ভিন্নস্বাদ প্ৰদান কৰিব পৰা দুখন কালজয়ী গ্ৰন্থ The
Shadow Lines আৰু A
flight of Pigeons। এখনে বিভাজনৰ দীৰ্ঘম্যাদী
পৰিণতিক প্ৰভাৱশালী ৰূপত দাঙি ধৰাৰ বিপৰীতে আনখনে ১৯৫৭ চনৰ বিদ্ৰোহৰ উহ্য হৈ থকা
কেতবোৰ অমানৱীয় ছবি উদঙাই দিছে। ইতিহাসত সংঘটিত ঘটনাবোৰৰ মৰ্মাৰ্থ কেৱল তথ্য আৰু পৰিসংখ্যাৰে
অনুধাৱন কৰিব নোৱাৰি সেয়া বুজিবলৈ হ’লে সেই প্ৰেক্ষাপটৰ সমাজিক-মানৱীয়
দিশসমূহৰ ভিত্তিত ৰচিত সাহিত্য অধ্যয়ন কৰাটো অতি আৱশ্যক। এই ক্ষেত্ৰত এই দুখন
বিশেষ গ্ৰন্থৰ কথা বিশেষভাৱে উল্লেখ কৰিম। ভাৰতীয় ইংৰাজী সাহিত্যৰ ক্ষেত্ৰখনৰ
প্ৰসিদ্ধ ব্যক্তিত্ব আৰ কে নাৰায়ণৰ বিখ্যাত ৰচনা Malgudi Daysখনো এই বছৰতে পঢ়িলোঁ। বিশ্ববিদ্যালয়ৰ ক্লাছ,
এছাইনমেণ্ট, প্ৰেজেণ্টেছন ইত্যাদিৰ ব্যস্ততাৰ মাজতে নাৰায়ণৰ কলমৰ যোগদি মালগুড়ী
ডে’জত প্ৰতিফলিত হৈ উঠা ভাৰতীয় সামাজিক প্ৰেক্ষাপটৰ বহুতো
সূক্ষ্ম দিশ হৃদয়াংগম কৰাৰ সুযোগ পালোঁ। শিশু সাহিত্য ক্ষেত্ৰখনৰ বিখ্যাত ৰচনা দ্য
লিটল প্ৰিন্স, আধ্যাত্মিক চিন্তনৰ সুন্দৰ সংকলন ফ্লাৱাৰ্ছ অন্ দ্য পাথ আৰু জাপানী উপন্যাস ডেজ এট দ্য
মৰিচাকি বুকশ্বপৰ যোগেদি জীৱনক ভিন্নদৃষ্টিৰে পৰ্যবেক্ষণ কৰিবলৈ সক্ষম হ’লো।
অসমীয়া
কিতাপসমূহৰ ভিতৰত বিশেষভাৱে উল্লেখ কৰিম- ডঃ হীৰেন গোঁহাই ছাৰৰ লস্ত লাগিজ।
এই নিবন্ধ সংকলনখনত ডঃ গোঁহাই ছাৰে বিভিন্ন সময়ত সান্নিধ্য লাভ কৰা ব্যক্তিসকলৰ
বিষয়ে আলোকপাত কৰিছে, বিশেষকৈ কেম্ব্ৰিজলৈ উচ্চ শিক্ষা গ্ৰহণৰ উদ্দেশ্য থকা
কালছোৱাৰ ভিন্ন ব্যক্তি আৰু গোঁহাইৰ ওপৰত তেওঁলোকৰ প্ৰভাৱৰ বিষয়ে এই সংকলনখনত
সুন্দৰভাৱে প্ৰকাশ পাইছে। হোমেন বৰগোহাঞি ছাৰৰ উচ্চাকাংক্ষাই জীৱনৰ
ইচ্ছা-আকাংক্ষাক নতুনকৈ চোৱাৰ ক্ষেত্ৰত পাঠকৰ মন-মগজুত এক গভীৰ চিন্তাৰ উদ্ৰেক
ঘটাব। অনুৰাধা শৰ্মা পূজাৰীৰ সোণ হৰিণৰ চেঁকুৰ পঢ়িলোঁ এক বিশেষ সময়ছোৱাত- কলেজীয়া
জীৱনৰ শেষৰকেইটা দিনত, অন্তিমটো ছেমিষ্টাৰ শেষ হোৱাৰ ঠিক আগমুহূৰ্তত। উপন্যাসৰ
প্ৰতিটো ঘটনাত যেন সোমাই পৰিলোঁ গভীৰভাৱে, চৰিত্ৰবোৰৰ বাস্তৱতাক উপলব্ধি কৰিলোঁ
সজীৱ ৰূপত। যৌৱনৰ ভৰপক সময়ত সমাজৰ বাবে , পৰিয়ালটোৰ বাবে, নিজৰ বাবে কিছু
স্বাৰ্থহীন কাম কৰাৰ অভিলাস ৰখা প্ৰতিজন ছাত্ৰ বা ছাত্ৰীয়ে নিতান্তই এই উপন্যাসখন
পঢ়া উচিত। কাঠনিবাৰীৰ পাৰত বহি ৰঙা জিঞাৰ কবি মহিম বৰাদেৱৰ গল্পৰ যোগেদি জীৱনৰ
নৈসৰ্গিক আনন্দক সন্ধান কৰাৰ প্ৰচেষ্টা চলালোঁ। এখন কালজয়ী গল্প সংকলন- কাঠনিবাৰী
ঘাট । গল্পপুথিখনত সংকলিত এঘাৰটা গল্পই প্ৰতিধিনিত্ব কৰিছে মানুহ আৰু সমাজৰ বিভিন্ন
দিশ। বৰ্তমান সময়ৰ শিশু সাহিত্যৰ এখন মনোৰম পুথি ৰিবৰিব মুনমীহঁতৰ শেষ নোহাৱা
কাহিনীখন পঢ়ি শৈশৱৰ দিনবোৰলৈ যেন আকৌ উভতি গ’লো।
আনহাতে, অনুবাদ গ্ৰন্থ দুখনৰ এখন বিশ্ববিখ্যাত কল্পবিজ্ঞান পুথি The Time Machineৰ অসমীয়া
অনুবাদ সময় যন্ত্ৰ। আনখন অসমীয়া ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা অৰূপা
পটংগীয়া কলিতাৰ শিশু উপন্যাস তানিয়া। দুয়োখন গ্ৰন্থই মোৰ ‘২৪ৰ
অধ্যয়ন যাত্ৰাত বিশেষভাৱে অৰিহণা যোগালে। এনেদৰেই বছৰটোৰ অধ্যয়ন যাত্ৰা পূৰণ
কৰিলোঁ, অন্য কেইবাখনো কিতাপৰ কথা উল্লেখ কৰা নহ‘ল আৰু যিসমূহ উল্লেখ কৰিছোঁ সেইবোৰৰ মাথোঁ
এক চমু আভাসহে প্ৰদান কৰাৰ চেষ্টা কৰিলোঁ। আগন্তুক বৰ্ষটোতো ভিন্ন ক্ষেত্ৰৰ
বিভিন্ন গ্ৰন্থৰে অধ্যয়ন যাত্ৰা সমৃদ্ধ কৰিম বুলি আশা ৰাখিছোঁ।
Comments
Post a Comment