অসমৰ শৈক্ষিক জগতৰ দিক্-দৰ্শক অধ্যাপক মিহিৰকান্তি চৌধুৰী

 

          


২০০৭ চন। এক দশক পূৰ্বে অসমত স্থাপিত হোৱা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰিছিল ৰাজ্যৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, আন্তৰ্জাতিক খ্যাতিসম্পন্ন ৰসায়নবিদ ডঃ মিহিৰকান্তি চৌধুৰীয়ে। উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰিয়েই তেওঁ নিজৰ অসীম নিষ্ঠা,দক্ষতা আৰু দূৰদৰ্শিতাৰে বিশ্ববিদ্যালয়খনক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এখন সু-প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান হিচাপে গঢ় দিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা হাতত লৈছিল। অধ্যাপক চৌধুৰীয়ে ২০০৭ চনৰ পৰা ২০১৭ চনলৈ সুদীৰ্ঘ ১০ বছৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে দায়িত্ব পালন কৰিছিল। এই দহ বছৰীয়া কাৰ্যকালত শিক্ষানুষ্ঠানখনৰ শৈক্ষিক উৎকৰ্ষ সাধনৰ লগতে আন্তঃগাঁথনিৰো অপূৰ্ব বিকাশ হৈছিল। অধ্যাপক চৌধুৰীৰ গৱেষণাৰ প্ৰতি থকা গভীৰ আকৰ্ষণ, প্ৰশাসক হিচাপে থকা দক্ষতা, শৈক্ষিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে থকা দূৰদৰ্শিতা বিশ্ববিদ্যালয়খনে এই সময়ছোৱাত লাভ কৰা স্বীকৃতিসমূহত স্বচ্ছল ৰূপত প্ৰতিফলিত হয়। তেওঁৰ সবল নেতৃত্বতে তেজপুৰ বিশ্ববিদ্যালয়ে ২০১৬ চনত ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰদান কৰা দেশৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ দৰ্শনাৰ্থীৰ বঁটা লাভ কৰিছিল। একেটা বছৰতে তেজপুৰ বিশ্ববিদ্যালয়ে National Institutional Ranking Framework (NIRF)ৰ ৰেংকিঙত দেশৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ তালিকাত ৫ম স্থান অধিকাৰ কৰে। ইয়াৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষৰ শৈক্ষিক খণ্ডত তেজপুৰ বিশ্ববিদ্যালয়ে এখন জাকতজিলিকা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে বিশেষ স্বীকৃতি লাভ কৰে আৰু দেশৰ সকলো প্ৰান্তৰ শিক্ষাৰ্থী, গৱেষক, অধ্যাপক- সকলোকে বিশ্ববিদ্যালয়খনৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰে ইয়াৰোপৰি তেখেতৰ প্ৰচেষ্টাৰ ফলতেই কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনে টাইমছ হায়াৰ এডুকেশ্যনৰ বিশ্বৰ ২০ খন শ্ৰেষ্ঠ বিশ্ববিদ্যালয় (৫০০০ শিক্ষাৰ্থীতকৈ কম)ৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল অধ্যাপক মিহিৰকান্তি চৌধুৰী ছাৰৰ এই অনৱদ্য অৱদান তেজপুৰ বিশ্ববিদ্যালয়ৰ কৃতিত্বৰ সোণালী ইতিহাসত চিৰযুগমীয়া হৈ থাকিব।
                   অসমৰ বৌদ্ধিক জগতখনত গভীৰ শূন্যতাৰ সৃষ্টি কৰি অধ্যাপক মিহিৰকান্তি চৌধুৰীয়ে যোৱা ১৩ ডিচেম্বৰত ইহলীলা সম্বৰণ কৰেতেখেতৰ মৃত্যু ৰাজ্যৰ শৈক্ষিক আৰু বৌদ্ধিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি। ১৯৪৭ চনৰ ২১ জুলাইত শ্বিলঙত জন্মগ্ৰহণ কৰা চৌধুৰীয়ে কলিকতাৰ কল্যাণী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি আইআইটি খড়কপুৰৰ পৰা ১৯৭৩ চনত পিএইডি ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ জাৰ্মানীস্থিত Ruhr বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৫ চনত Dr.rer.nat. সন্মান লাভ কৰিবলৈ সক্ষম হয়। জাৰ্মানীৰ পৰা শিক্ষা সমাপ্ত কৰি অধ্যাপক চৌধুৰীয়ে উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয় (নেহু)ত ৰসায়ন বিভাগৰ অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত তেওঁ আইআইটি গুৱাহাটীতো অধ্যাপনা কৰিছিল। ২০০৭ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্ত হোৱা চৌধুৰীয়ে বিশ্ববিদ্যালয়খনৰ প্ৰথম বৰ্ড অৱ মেনেজমেণ্টৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্ণিল কৰ্মজীৱনত তেওঁ ভিন-ভিন সময় অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা, দেশৰ বিজ্ঞান-প্ৰযুক্তি বিভাগ, বিশ্ববিদ্যালয় অনুদান আয়োগ ইত্যাদি বিভিন্ন সংস্থাৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল।
                 অধ্যয়ন আৰু গৱেষণাক নিজৰ জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা ডঃ মিহিৰকান্তি চৌধুৰীয়ে তেওঁৰ অধ্যাপনা কৰা কালছোৱাত কেইবাটাও দুৰ্লভ সন্মানেৰে বিভূষিত হৈছিল। ১৯৮৯ চনত নেহুৰ অধ্যাপক হিচাপে কৰ্মৰত অৱস্থাত তেওঁ লাভ কৰিছিল দেশৰ বিজ্ঞান জগতৰ সৰ্বোচ্চ সন্মান শান্তিস্বৰূপ ভাটনগৰ বঁটা। উল্লেখযোগ্য যে, এই সন্মান লাভ কৰা তেঁৱেই হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী বিজ্ঞানী। ইয়াৰ লগতে তেওঁ ১৯৮৮ চনত ইণ্ডিয়ান একাডেমী অৱ ছায়েন্স আৰু ১৯৯১ চনত নেচনেল একাডেমী অৱ ছায়েন্সৰ ফেলৰ সন্মান প্ৰদান কৰা হয়। ৰসায়নবিদ চৌধুৰীয়ে ২০১৩ চনত মাৰ্কিন কেমিকেল চছাইটিৰ বিশিষ্ট সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়। ধাতু-অধাতুৰ ডাই অক্সিজেন কমপ্লেক্স আৰু ফ্লৰিন যৌগ সংশ্লেষণকেন্দ্ৰিক গৱেষণাৰ জৰিয়তে তেওঁ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত গৱেষণা পত্ৰ প্ৰকাশ কৰি এজন মেধাসম্পন্ন ৰসায়নবিদ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে তেওঁ এগৰাকী সুদক্ষ প্ৰশাসক, দূৰদৰ্শী শিক্ষাবিদ হিচাপে দৃষ্টান্ত ৰাখি থৈ গৈছে। তেওঁৰ কাৰ্যকালৰ প্ৰচেষ্টাতে বিশ্ববিদ্যালয়খনে গুণগত শিক্ষণ আৰু interdisciplinary গৱেষণাৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এখন শিক্ষানুষ্ঠান হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল 
       ৰাজ্যৰ শৈক্ষিক তথা বিজ্ঞান জগতখনলৈ আগবঢ়াই থৈ যোৱা অনন্য অৱদানৰ বাবে অধ্যাপক মিহিৰকান্তি চৌধুৰীদেৱক সদায় শ্ৰদ্ধাৰে স্মৰণ কৰা হব, বিশেষকৈ অসমত এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা হব চিৰস্মৰণীয়। অধ্যাপক চৌধুৰীলৈ গভীৰ শ্ৰদ্ধাৰ্ঘ জনালোঁ।

Comments