মাৰ্কিন গৱেষণাকাৰী সংস্থা ‘নেশ্যনেল চেণ্টাৰ ফৰ হেল্থ ষ্টেষ্টেটিকছে’ বিগত অক্টোবৰত প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, কিশোৰ-কিশোৰীসকলে দৈনিক ৪ ঘণ্টাতকৈও অধিক সময় মোবাইল স্ক্ৰীনত অতিবাহিত কৰে। যাৰ ফলত এই কিশোৰ-কিশোৰীসকলৰ প্ৰতি ৪ জনৰ ভিতৰত ১ জনেই হতাশা আৰু বিষাদগ্ৰস্ততাত ভুগিবলগা হয়। গৱেষণাকাৰী সংস্থাটোৱে এজন ব্য়ৱহাৰকাৰীয়ে মোবাইলত অতিবাহিত কৰা সময়খিনিক আনলাইন শিক্ষা, মনোৰঞ্জন, ক্ৰীড়া ইত্যাদি কেইবাটাও বিভিন্ন শিতানত ভাগ কৰি এই প্ৰতিবেদন প্ৰকাশ কৰিছিল, য’ত কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত মনোৰঞ্জন আৰু ক্ৰীড়াত আন শিতানতকৈ সময় অতিবাহিত কৰাৰ পৰিমাণ সবাতোকৈ অধিক। অৰ্থাৎ কিশোৰ-কিশোৰীসকলে অনলাইন গেম খেলিবলৈ আৰু ইণ্টাৰনেটত ভিডিঅ’ চাবলৈ দৈনিক ৪ ঘণ্টাতকৈও অধিক সময় মোবাইল স্ক্ৰীন ব্যৱহাৰ কৰে। শিশু তথা কিশোৰ-কিশোৰীসকলৰ মাজত মোবাইলৰ ব্যৱহাৰ যিমানেই বৃদ্ধি পাইছে, সিমানেই তেওঁলোকৰ শাৰীৰিক-মানসিক দিশত কেতবোৰ সমস্যাৰ সৃষ্টি হৈছে। শাৰীৰিক ব্যায়ামৰ পৰিৱৰ্তে ঘণ্টাৰ পিছত ঘণ্টা ধৰি মোবাইল স্ক্ৰীনত সময় অতিবাহিত কৰা বাবে শৰীৰৰ উৎকৰ্ষ সাধনত বাধাৰ সৃষ্টি হোৱাৰ লগতে দৃষ্টিশক্তি আৰু মানসিক বিকাশতো নেতিবাচক প্ৰভাৱ পেলাইছে- সামগ্ৰিকভাৱে গৱেষণাকাৰী সংস্থাটোৰ প্ৰতিবেদনত এই ভয়াৱহ তথ্যই প্ৰতিফলিত হৈছে।
সংস্থাটোৰ এই উদ্বেগজনক প্ৰতিবেদনে সচেতন মহলক, বিশেষকৈ অভিভাৱকসকলক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে। কিয়নো ইণ্টাৰনেট সহজলভ্য হোৱাৰ পিছৰে পৰা বিশেষকৈ ক’ভিড মহামাৰীৰ সময়ৰ পৰা বিশ্বৰ সকলো প্ৰান্তৰ শিশুসকলৰ মাজত মোবাইল আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। সেয়া বৰ্তমান অতি সহজে আমাৰ চৌপাশে আমি পৰিলক্ষিত কৰিব পাৰোঁ। কেৱল শিশু অথবা কিশোৰ-কিশৰীৰেই নহয় বৰঞ্চ সকলো বয়সৰ ব্যক্তিৰ মাজত মোবাইল স্ক্ৰীনত সময় অতিবাহিত কৰাৰ পৰিমাণ বহুগুণে বৃদ্ধি পাইছে। ফলস্বৰূপে ইণ্টাৰনেটে সৃষ্টি কৰা দৃশ্য-শ্ৰাব্যৰ ভাৰ্চুৱেল পৃথিৱীখনে মানুহৰ মন-মগজুত অসাধাৰণভাৱে আগ্ৰাসন কৰিবলৈ আৰম্ভ কৰিছে। মোবাইল আৰু ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰ বৃদ্ধিৰ ফলত স্বাভাৱিকভাৱে কিতাপ পঢ়াৰ অভ্যাস হ্ৰাস পাইছে। নিজৰ প্ৰিয় উপন্যাসখন লৈ আজৰি সময় কটোৱা অথবা শিশুসকলে নিজৰ প্ৰিয় শিশু আলোচনীখন লৈ সময় কটোৱা দৃশ্য বৰ্তমান যেন দুৰ্লভ- সকলো ব্য়স্ত নিজৰ স্মাৰ্টফোনটো হাতত লৈ। কিতাপ পঢ়াৰ অভ্যাসক একাষৰীয়া কৰি অত্যধিক মোবাইল ব্যৱহাৰৰ অভ্যাসে ভৱিষ্যত প্ৰজন্মক বৌদ্ধিকভাৱে যে পংগু কৰিছে- সেইকথাত কোনো সন্দেহ নাই। অধ্যয়ন হৈছে মানৱ সভ্যতা উত্তৰণৰ চাবিকাঠি তথা মানসিক পুৰিপুষ্টি প্ৰদান কৰা সৰ্বোত্তম সঞ্জীৱনী সুধা। তেনে এক অভ্যাসক আওকাণ কৰাৰ অৰ্থ হৈছে নিজৰ সভ্যতা-সংস্কৃতিৰ অস্তিত্বৰ সৈতে হেতালি খেলা। স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞি ছাৰে অভিভাৱকসকলক শিশুসকলৰ মাজত শৈশৱ কালৰে পৰাই কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ উপদেশ দিছিল, যাতে ডাঙৰ হৈ তেওঁলোকে এক সবল বুদ্ধিমত্তাৰ অধিকাৰী হোৱাৰ লগতে সৌম্য, ধৈৰ্য, ক্ষমা, দয়া, অনুসন্ধিৎসু ইত্যাদি গুণবোৰ আয়ত্ত কৰি জীৱনৰ যিকোনো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰে। সেয়েহে অভিভাৱকে আজৰি সময়ত শিশুসকলক মোবাইল ব্যৱহাৰ কৰিবলৈ দিয়াৰ পৰিৱৰ্তে শিশুসকলৰ বাবে ৰচিত মনোৰম কিতাপসমূহৰ আস্বাদন কৰিবলৈ সুযোগ প্ৰদান কৰা উচিত।
এই কথাত কোনো দ্বিমত নাই যে, বৰ্তমান আধুনিক প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশ সাধনৰ যুগত মোবাইল, ইণ্টাৰনেট, কৃত্তিম বুদ্ধিমত্তা ইত্যাদিৰ জ্ঞান অৰ্জনত সৰু সময়ৰ পৰাই গুৰুত্ব দিব লাগে। কিন্তু সেইবোৰৰ মাজত অধ্যয়নৰ অভ্যাসক সম্পূৰ্ণ একাষৰীয়া কৰি চলিলে নহ’ব। দুয়োটাৰ ক্ষেত্ৰতেই সমান গুৰুত্ব দিলেহে আমি প্ৰকৃত অৰ্থত জ্ঞান অৰ্জন লাভ কৰিবলৈ সক্ষম হ’ম। উল্লেখনীয় যে, শীতৰ আগমনৰ লগে লগে বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। ৰাজ্যৰ বৌদ্ধিক বিকাশ সাধনৰ বাবে এই গ্ৰন্থমেলাসমূহৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ- সেয়া সকলোৰে বোধগম্য। গ্ৰন্থমেলাৰ জৰিয়তে পাঠকে নিজৰ ৰুচি অনুযায়ী গ্ৰন্থ ক্ৰয় কৰাৰ লগতে প্ৰিয় সাহিত্যিকগৰাকীৰ সান্নিধ্য লাভ কৰাৰ সুযোগ লাভ কৰে। অসম প্ৰকাশন পৰিষদৰ উপৰি বিভিন্ন সংস্থা তথা সংগঠনৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাসমূহৰ জৰিয়তে গ্ৰন্থ ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বিত্তীয় দিশটোও টনকিয়াল হয়। মুঠৰ ওপৰত বৌদ্ধিক বিকাশ সাধনৰ লগতে অৰ্থনৈতিক দিশটোৰ ক্ষেত্ৰতো গ্ৰন্থমেলাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তোলাৰ এযাই হৈছে এক সোণালী সময়। মোবাইল স্ক্ৰীনৰ পৰা ক্ষন্তেক বিৰতি লয় প্ৰিয় লেখকৰ কিতাপখন মেলি লওঁক, কৃত্ৰিম ভাৰ্চুৱেল জগতখনৰ পৰা শব্দ আৰু সাহিত্যৰ মনোৰম জগতখনত বিচৰণ কৰিবলৈ যত্ন কৰক- শিশুসকলৰ মাজতো এনে মহৎ অভ্যাস গঢ়ি তুলিবলৈ যত্ন কৰোঁ আহঁক।
Comments
Post a Comment