৬ এপ্ৰিল। দুদিনৰ বাবে বিশেষ কাৰণত গুৱাহাটীলৈ গৈছিলোঁ। দ্বিতীয় দিনা আজৰি পৰত বন্ধু মুগ্ধ আৰু কৃষ্ণানুৰ সৈতে দীঘলীপুখুৰীত কিছু খোজ কাঢ়ি গৈ পাণবজাৰ ওলালোগৈ। পাণবজাৰৰ পদপথত আইতা এগৰাকীৰ কাকত-আলোচনীৰ দোকানৰ পৰা জনমভূমিৰ বসন্ত বিশেষ সংখ্যাটি ক্ৰয় কৰিলোঁ। বিশেষ সংখ্যাটি হাতত লৈ বহু কথাই মন-মগজুত স্পৰ্শ কৰি গ’ল। ছপা কাকত-আলোচনীৰ প্ৰতি দুৰ্বাৰ ৰুচি থকা এজন পাঠক হিচাপে ক’ভিডৰ পৰৱৰ্তী সময়ৰ পৰাই অসমৰ ছপা মাধ্যমৰ জগতখনলৈ অহা পৰিৱৰ্তন বাৰুকৈয়ে উপলব্ধি কৰিছোঁ। স্বাভাৱিকতেই এই পৰিৱৰ্তন নেতিবাচক। কেৱল অসমৰ প্ৰেক্ষাপটেই নহয়, সমগ্ৰ বিশ্বতেই বৰ্তমান ইণ্টাৰনেট আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ অপ্ৰতিৰোধ্য বিকাশৰ বাবে ছপা মাধ্যমৰ দুৰ্বাৰ ক্ষতি হৈছে। এই কথা অনস্বীকাৰ্য যে, ইণ্টাৰনেট আৰু কৃত্ৰিম বুদ্ধিমত্তা- দুয়োটাৰে ব্যৱহাৰ আৰু বিকাশ সাম্প্ৰতিক সময়ৰ বাবে অনিবাৰ্য। কিন্তু ছপা জগতৰ সৈতে পাঠক এজনৰ যি আত্মীয়তা অথবা মাদকতা সেয়া হয়তো বিলাসী মোবাইল বা লেপটপৰ স্ক্ৰীনটোত পোৱা নাযায়। ২০২০ৰ আগলৈকে অসমত কাকত-আলোচনীৰ প্ৰকাশক-বিক্ৰেতা-পাঠক তিনিওৰে স্থিতি সন্তোষজনক আছিল। ইণ্টাৰনেটৰ প্ৰভাৱে পাঠকৰ ৰুচিৰ ক্ষেত্ৰত সামান্য প্ৰভাৱ পেলাইছিল যদিও কাকত বা আলোচনীখনৰ প্ৰকাশ বন্ধ কৰাৰ উপক্ৰম ঘটা নাছিল। ক’ভিড মহামাৰীৰ সময়ছোৱাত সমগ্ৰ বিশ্বই এটা নতুন যুগত প্ৰৱেশ কৰাৰ দৰে ডিজিটেল মাধ্যমৰ ব্যৱহাৰযোগ্যতাক অধিক অগ্ৰাধিকাৰ প্ৰদান কৰিলে। সেই সময়ৰ পৰাই অসমৰ জনবিন্যাসৰ মাজত ডিজিটেল মাধ্যমৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বাতৰি-কাকত, আলোচনীৰ জগতখনলৈ এক অমানিশা নামি আহিল। বহুলভাৱে প্ৰচলিত কাকতবোৰৰ প্ৰচলন সংখ্যা দ্ৰুতহাৰত হ্ৰাস পালে আৰু বহুতো কাকত-আলোচনী পাঠকৰ অভাৱত প্ৰকাশ বন্ধ কৰিবলগীয়া হ’ল। বিশেষকৈ কেইবাখনো শিশু আলোচনী বন্ধ নোহোৱাটো বৌদ্ধিক ক্ষেত্ৰখনৰ বাবে শুভ লক্ষণ নহয় বুলি ভাবোঁ। এটা সময়ত ৰাজ্যৰ সমামাজিক-ৰাজনৈতিক-বৌদ্ধিক ক্ষেত্ৰখন প্ৰতিনিধিত্ব কৰা বহুলভাৱে প্ৰচলিত সাপ্তাহিক কাকত কেইখনে বৰ্তমান দৈনিক কাকতৰ একোখন পৰিপূৰিকা হিচাপেহে নিজৰ অস্তিত্ব ৰক্ষা কৰি আহিছে। এয়া আমাৰ বাবে দুৰ্ভাগ্যজনক কথা। ব্যৱসায়িক দৃষ্টিৰ পৰাও কাকত-আলোচনীৰ ব্যৱসায় বৰ্তমান বিশেষ প্ৰাপ্তিৰ ব্যৱসায় নহয় বুলিয়েই বহুতো বিক্ৰেতাই প্ৰকাশ কৰিছে। গতিকে আমাৰ দৰে ছপা কাকত-আলোচনীৰ প্ৰতি বিশেষ দুৰ্বলতা থকা পাঠকসকলৰ বাবে ইয়াতকৈ অস্বস্তিকৰ কথা একো হ’ব নোৱাৰে। বিহু আৰু পূজাৰ সময়ছোৱাত নানাৰঙী বিহু আৰু পূজা বিশেষ সংখ্যাৰে কাকতৰ বিপণীবোৰ দেখিল মনত এক ক’ব নোৱৰা শান্তি কঢ়িয়াই আনিছিল। বৰ্তমান বিশেষ সংখ্যা প্ৰকাশ কৰা আলোচনীৰো সংখ্যা হ্ৰাস পালে। জনমভূমিৰ বিশেষ সংখ্যাটো হাতত লৈ এবাৰ চকু ফুৰালোঁ- কেইবাখনো প্ৰবন্ধ, উপন্যাস, গল্প, অনুবাদ সাহিত্য, নাটক, কবিতাৰে এখন আটকধুনীয়া বসন্ত সম্ভাৰ। যি নহওঁক, অন্ততঃ হেজাৰ প্ৰত্যাহ্বানৰ মাজতো কেইখনমান আলোচনীয়ে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এতিয়া দায়িত্ব মাথোঁ পাঠকৰ।
Comments
Post a Comment