বিশ্বনাগৰিক


বিশ্বজনীন
মানৱতাবাদৰ বাৰ্তাৰে দেশ-বিদেশৰ মাটিত অসীম কৃতিত্ব অৰ্জন কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা বিশ্বনাগৰিকত্ব ধাৰণাৰ কিংবদন্তি প্ৰচাৰক। ১৯৪৭ চনতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলম্বিয়া বিশ্ববিদ্যালয়ত গণসংযোগ বিষয়ক গৱেষণা কৰিবলৈ গৈ কৃষ্ণাংগ কণ্ঠশিল্পী প'ল ৰবছনৰ সান্নিধ্যই তেওঁৰ জীৱনলৈ ৰাষ্ট্ৰৰ সীমা অতিক্ৰমী বিশ্বজনীন মানৱতাবাদৰ দৰ্শনৰ এক গভীৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়। পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিতো সেই একেই বিশ্বজনীন দৰ্শনৰ প্ৰভাৱ সজীৱ হৈ উঠে। "A guitar is not a musical instrument, it is a social instrument. The strum of a guitar can alter the way a nation thinks!"- প'ল ৰবচনৰ এই বিখ্যাত উদ্ধৃতিয়ে ডঃ ভূপেন হাজৰিকাৰ হৃদয়লৈ কলা আৰু সংগীতৰ বিপ্লৱৰ জৰিয়তে পৃথিৱী সলনি কৰাৰ বিপ্লৱ জাগ্ৰত কৰিছিল। ৰাষ্ট্ৰই নিৰ্ধাৰণ কৰা চাৰিসীমাৰ উৰ্ধত গৈ বিশ্বৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সমস্যাসমূহৰ ইতিবাচক সমাধানৰ স্বাৰ্থত সবলৰূপত থিয় দিয়াত তেওঁ যত্ন কৰিছিল নিজৰ সৃষ্টিৰাজিৰ যোগেদি। নিজ মাতৃভূমিৰ প্ৰতি এজন দায়বদ্ধ পুত্ৰৰ দায়িত্ব পালন কৰি সমগ্ৰ বিশ্বক নিজৰ একেটা পৰিয়াল হিচাপে গণ্য কৰাৰ দৰ্শন সুধাকণ্ঠৰ সৃষ্টিত বহল ৰূপত প্ৰতিফলিত হয়। 

কিংবদন্তি শিল্পীগৰাকীৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ সময়তে তেওঁৰ জীৱন আৰু দৰ্শনক নতুন দৃষ্টি আৰু পটভূমিৰে বিশ্লেষণ কৰি ভৱিষ্যত প্ৰজন্মলৈ তেওঁৰ চিৰযুগমীয়া সৃষ্টিৰাজিক আগুৱাই নিবলৈ বিভিন্ন প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে। এয়া ইতিবাচক বতৰা। গোলকীয় মানচিত্ৰত অসমৰ লোক-সংস্কৃতিৰ স্বকীয়তাক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সৰ্বকালৰ শ্ৰেষ্ঠ অৱদান আগবঢ়োৱা ব্যক্তিগৰাকীও তেৱেঁই। ২০১৬ চনত সাহিত্যৰ নোবেল বঁটা বিজয়ী সংগীতজ্ঞ বব ডীলনে আজীৱন মানৱতাৰ ন্যায়ৰ বাবে নিজৰ মহান সংগীত যাত্ৰাক উৎসৰ্গিত কৰিলে। সেইদৰেই সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকায়ো অসমীয়া গীতি-সাহিত্যৰ যাত্ৰাক এক নতুন ধাৰাৰ সৃষ্টি কৰি বিশ্বজনীন দৰ্শনেৰে উদ্বুদ্ধ কৰিলে। বিশ্বৰ মানুহক নিজৰ ভাতৃ-ভগ্নী হিচাপে চিন্তা কৰি যাযাবৰী জীৱনক আকোঁৱালি লৈ শিল্পীগৰাকীয়ে আজীৱন দি গ'ল বিশ্বনাগৰিকৰ এক সবল দৃষ্টান্ত। জন্ম শতবাৰ্ষিকী উপলক্ষে মহান শিল্পীগৰাকীক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।  

Comments