সাময়িক প্ৰেক্ষাপট



 (১)

বসন্তৰ আগমনৰ লগে-লগে তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌদিশ কাঞ্চনৰ ৰঙেৰে ৰঙীন হৈ পৰে। এই চৌহদটিলৈ অহাৰ দুটা বসন্ত সম্পূৰ্ণ হোৱাৰ পথত। মাজত মাথোঁ কেইটামান মাহ। বহু ঘটনা, বহু শিক্ষা, বহু মুহূৰ্তৰ সাক্ষী হৈ ৰ’ব এই সময়খিনি। জীৱনৰ একোটা অধ্যায়ৰ শেষৰ সময়ছোৱা সদায় ভিন্নৰঙী হৈ পৰে। অধ্য়ায়টোৰ সাৰাংশ, প্ৰাপ্তি-অপ্ৰাপ্তি, ভৱিষ্যতৰ পৰিকল্পনা ইত্যাদি সকলো অধ্যায়টোৰ শেষৰ এই পৰ্যায়ত পৰিস্ফূট হৈ উঠে। তেজপুৰ বিশ্ববিদ্যালয়ত আমাৰ স্নাতকোত্তৰ শিক্ষা জীৱনৰ এই শেষৰকেইটা দিনত তেনেবোৰ বহু কথাই মগজুত ক্ৰিয়া কৰি আছে। Miles to before I sleepৰ দৃঢ়তাৰে আগবাঢ়ি থকা মোৰ স্বপ্নাতুৰ মনটোৱে ভৱিষ্যতে কোন পথেৰে আগুৱাই যাব- তাৰ চিন্তা-চৰ্চা কৰাৰ এক গুৰুত্বপূৰ্ণ সময় এয়া। কথাবোৰ কেৱল কেৰিয়াৰকেন্দ্ৰিক দৃষ্টিকোণেৰে বিশ্লেষণ কৰিলে নিশ্চয় নহ’ব। জীৱনত নোপোৱা বহু অভিজ্ঞতা-শিক্ষা প্ৰদান কৰিলে এই দুবছৰীয়া সময়ছোৱাই- যিবোৰ জীৱনৰ প্ৰতিটো পদত প্ৰয়োজনীয় হৈ ৰ’ব। বন্ধুত্বৰ সম্পৰ্কও দৃঢ় কৰিলে এই সময়ছোৱাই। নতুন মানুহক লগ পোৱা- তেওঁলোকৰ মনঃস্তাত্বিক দিশবোৰ বুজা- এয়াও এক বৈচিত্ৰময় অভিজ্ঞতা। যি নহওঁক শেষৰকেইটা দিন আৰু অভিজ্ঞতাপুষ্ট হওঁক- নতুন পথৰ পথ প্ৰদৰ্শক হওঁক- তাৰে প্ৰত্যাশাৰে...


(২)

ৰাজ্যত এতিয়া নিৰ্বাচনী বতাহ। আগন্তুক এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ শাসকীয় দল বিজেপিয়ে চৰকাৰৰ বিভিন্ন আঁচনি, কাম-কাজৰ প্ৰচাৰৰ জৰিয়তে জনসাধাৰণৰ কাষ চাপিবলৈ যত্ন কৰিছে। মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ব্যতিক্ৰমী ৰণকৌশলৰ যোগদি ভোটাৰক আকৰ্ষণৰ চেষ্টা অব্যাহত ৰাখিছে। আনহাতে, বিৰোধী কংগ্ৰেছে গৌৰৱ গগৈৰ নেতৃত্বত যুঁজত নমাৰ প্ৰচেষ্টা চলাইছে। ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু এআইইউডিএফে নিজাববীয়াকৈ নিৰ্বাচনৰ প্ৰস্তুতি চলাইছে। এইবাৰৰ নিৰ্বাচনত বিৰোধী দলসমূহে ঐক্যবদ্ধভাৱে বিজেপিক প্ৰতিহত কৰিবলৈ কি কি ৰণকৌশল গ্ৰহণ কৰে- সেয়া হ’ব আটাইতকৈ লক্ষণীয়। বিজেপিয়ে বিকাশৰ দিশটো গুৰুত্ব দিয়াৰ সমান্তৰালভাৱে হিন্দুত্ববাদী আদৰ্শৰে প্ৰচাৰত আগবঢ়াত দেখা গৈছে। আদৰ্শগত ৰাজনীতিৰ ক্ষেত্ৰত বিজপিৰ আগ্ৰাসী মনোভাৱে এইবাৰো কংগ্ৰেছ আৰু বিৰোধী শক্তিৰ বাবে তীব্ৰ প্ৰত্যহ্বানৰ সৃষ্টি কৰিব- সেয়া ইতিমধ্যে স্পষ্ট হৈছে। জনজাতিকৰণ আৰু জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটোৱে কিদৰে নিৰ্বাচনত জনসাধাণৰ মনত প্ৰভাৱ পেলাব- সেয়াও গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। বিভিন্ন প্ৰচাৰ মাধ্যমত বিজেপিয়ে সবল ৰূপত প্ৰচাৰ আৰম্ভ কৰিছে। দলটোৱে জনসম্পৰ্কৰ কেতবোৰ প্ৰভাৱশীল কৌশল নিৰ্মাণ কৰি প্ৰচাৰত গুৰুত্ব দিছে। নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত প্ৰচাৰ আৰু অধিক তীব্ৰতৰ হ’ব। সামগ্ৰিকভাৱে এই প্ৰচাৰসমূহৰ চূড়ান্ত পৰিণতি কি হ’ব- সেয়া সময়েহে ক’ব, জনগণে বিবেক ভোটক প্ৰাধান্য দিয়াতহে বেছি গুৰুত্ব দিয়া সমীচীন।

Comments