অসমৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে এটা পৰ্যায়তে যোৱা ৯ এপ্ৰিলত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ’ল। দুই-এক বিসংগতিক বাদ দি ৰাজ্যৰ প্ৰতিটো সমষ্টিতে ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমেই অনুষ্ঠিত হ’ল। অসমৰ ভোটাৰ ৰাইজ হিলদ’ল ভাঙি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে। নিৰ্বাচন আয়োগে আনুষ্ঠিকভাৱে প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ ভোটদানৰ হাৰ প্ৰায় ৮৫.৯৬ শতাংশ। অসমৰ নিৰ্বাচনী ইতিহাসত এয়া এক অভিলেখসংখ্যক হাৰ। লগতে এক সুস্থিৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত জনসাধাৰণৰ আস্থাৰ প্ৰতিফলন। এইবাৰ বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপি আৰু বিৰোধী জোঁটৰ মাজত আদৰ্শগত যুঁজৰ এক চূড়ান্ত ৰূপ দেখিবলৈ পোৱা গ’ল। শাসকীয় বিজপিয়ে বিগত দহ বছৰীয়া শাসনকালত তেওঁলোকৰ কাম-কাজৰ খতিয়ানৰ যোগেদি ভোটাৰক আকৰ্ষণ কৰাৰ প্ৰচেষ্টা চলালে। বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ় নেতৃত্ব আৰু সবল ভাৱমূৰ্তিৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী প্ৰচাৰত গুৰুত্ব প্ৰদান কৰে। আনহাতে, কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদে শাসকীয় বিজেপিৰ ব্যৰ্থতা, বিভেদৰ ৰাজনীতিক তীক্ষ্ণ সমালোচনা কৰি ভোটাৰক পৰিৱৰ্তনৰ সপক্ষে ভোটদানৰ বাবে আহ্বান জনায়। বিৰোধীৰ গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈ, অখিল গগৈ, জ্ঞানশ্ৰী বৰা, কুংকি চৌধুৰীয়ে সংবাদ মাধ্যমৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। মিঞা, জুবিন গাৰ্গৰ ন্যায়, ধৰ্মীয় আৱেগ, অসমীয়াৰ অস্তিত্ব এই প্ৰসংগকেইটাই নিৰ্বাচনৰ চৰ্চিত বিষয় হৈ ৰ’ল। ৰাজনৈতিক বাক-বিতণ্ডা, উত্তপ্ত পৰিস্থিতিৰ মাজেৰে অৱশেষত নিৰ্বাচনৰ অন্ত পৰিল আৰু এতিয়া সকলোৰে অপেক্ষা ৪ মে’লৈ। ৪ মে’ৰ ফলাফলত স্পষ্ট হ’ব কোন প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিব আৰু অসমৰ জনসাধাৰণে কোনটো ৰাজনৈতিক দলক ৰাজ্যৰ শাসনভাৰৰ দায়িত্ব প্ৰদান কৰিব।
এইবাৰ বিধানসভা নিৰ্বাচনৰ এক বিশেষ মন কৰিবল’গীয়া দিশটো হ’ল- অসমৰ নতুন প্ৰজন্মৰ ইতিবাচক ৰাজনৈতিক সচেতনতাৰ বহিঃপ্ৰকাশ। বিশেষকৈ সামাজিক মাধ্যমযোগে নতুন প্ৰজন্মৰ সচেতন ভোটাৰসকলে বিভিন্ন প্ৰকাৰে সমসাময়িক ৰাজনৈতিক বিষয়সমূহক লৈ এক গঠনমূলক আলোচনা কৰা, নিৰ্বাচনৰ ইতিবাচক-নেতিবাচক দুয়োটা দিশকে লৈ নিজৰ অভিমত প্ৰকাশ কৰা, ৰাজ্যৰ প্ৰতিটো ক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰিব পৰা পদক্ষেপসমূহক লৈ আলোচনা কৰা দিশবোৰে নতুন প্ৰজন্মটোৰ ৰাজনৈতিক সচেতনতা আৰু দায়বদ্ধতাক সবলভাৱে দাঙি ধৰিছে। সামগ্ৰিকভাৱে, এই নিৰ্বাচনত অভিলেখসংখ্যক ভোটদানৰ আঁৰত নৱ-প্ৰজন্মৰ ভোটাৰসকলৰ অৱদান বিশেষভাৱে উল্লেখনীয়। সেয়ে এই নিৰ্বাচনত নৱপ্ৰজন্মৰ ভূমিকাৰ বিষয়টো এক ইতিবাচক দিশ হিচাপে বিবেচনা কৰিব পাৰি।
ভোটযুদ্ধৰ এক উষ্ণ পৰিৱেশৰ পিছত এতিয়া ৰাজ্যৰ চৌদিশে ৰঙালী বিহুৰ উছাহ। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অবিহনে প্ৰথমবাৰৰ বাবে জাতিটোৱে উদযাপন কৰিছে চেনেহৰ বিহুটি। এতিয়াও প্ৰতিটো মুহূৰ্তে জাতিটোৱে অনুভৱ কৰি আছে প্ৰাণৰ শিল্পীজনৰ অপূৰণীয় অভাৱ। তাৰ মাজতে বিহু উদযাপনৰ আনুষ্ঠানিকতা ৰক্ষাৰ বাবে আগবাঢ়িছে ৰাজ্যবাসী। অসমীয়া নতুন বৰ্ষটিয়ে ৰাজ্যলৈ যাতে ইতিবাচক বতৰা কঢ়িয়াই আনিব পাৰে- তাৰে কামনাৰে।

Comments
Post a Comment