স্বাধীনতা আৰু নিয়ন্ত্ৰণ- মানুহৰ বিদ্ৰোহাত্মক চৰিত্ৰৰ প্ৰধান লক্ষ্য। ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি দেশ এখনত নাগৰিকৰ স্বাধীনতা আৰু নিয়ন্ত্ৰণলৈ আধুনিক গণতান্ত্ৰিক ব্যৱস্থাত সফলতা আৰু বিফলতা দুয়োটা দিশেই সমানে বিস্তাৰ কৰি আছে। গণতান্ত্ৰিক ব্যৱস্থাতো সাময়িকভাৱে হ’লেও শাসকীয় শক্তি স্বৈৰতন্ত্ৰৰ ছাঁ লৈ দমনমূলক নীতি গ্ৰহণ কৰে- তাত কোনো সন্দেহ নাই। স্বাধীনোত্তৰ ভাৰতবৰ্ষতো বিভিন্ন সময়ত ভাৰতীয় গণতন্ত্ৰই ইয়াৰ দৃষ্টান্ত পৰিলক্ষিত কৰিছে। জৰ্জ ওৰৱেলৰ প্ৰসিদ্ধ উপন্যাস ‘১৯৮৪’তো তেনেবোৰ বিষয়ৰ ওপৰতে আলোকপাত কৰা হৈছে এক সূক্ষ্ম দৃষ্টিভংগীৰে। বাহুবল, ধনবল অথবা প্ৰশাসনিক বল –এই সকলোধৰণৰ শক্তিয়েই মানুহক প্ৰদান কৰে নিয়ন্ত্ৰণৰ ক্ষমতা। জনসমূহক নিয়ন্ত্ৰণ কৰি নিজৰ নীতি আৰু সুবিধাৰ মতে পৰিচালনা কৰাৰ ক্ষমতা। দেশ এখনৰ নিৰাপত্তা, সাৰ্বভৌমত্ব আৰু সুস্থিৰতাৰ স্বাৰ্থত গণতান্ত্ৰিক নিয়ন্ত্ৰণ অতি আৱশ্যক। কিন্তু তাৰ আঁৰত ব্যক্তিগত তথা দলকেন্দ্ৰিক ৰাজনৈতিক মুনাফা আদায়ৰ লক্ষ্য সীমাহীনভাৱে আগবাঢ়িলেই দেশৰ জনসাধাৰণৰ বাবে হৈ পৰে অতিশয় বিপদজনক। সহজ অৰ্থত, ক’বলৈ গ’লে মূল্যবৃদ্ধিৰ উদাহৰণ দাঙি ধৰিব পাৰি। শেহতীয়াকৈ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ব্যাপক হাৰত বৃদ্ধি পাইছে। যিখন দেশত মধ্যবিত্ত আৰু দৰিদ্ৰ লোকৰ সংখ্যা চাৰিভাগৰ তিনিভাগ, তেনে এখন দেশত চৰকাৰৰ প্ৰাথমিক উদ্দেশ্য হোৱা উচিত আছিল জনসাধাৰণক উপযুক্ত মূল্যত অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা। কিন্তু কিছুসংখ্যক পুঁজিপতিৰ সেৱা-সুশ্ৰুষাত ব্য়স্ত থকা চৰকাৰখনে এইক্ষেত্ৰত গুৰুত্ব দিয়াৰ সলনি হিতাধিকাৰী সৃষ্টিৰ নীতিহে গ্ৰহণ কৰিছে। ক্ষমতাৰ শক্তিয়ে অন্ধ শাসকক অধিক অন্ধ কৰি দিশহীন কৰি তোলে ক্ৰমান্বয়ে।
সাম্প্ৰতিক
চৰকাৰখনে নিজৰ জনসংযোগ আৰু বিজ্ঞাপনৰ মাধ্যমেৰে এনে এক পৰিৱেশ সৃষ্টি কৰিবলৈ
চেষ্টা চলাইছে যে দেশৰ প্ৰতিজন নাগৰিক বৰ্তমান সকলো সমস্যাৰ পৰা মুক্ত হৈ অতি
সুখেৰে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ শাসনকালত। কিন্তু বৰ্তমান দেশৰ
দৰিদ্ৰ আৰু মধ্য়বিত্তৰ জীৱন থকা মূল সমস্যাসমূহৰ আঁৰতে হৈছে শাসনাধীন চৰকাৰখনে
গ্ৰহণ কৰা কেতবোৰ নীতি। পদপদৰ দাঁতিত, দৰিদ্ৰ তথা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা
বহুতো লোক এতিয়াও এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি আছে। অথচ দেশৰ মূলসূঁতিৰ সংবাদ
মাধ্যম ব্যস্ত চৰকাৰৰ মুৰব্বীৰ ব্যক্তিগত জীৱনশৈলীৰ উপকাৰিতাৰ প্ৰচাৰ কৰাত। বিশ্ব
ক্ষুধা সূচাংকত এই বছৰ ভাৰতে ১২২খন দেশৰ ১০০তম্ স্থান লাভ
কৰিছে। ই উন্নয়নৰ পথত অতি বিপদজনক সংকেত। বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাজুৰি চকুত লগাকৈ বিজ্ঞাপন
দিব পৰা পথৰ সংখ্যা বৃদ্ধি হৈছে যদিও সৰু চহৰবোৰত এতিয়াও শোচনীয় যাতায়াত ব্যৱস্থাৰ বাবে মৃত্যু
হোৱা লোকৰ সংখ্যা হ্ৰাস পোৱা নাই। গতিকে বিজ্ঞাপন আৰু শক্তিশালী গণমাধ্যমৰ জৰিয়তে চৰকাৰৰ
ভুৱা প্ৰতিচ্ছবিক বিশ্বাস কৰাৰ সলনি নিজৰ বিচাৰ শক্তিৰে বিষয়সমূহ বিশ্লেষণ কৰা
উচিত।

Comments
Post a Comment