উৎসৱ আহে, উৎসৱ যায়

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন। এই দিনকেইটাৰ শেষত পুনৰ এবাৰ ৰাজ্য দেৱী বন্দনাৰে মুখৰিত হৈ উঠিব। অসমত যি দুটা উৎসৱে সকলো শ্ৰেণীৰ লোকক প্ৰভাৱান্বিত কৰে, সেই দুটা উৎসৱৰ অন্যতম হ'ল- দুৰ্গোৎসৱ। অসমত দুৰ্গোৎসৱৰ ইতিহাস কেইবা শতিকা পুৰণি তথাপি ই মূলতঃ বংগীয় সংস্কৃতিৰ পৰা আমদানিকৃত এক উৎসৱৰেই অন্তৰ্গত। অসমত বছৰৰ বাৰটা মাহে ভিন্ন সমস্যাই উত্তপ্ত কৰি ৰাখে। বানপানী-গৰাখহনীয়া, বিদেশী সমস্যা প্ৰমুখ্যে যিবিলাক সমস্যা অসমৰ সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটতত চিৰজ্বলন্ত সমস্যাৰূপে চিহ্ণিত হৈ আহিছে, অন্ততঃ উৎসৱৰ দিনকেইটাত সংবাদ-মাধ্যমৰ আশীৰ্বাদত অসম সমস্যাহীন হৈ পৰে। গতানুগতিক জীৱন-যাত্ৰাত কিছু সকাহ তথা নতুন উদ্যম লাভ কৰাৰ বাবে নিশ্চিতভাৱে উৎসৱ উদযাপনৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। গতিকে উৎসৱৰ নামত নিজস্ব সংস্কৃতিৰ মৰ্যাদা বিসৰ্জন দিয়াটো সচেতন মহলৰ কাম্য নহয়- এই কথা উৎসৱ আয়োজনকাৰী সকলোৱে নিতান্তই উপলব্ধি কৰা উচিত।  

Comments