যোৱা এটা দশকত অসমৰ বৌদ্ধিক আলোচনাৰ এক চৰ্চিত বিষয় হ'ল- অসমীয়া ভাষাৰ সংকট। অসমীয়া ভাষাৰ সংকট মূলতঃ বিট্ৰিছ শাসনতেই আৰম্ভ হৈছিল, যেতিয়া ঔপনিৱেশিক শাসন তন্ত্ৰই অসমীয়া ভাষাক বাংলাৰ অপভ্ৰংশ বুলি অপবাদ আনি অসমত বাংলা ভাষা জাপি দিছিল। কিন্তু বৰ্তমান এই সংকটৰ মূল কাৰণ হৈছে অসমীয়া মানুহে ভাষাটোৰ প্ৰতি কৰা অৱহেলা। ইয়াৰ বেছি গভীৰলৈ নগৈ আমি আমাৰ চাৰিওফালে এবাৰ দৃষ্টি নিক্ষেপ কৰিলেই হ'ল। নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়োৱাৰ প্ৰৱণতা যিদৰে বাঢ়িছে, সিমানেই নিজৰ মাতৃভাষা আৰু নিজস্ব সংস্কৃতিৰ প্ৰতি অনীহাৰ ভাৱ সৃষ্টি হৈছে। ইংৰাজী মাধ্যমত পঢ়াটো অপৰাধ নহয়, কিন্তু সেই শিক্ষানুষ্ঠানখনত অসমীয়া বিষয়টো গুৰুত্বসহকাৰে স্থান পোৱাটো আমি বিচাৰোঁ। এইখিনতে এটা কথা মন কৰিবলগীয়া, যিসকল অভিভাৱকে নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়ুৱায় তেওঁলোকৰ মনত এক ভুল ধাৰণা আছে। তেওঁলোকৰ মতে, অসমীয়া মাধ্যমত পঢ়ুৱালে ভৱিষ্যতৰ শিক্ষা জীৱনত বহুতো অসুবিধাৰ সৃষ্টি হয়। এই ভুল ধাৰণা সৌমাৰজ্যোতি, জাতীয় বিদ্যালয়, শিশু নিকেতনত অধ্যয়ন কৰি বিদেশলৈ গৱেষণাৰ বাবে যোৱা ছাত্র-ছাত্ৰীসকলে একেমুখে নস্যাৎ কৰিছে। এই সন্দৰ্ভত সৌমাৰজ্যোতি বিদ্যালয়ৰ প্ৰাক্তন ছাত্র-ছাত্ৰীসকলৰ উত্তৰৰ পৰাই সবিশেষ জানিব পাৰি। তেওঁলোকক সোধা হৈছিল- "স্কুলীয়া জীৱনটো অসমীয়া মাধ্যমত পঢ়াৰ ফলত ভৱিষ্যতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল নেকি?" উত্তৰত USৰ University of Kentuckyৰ পৰা Physicsত Phd ডিগ্ৰী লাভ কৰা ডঃ চিৰঞ্জীৱ দত্তই কৈছিল- "শিক্ষাৰ মাধ্যমে কহানিও হেঙাৰৰ সৃষ্টি কৰা নাছিল। বৰঞ্চ সহায়হে কৰিছিল।" Florida Universityৰ পৰা Ph.d প্ৰাপ্ত আৰু বিশিষ্ট ভাষাতত্ত্ববিদ ডঃ প্ৰিয়াংকু শৰ্মাই উত্তৰ দিছিল- "মাতৃভাষাৰ জ্ঞান সৰুৰে পৰাই সঠিকভাৱে পোৱাত আন ভাষা শিকাৰ ক্ষেত্ৰত বহুখিনি সুবিধা হৈছে।" গতিকে এই দুজন প্ৰাক্তন ছাত্ৰৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট যে অসমীয়া মাধ্যমত পঢ়াৰ ফলত ভৱিষ্যত জীৱনত অসুবিধা হোৱাটো চৰম হাস্যকৰ কথাৰ বাহিৰে একো নহয়।
ভাৰতৰ বৰ্তমান উপ-ৰাষ্ট্ৰপতি এম. ভেংকেয়া নাইডু এগৰাকী আদৰ্শৱান ব্যক্তি। ৰাজনৈতিক আদৰ্শৰ ফালৰ পৰা নহ'লেও চিন্তাশীল ব্যক্তিত্বৰ বাবে আমি তেওঁৰ এগৰাকী অনুৰাগী। ২০১৭ চনত "অসমীয়া প্ৰতিদিন" কাকতত তেওঁৰ এটা অনুদিত লেখা পঢ়িছিলোঁ। লেখাটোত বৰ্ণনা কৰা এটা অভিজ্ঞতা নিশ্চিতভাৱে প্ৰতিজন পাঠকৰ চিন্তাৰ উন্মেষণ ঘটাব। এবাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ৰাছিয়া, স্পেইন, জাৰ্মানৰ ৰাষ্ট্ৰদূতসকলৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকখনত অংশ লৈছিল সেই সময়ৰ কেবিনেট মন্ত্ৰী নাইডুয়ে। বৈঠকৰ গোটেই সময়ছোৱাত প্ৰতিজনে নেতাই নিজৰ নিজৰ মাতৃভাষা ব্যৱহাৰ কৰিছিল, তাত থকা বিষয়াসকলে ব্যক্তব্যবোৰ সকলোৱে বুজি পোৱাকৈ অনুবাদ কৰিছিল। বিদেশৰ লোকসকল নিজৰ ভাষাক লৈ কিমান সচেতন ইয়াৰ পৰাই অনুমান কৰিব পাৰি। এম. ভেংকেয়া নাইডু দাক্ষিণাত্যৰ এগৰাকী সংস্কৃতিৱান ব্যক্তি। ২০১৭ত তেওঁ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। সদায় পৰম্পৰাগত সাজপাৰ পৰিধান কৰা নাইডুক ফলাফলৰ দিনা এগৰাকী সাংবাদিক বন্ধুৱে ধেমালি কৰি কৈছিল,"আজিৰে পৰা আপুনি উপ-ৰাষ্ট্ৰপতি হ'ল যেতিয়া Dress নিশ্চয় সলনি কৰিব।" তেতিয়া হাঁহি-হাঁহি নাইডুৱে উত্তৰ দিছিল, "No Dress, Only Address."
নিজস্ব ভাষা আৰু সংস্কৃতিয়েই আমাৰ প্ৰথম পৰিচয়। এয়া উপলব্ধি কৰাৰ আজিয়েই অন্তিম সুযোগ। নহ'লে অদূৰ ভৱিষ্যতে আমি নিজস্ব পৰিচয়ো হেৰুৱাই পেলাম।
নিজস্ব ভাষা আৰু সংস্কৃতিয়েই আমাৰ প্ৰথম পৰিচয়। এয়া উপলব্ধি কৰাৰ আজিয়েই অন্তিম সুযোগ। নহ'লে অদূৰ ভৱিষ্যতে আমি নিজস্ব পৰিচয়ো হেৰুৱাই পেলাম।
Comments
Post a Comment